• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মাহে ১০০ কোটি টকা সংগ্ৰহৰ নিৰ্দেশ গৃহমন্ত্ৰীৰ : শীর্ষ আৰক্ষী বিষয়াৰ বিস্ফোৰক অভিযোগ; ক’ত?

এন ই নাও নিউজ by এন ই নাও নিউজ
March 21, 2021 11:01 am
param-bir-singh-amey
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহাৰাষ্ট্ৰৰ এক শীৰ্ষ আৰক্ষী বিষয়াৰ বিস্ফোৰক অভিযোগে তোলপাৰ লগাইছে সমগ্ৰ দেশত।

মুম্বাইৰ প্ৰাক্তন আৰক্ষী আয়ুক্ত পৰমবীৰ সিঙে শনিবাৰে মহাৰাষ্ট্ৰৰ গৃহমন্ত্ৰী অনিল দেশমুখৰ বিৰুদ্ধে প্ৰতি মাহে ১০০ কোটি সংগ্ৰহৰ নিৰ্দেশ দিয়া বুলি অভিযোগ উত্থাপন কৰি মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰলৈ পত্ৰ প্ৰেৰণ কৰিছে।

Apply Now

পত্ৰখনত সদ্য নিলম্বিত আৰক্ষী বিষয়া শচীন ৱাজেক গৃহমন্ত্ৰী গৰাকীয়ে এই ধন সংগ্ৰহৰ নিৰ্দেশ দিয়া বুলি উল্লেখ কৰা হৈছে।

ইয়াৰ পিছতে মহাৰাষ্ট্ৰৰ ৰাজনীতিত ধুমুহাৰ সৃষ্টি হোৱা দেখা গৈছে।

৮ পৃষ্ঠাৰ পত্ৰখনত আৰক্ষী বিষয়াগৰাকীয়ে লগতে উল্লেখ কৰিছে যে, প্ৰকৃত দোষীসকলৰ পৰা মনোযোগ আঁতৰবালৈ তেওঁক বলিৰ পাঠা সজোৱা হৈছে।

পত্ৰখনৰ এটা প্ৰতিলিপি উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰ, অতিৰিক্ত গৃহ সচিব আৰু মহাৰাষ্ট্ৰৰ ৰাজ্যপাললৈ প্ৰেৰণ কৰা হৈছে। ইফালে ৰাজ্যপাল ভগত সিং কোশিয়াৰিৰ কাৰ্যালয়ে শনিবাৰে সন্ধিয়া ৪.৩৬ বজাত এই প্ৰত্ৰখন লাভ কৰা বুলি প্ৰকাশ কৰিছে।

এই বিস্ফোৰক অভিযোগৰ পিছতে মহাৰাষ্ট্ৰৰ গৃহমন্ত্ৰী অনিল দেশমুখে টুইটাৰ যোগে তেওঁৰ বিৰুদ্ধে উঠা অভিযোগ খণ্ডন কৰিছে।

“প্ৰাক্তন আৰক্ষী আয়ুক্ত পৰমবীৰ সিঙে শচীন ৱাজে জড়িত থকা মনসুখ হেৰেনৰ গোচৰটোৰ পৰা নিজকে বচাবলৈ এই মিছা অভিযোগ কৰিছে, কাৰণ গোটৰটোৰ তদন্তত শচীন ৱাজেই জড়িত থকাটো স্পষ্ট হৈ পৰিছে।”

পত্ৰখনত অভিযোগৰাকী পৰমবীৰ সিঙে গৃহমন্ত্ৰীৰ চৰকাৰী আৱাস দ্যেনেশ্বৰীত অন্য আৰক্ষী বিষয়াৰে এই সম্পৰ্কে অৰ্থাৎ ধন সংগ্ৰহৰ বিষয়ে গৃহমন্ত্ৰী অনিল দেশমুখৰ আলোচনাৰ বিৱৰণো দিছে।

ইফালে শচীন ৱাজেই পৰমীবৰ সিঙৰ কাৰ্যালয়লৈ আহি তেওঁক গৃহমন্ত্ৰীয়ে মাহে ১০০ কোটি টকা সংগ্ৰহ কৰিবলৈ দিয়াৰ কথা জনোৱা বুলি পত্ৰখনত উল্লেখ কৰি কৈছে যে শচীন ৱাজেৰ পৰা মুখৰ পৰা এই কথা শুনি তেওঁ আশ্চৰ্যচকিত হৈ পৰিছিল।

“মাননীয় গৃহমন্ত্ৰীয়ে শ্ৰী ৱাজেক কৈছিল যে তেওঁ মাহত ১০০ কোটি টকা সংগ্ৰহৰ লক্ষ্য লৈছে। এই লক্ষ্য পূৰাবলৈ মাননীয় গৃহ মন্ত্ৰীয়ে শ্ৰী ৱাজেক কৈছিল যে মুম্বাইত প্ৰায় ১,৭৫০ বাৰ, ৰেষ্টুৰেণ্ট আৰু অন্যান্য প্ৰতিষ্ঠান আছে আৰু যদি তাৰ পৰা ২-৩ লাখ টকা সংগ্ৰহ কৰা হয়, তেন্তে মাহিলি ৪০-৫০ কোটি টকা সংগ্ৰহ হ’ব। মাননীয় গৃহমন্ত্ৰীয়ে লগতে কৈছিল যে বাকী টকাখিনি আন উৎসৰ পৰা সংগ্ৰহ কৰিব পাৰি।” পত্ৰখন এইদৰে উল্লেখ কৰিছে পৰমবীৰ সিঙে।

কিছুদিন পূৰ্বে ভাৰতৰ আটাইকৈ ধনাৰ্ঢ্য ব্যক্তি মুকেশ আম্বানি বাসগৃহৰ সন্মুখত বিস্ফোৰক ভৰ্তি গাড়ী জব্দ কৰিছিল মুম্বাই আৰক্ষীয়ে। ইয়াৰ পিছতে মুকেশ নিৰাপত্তা প্ৰদানত ব্যৰ্থ হোৱাৰ অভিযোগ তুলি মুম্বাই আৰক্ষী আয়ুক্ত পদৰ পৰা পৰমবীৰ সিঙক বদলি কৰা হৈছিল।

আনফালে মনসুখ হেৰেনৰ গোচৰত জড়িত থকাৰ অভিযোগত NIA-এ শচীন ৱাজেক ইতিমধ্যে গ্ৰেপ্তাৰ কৰাৰ পিছত নিলম্বন কৰিছিল মহাৰাষ্ট্ৰৰ গৃহমন্ত্ৰীয়ে।

উল্লেখ্য যে মহাৰাষ্ট্ৰৰ দুই শীৰ্ষ আৰক্ষী বিষয়া পৰমবীৰ সিং আৰু শচীন ৱাজে দুটো অতি ঘনিষ্ঠ বুলি সৰ্বজনবিদিত।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আৰু বিশ্বকাপ নেখেলে নেকি? জনালে বিৰাট কোহলীয়ে

আৰু বিশ্বকাপ নেখেলে নেকি? জনালে বিৰাট কোহলীয়ে

September 26, 2026 5:00 pm
নাগালেণ্ডত বিষাক্ত সুৰাৰ বাবে অকালতে প্ৰাণ গ’ল ১৯ জনৰ, ৩০০০টা বটল জব্দ

নাগালেণ্ডত বিষাক্ত সুৰাৰ বাবে অকালতে প্ৰাণ গ’ল ১৯ জনৰ, ৩০০০টা বটল জব্দ

September 26, 2026 3:56 pm
দেশত এবছৰত ধৰ্ষণৰ বলি ৪৩ হাজাৰ নাবালিকা; এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক ছবি

দেশত এবছৰত ধৰ্ষণৰ বলি ৪৩ হাজাৰ নাবালিকা; এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক ছবি

September 26, 2026 2:59 pm
ৰাম মন্দিৰৰ দক্ষিণা চুৰি কাণ্ডৰ তদন্তত গাফিলতি: অভিযোগনামাৰ পৰা বাদ পৰিল বেংক কৰ্মচাৰী আৰু ন্যাসৰ বিষয়াৰ নাম

ৰাম মন্দিৰৰ দক্ষিণা চুৰি কাণ্ডৰ তদন্তত গাফিলতি: অভিযোগনামাৰ পৰা বাদ পৰিল বেংক কৰ্মচাৰী আৰু ন্যাসৰ বিষয়াৰ নাম

September 26, 2026 2:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আৰু বিশ্বকাপ নেখেলে নেকি? জনালে বিৰাট কোহলীয়ে

আৰু বিশ্বকাপ নেখেলে নেকি? জনালে বিৰাট কোহলীয়ে

September 26, 2026 5:00 pm
নাগালেণ্ডত বিষাক্ত সুৰাৰ বাবে অকালতে প্ৰাণ গ’ল ১৯ জনৰ, ৩০০০টা বটল জব্দ

নাগালেণ্ডত বিষাক্ত সুৰাৰ বাবে অকালতে প্ৰাণ গ’ল ১৯ জনৰ, ৩০০০টা বটল জব্দ

September 26, 2026 3:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd