NORTHEAST NOW (Assamese)

কলেজ শিক্ষক নিযুক্তিৰ পৰীক্ষাই উচ্চ শিক্ষাক ভেকোভাওনালৈ ৰূপান্তৰ কৰিব : এছ এফ আই-ডি ৱাই এফ আই

November 22, 2024 4:43 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

আজি ২২ নৱেম্বৰ তাৰিখে এছ এফ আই  আৰু ডি ৱাই এফ আইৰ ৰাজ্যিক কমিটিয়ে তেখেতলোকৰ কাৰ্যালয়ত এক সংবাদমেল আয়োজন কৰে। সংবাদমেল সম্বোধন কৰে এছ এফ আইৰ ৰাজ্যিক কমিটিৰ সদস্য ৰাজদ্বীপ মহন্ত আৰু ডি ৱাই এফ আইৰ ৰাজ্যিক যুটীয়া সম্পাদক নিৰংকুশ নাথে।

সংবাদ মেলত নিম্ন উল্লেখিত বিষয়সমূহ তুলি ধৰা হয়:

কলেজ শিক্ষক নিযুক্তি সম্পৰ্কত চৰকাৰে এক নতুন প্ৰক্ৰিয়া আৰম্ভ কৰিব বিচাৰিছে। এই নতুন নিযুক্তি প্ৰক্ৰিয়াই অসমৰ উচ্চ শৈক্ষিক ব্যৱস্থাটোক পৰিকল্পিতভাৱে ধ্বংস কৰাৰ লগতেই শিক্ষাৰ্থীসকলৰ কাৰণে এক ভয়াবহ ভৱিষ্যত কঢ়িয়াই আনিব। এই নতুন নিয়ম অনুসৰি অসমত কলেজ শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত এক পৰীক্ষা অনুষ্ঠিত কৰা হব। ৯০ নম্বৰৰে লিখিত পৰীক্ষা আৰু ১০ নম্বৰৰে ইন্টাৰভিউ ব্যৱস্থাৰে এই পৰীক্ষাটো অনুষ্ঠিত হব। কিন্তু এই নিৰ্দিষ্ট পৰীক্ষাটোৰ বাবে যি চিলেবাছ তথা পাঠ্যক্ৰম নিৰ্ধাৰণ কৰা হৈছে, সেয়া অতিকৈ চিন্তনীয়। পৰিতাপৰ বিষয় যে গোটেই চিলেবাছখনত কেৱলমাত্ৰ ইন্টাৰভিউতহে বিষয় ভিত্তিক জ্ঞানৰ ক্ষেত্ৰত মাত্ৰ ৫ নম্বৰ নিৰ্ধাৰণ কৰা হৈছে আৰু সমান্তৰালভাৱে অন্য কিছুমান বিষয় যি সমূহ প্ৰশাসনিক পৰীক্ষাৰ বাবে প্ৰয়োজনীয়, সেইসমূহত অধিক নম‌্বৰ তথা গুৰুত্ব প্ৰদান কৰা হৈছে। অৰ্থাৎ ৰসায়ন বিজ্ঞান বিভাগৰ এজন শিক্ষকে ৰসায়ন বিদ্যাৰ সম্পৰ্কে জনাতকৈ চৰকাৰী আঁচনি সম্পৰ্কে অধিক জনাটোতহে এই পৰীক্ষাটোৱে গুৰুত্ব আৰোপ কৰিছে। এজন কলেজ শিক্ষকৰ মূলতঃ চৰ্তটোৱেই হব লাগে নিজৰ বিষয়ৰ ওপৰত দক্ষতা। এজন পদাৰ্থ বিজ্ঞানৰ শিক্ষক বা ৰসায়ন বিজ্ঞানৰ শিক্ষকে চৰকাৰী আঁচনি সম্পৰ্কে অধিক জনাতকৈ নিজৰ বিষয়ৰ ওপৰত অধিক জনাটো অতি প্ৰয়োজন। কলেজ শিক্ষক আৰু প্ৰশাসনিক বিষয়াৰ মাজত কিছুমান মৌলিক পাৰ্থক্য থাকে। তেনে ক্ষেত্ৰত তুলনামূলকভাৱে অসম লোকসেৱা আয়োগৰ পাঠ্যক্ৰম কলেজ শিক্ষকসকলৰ বাবে নিৰ্ধাৰণ কৰি চৰকাৰে কলেজ শিক্ষকক প্ৰশাসনিক বিষয়া লৈ  ৰূপান্তৰ কৰি  উচ্চশিক্ষাক এক ভেকোভাওনালৈ পৰিৱৰ্তন কৰিব।

তাতোকৈ পৰিতাপৰ কথা যে উচ্চ শিক্ষাৰ মূলতঃ স্তম্ভটোৱেই হৈছে গৱেষণা। এই গৱেষণাৰ লগত সমাজৰ বৌদ্ধিক পৰিৱেশটোৰ এক সম্পৰ্ক আছে। কিন্তু এই নতুন নিযুক্তিৰ নিয়মে গুণগত গৱেষণাক সম্পূৰ্ণভাৱে গুৰুত্বহীন কৰি তুলিছে। গৱেষণা কেৱলমাত্ৰ প্ৰমোচনৰ এক চৰ্ত হৈ পৰিছে।

তাৰ লগতেই এই গোটেই পৰীক্ষাৰ পাঠ্যক্ৰমটোৱে কিছুমান কোচিং মাফিয়াকে সৃষ্টি কৰিব আৰু দৰিদ্ৰ শিক্ষাৰ্থীসকল বঞ্চিত হব।

এই প্ৰক্ৰিয়াই UGC ৰ নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাৰ লগতেই গৱাৰ্নিং বডি সমূহৰ ক্ষমতা লাঘৱ কৰি দিছপুৰৰ হাতত অধিক ক্ষমতা অৰ্পন কৰিব।

চৰকাৰৰ এই টোগলকী সিদ্ধান্তৰ বিৰুদ্ধে এছ এফ আই আৰু ডি ৱাই এফ আই – এ তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব আৰু এই আন্দোলনত ছাত্ৰ ,যুৱ, শিক্ষক আৰু শৈক্ষিক সমাজক অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।

Related News