দক্ষিণ আমেৰিকাৰ ৰাষ্ট্ৰ কলম্বিয়াত সংঘটিত এক ভয়ংকৰ সামৰিক বিমান দুৰ্ঘটনাত কমেও ৬৬ জন জোৱানৰ প্ৰাণহানি ঘটিছে। সোমবাৰে কলম্বিয়াৰ পুৱেৰ্টো লেগুইজামো অঞ্চলত উৰণৰ কিছু সময়ৰ পাছতেই ১২৮ জন যাত্ৰী কঢ়িয়াই নিয়া এখন সামৰিক পৰিবহণ বিমান বিমানবন্দৰৰ পৰা প্ৰায় দুই কিলোমিটাৰ দূৰত্বত দুৰ্ঘটনাত পতিত হয়। এই ভয়াৱহ ঘটনাত বহুসংখ্যক লোক আহত হোৱাৰ লগতে ৪ জন জোৱান বৰ্তমানো সন্ধানহীন হৈ আছে। অৱশ্যে দেশখনৰ সামৰিক কৰ্তৃপক্ষ আৰু প্ৰতিৰক্ষা মন্ত্ৰালয়ে এই দুৰ্ঘটনাত কোনো বিদ্ৰোহী গোটৰ আক্ৰমণৰ সম্ভাৱনাক স্পষ্টভাৱে নস্যাৎ কৰি ইয়াক এক যান্ত্ৰিক বিজুতিৰ ফলশ্ৰুতি বুলি প্ৰকাশ কৰিছে।
প্ৰাপ্ত তথ্য অনুসৰি, দুৰ্ঘটনাগ্ৰস্ত বিমানখনত মুঠ ১২৮ জন লোক আছিল, যাৰ ভিতৰত ১১৫ জন সেনা জোৱান, ১১ জন কৰ্মচাৰী আৰু ২ জন ৰাষ্ট্ৰীয় আৰক্ষীৰ লোক আছিল। কলম্বিয়াৰ সশস্ত্ৰ বাহিনীৰ মুৰব্বী জেনেৰেল হিউগো আলেজাণ্ড্ৰো ল’পেজ বাৰেটোৱে জানিবলৈ দিয়া মতে, উদ্ধাৰকাৰী দলে ইতিমধ্যে ৫৭ জন লোকক দুৰ্ঘটনাস্থলীৰ পৰা সুৰক্ষিতভাৱে স্থানান্তৰ কৰিবলৈ সক্ষম হৈছে। সংবাদ মাধ্যমৰ আগত দুখ প্ৰকাশ কৰি তেওঁ কয়, “এই কৰুণ দুৰ্ঘটনাৰ ফলত আমাৰ ৬৬ জন সামৰিক জোৱানৰ মৃত্যু হৈছে। বৰ্তমানলৈকে আমাৰ হাতত এনে কোনো তথ্য নাই যিয়ে ইয়াক কোনো অবৈধ সশস্ত্ৰ গোটৰ আক্ৰমণ বুলি প্ৰমাণ কৰে।”
পুৱেৰ্টো লেগুইজামো অঞ্চলটো কলম্বিয়াৰ পুটুমায়ো প্ৰদেশত অৱস্থিত, যিয়ে ইকুৱেডৰ আৰু পেৰুৰ সীমান্ত স্পৰ্শ কৰে। দুৰ্ঘটনাৰ লগে লগে স্থানীয় ৰাইজে মটৰচাইকেলেৰে আহত সেনা জোৱানসকলক চিকিৎসালয়লৈ লৈ যোৱাৰ লগতে জুই নুমুৱাবলৈ অহোপুৰুষাৰ্থ কৰে। চহৰখনৰ উপ-মেয়ৰ কাৰ্লছ ক্লাৰোছে স্থানীয় টেলিভিছন চেনেলৰ আগত ৰাইজৰ এই প্ৰচেষ্টাক শলাগ লৈ কয়, “মই পুৱেৰ্টো লেগুইজামোৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰোঁ যিসকলে দুৰ্ঘটনাত পতিতসকলক সহায় কৰিবলৈ ওলাই আহিছিল।” চহৰখনৰ দুখন চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদানৰ অন্তত আহতসকলক উন্নত চিকিৎসাৰ বাবে ৰাজধানী বোগোটা আৰু অন্যান্য চহৰলৈ প্ৰেৰণ কৰা হৈছে। কলম্বিয়াৰ বায়ুসেনাৰ কমাণ্ডাৰ কাৰ্লছ ফাৰ্নাণ্ডো চিলভাই উল্লেখ কৰা অনুসৰি, আহতসকলক স্থানান্তৰ কৰিবলৈ ৭৪খন বিচনাযুক্ত দুখন বিশেষ চিকিৎসা বিমান দুৰ্ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হৈছে।
কলম্বিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী পেড্ৰো ছানচেজে ছচিয়েল মিডিয়াযোগে প্ৰকাশ কৰা মতে, বিমানখনে পুটুমায়োৰ আন এখন চহৰলৈ সেনা জোৱানসকলক কঢ়িয়াই নিছিল। তেওঁ দেশবাসীৰ বাবে এই ঘটনাক এক গভীৰ যন্ত্ৰণাদায়ক বিষয় বুলি উল্লেখ কৰি কয় যে তেওঁলোকৰ প্ৰাৰ্থনাই এই যন্ত্ৰণা কিছু পৰিমাণে লাঘৱ কৰাত সহায় কৰিব বুলি তেওঁ আশাবাদী। আনহাতে, কলম্বিয়াৰ সামৰিক বিশ্লেষক তথা বিমান বিশেষজ্ঞ এৰিখ ছাউমেথে প্ৰকাশ কৰা অনুসৰি, সোমবাৰে বিধ্বস্ত হোৱা হাৰকিউলিছ চি-১৩০ (Hercules C-130) বিমানখন ২০২০ চনত আমেৰিকা যুক্তৰাষ্ট্ৰই কলম্বিয়াক প্ৰদান কৰিছিল। ২০২৩ চনত ইয়াৰ ইঞ্জিন আৰু গুৰুত্বপূৰ্ণ অংশসমূহৰ বিতং পৰীক্ষণ সম্পন্ন কৰা হৈছিল বাবে উন্নত যন্ত্ৰাংশৰ অভাৱত এই দুৰ্ঘটনা হোৱা নাই বুলি বিশেষজ্ঞগৰাকীয়ে মত প্ৰকাশ কৰিছে। সমগ্ৰ ঘটনাৰ প্ৰকৃত কাৰণ জানিবলৈ ইতিমধ্যে এক উচ্চ পৰ্যায়ৰ তদন্ত আৰম্ভ কৰা হৈছে।





