NORTHEAST NOW (Assamese)

ৰাজ্যৰ প্ৰতিখন জিলাত শীতলীকৰণ কেন্দ্ৰ স্থাপনৰ ঘোষণা কৃষি মন্ত্ৰী অতুল বৰাৰ

June 7, 2020 6:36 pm · উত্তম শইকীয়া
Updated: June 7, 2020 10:23 pm
অতুল বৰা

বোকাখাতৰ কাজিৰঙা নিউজ নেটৱৰ্কৰ দ্বাৰা পৰিচালিত কে এন এন বোকাখাত লাইভৰ কিটচেন গাৰ্ডেন প্ৰতিযোগিতাৰ আজি বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হয় ৷

বোকাখাতৰ মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই অনুষ্ঠানত অংশগ্ৰহণ কৰি বোকাখাতৰ বিধায়ক তথা কৃষি মন্ত্ৰী অতুল বৰাই কয় যে, ল’কডাউনৰ সময়ত বিপদাগ্ৰস্ত কৃষকৰ বাবে কৃষি বিভাগে ৮০ কোটি টকাৰ কিটচেন গাৰ্ডেন নামৰ এক আঁচনি হাতত লৈছিল ৷ এই আঁচনিৰ সফল ৰূপায়নৰে ৰাজ্যত ৮০ কোটি টকাৰ শস্য উৎপাদন হ’ব বুলি আমি আশাবাদী ৷

এই ক্ষেত্ৰত ৰাজ্যৰ ভিতৰত বোকাখাতত কাজিৰঙা নিউজ নেটৱৰ্কে প্ৰথম বাৰৰ বাবে কৃষকৰ মাজত কিটচেন গাৰ্ডেনৰ প্ৰতিযোগিতাৰ আয়োজন কৰি কৃষকৰ মাজত এক সজাগতাৰ সৃষ্টিৰ বাবে লোৱা পদক্ষেপ সঁচাকৈয়ে প্ৰশংসনীয় বুলিও অতুল বৰাই মন্তব্য কৰে ৷

ল’কডাউনৰ সময়ত সকলোতে স্থানীয় কৃষিজাত সামগ্ৰীৰ চাহিদা বৃদ্ধি পাইছে আৰু ইয়াৰ বাবে স্থানীয় কৃষিত ৰাসায়নিক সাৰ আৰু কীটনাশক ঔষধ যাতে ব্যৱহাৰ নহয় তাৰ বাবে এতিয়াৰে পৰা কৃষি বিভাগ কঠোৰ হ’ব বুলিও তেওঁ মন্তব্য কৰে ৷

কৃষকৰ সুবিধৰ্থে প্ৰতিখন জিলাতে একোটাকৈ শিতলীকৰণ কেন্দ্ৰ স্থাপন কৰাৰ পৰিকল্পনা কৰাৰ উপৰিও কৃষি জাত সামগ্ৰী  বিপননৰ বাবে ভেণ্ডৰো নিয়োগৰ বাবে কৃষি বিভাগে চিন্তা কৰিছে বুলি অতুল বৰাই মন্তব্য কৰে ৷

আজিৰ এই অনুষ্ঠানত মন্ত্ৰী গৰাকীৰ লগতে বোকাখাতৰ মহকুমাধিপতি বিবেক শ্যাম , জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া অভিজিত বৰুৱা আৰু বোকাখাতৰ ৰাজহ চক্ৰ বিষয়া মানস নাথো উপস্থিত থাকে ৷

প্ৰথম বাৰৰ বাবে আয়োজিত এই প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে বোকাখাত ক’লাখোৱাৰ নিৰুপমা বৰা তামুলী দ্বিতীয় স্থান লাভ কৰে ভূপেন দত্ত আৰু তৃতীয় স্থান যুটীয়াভাৱে লাভ কৰে সঞ্জীৱ হাজৰিকা আৰু মুকুল ডেকাই ৷

কাজিৰঙা নিউজ নেটৱৰ্কৰ সচিব প্ৰদ্যুত মহন্তই আঁত ধৰা এই অনুষ্ঠানত বিজয়ী কৃষকৰ লগতে প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰা ২০ গৰাকী প্ৰতিযোগী কৃষকক বঁটা আৰু মানপত্ৰ প্ৰদান কৰা হয় ৷

Related News