• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অৱতৰণৰ পূৰ্বে দুৰ্ঘটনাগ্ৰস্ত কলম্বিয়াৰ বিমান; সাংসদসহ ১৫ জনৰ মৃত্যু, দুৰ্ঘটনা নে আন কিবা?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 29, 2026 3:11 pm
16
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বুধবাৰৰ পৰা সন্ধানহীন হৈ আছিল কলম্বিয়াৰ এখন বিচক্ৰাফ্ট ১৯০০ বিমান। অৱশেষত কলম্বিয়াৰ বিষয়াসকলে বিমানখনৰ ধ্বংসাৱশেষ বিচাৰি উলিয়াইছে।

স্থানীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি দুৰ্ঘটনাটোৰ পৰা কোনো যাত্ৰী জীৱিত নাই। বিমানখনত থকা ১৩ জন যাত্ৰী আৰু ২ জন ক্ৰুৱে প্ৰাণ হেৰুৱাইছে। যাত্ৰীসকলৰ ভিতৰত আছিল কলম্বিয়াৰ এজন সাংসদ। তদুপৰি যাত্ৰীসকলৰ মাজত আগন্তুক নিৰ্বাচনৰ এজন প্ৰাৰ্থীও আছিল।

Apply Now

বাতৰি অনুসুৰি, কলম্বিয়া আৰু ভেনিজুৱেলাৰ ওচৰত ১৫ জন যাত্ৰী কঢ়িয়াই অনা এখন বাণিজ্যিক বিমান সন্ধানহীন হৈ পৰে। কলম্বিয়াৰ বিমান পৰিবহণ বিষয়া আৰু দেশখনৰ বিমান সংস্থা ছাটেনাই জনোৱা মতে, বিমানখন শেষবাৰৰ বাবে কাটাটুম্বো অঞ্চলত দেখা গৈছিল। তাৰ পিছত আৰম্ভ হ’ল অনুসন্ধান।

বুধবাৰে পুৱা ১১.৪২ বজাত কাকুটৰ পৰা উৰা মাৰে এন এছ ই ৮৮৪৯ বিমানখন। তাৰ পিছত অৱতৰণ কৰাৰ মাত্ৰ ১১ মিনিট আগতে ইয়াৰ সৈতে যোগাযোগ নোহোৱা হৈ গ’ল। তাৰ পিছত, বিমানখনৰ চূড়ান্ত স্থানৰ সন্ধান আৰম্ভ হ’ল। ইয়াৰ পিছতে কাটাটুম্বোৰ পাহাৰীয়া অঞ্চলত বিমানখনৰ ধ্বংসাৱশেষ উদ্ধাৰ হয়।

বিশেষজ্ঞসকলৰ মতে এই অঞ্চলৰ বতৰ একেবাৰে ভাল নহয়। ইয়াৰ উপৰিও ইয়াত বিপদজনক পাহাৰ আছে। ফলত অনুসন্ধান অভিযানত বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হ’ল।

এই বিষয়ত বৰ্তমান বিশেষ একো ক’ব পৰা হোৱা নাই। কলম্বিয়াৰ অসামৰিক বিমান পৰিবহণ সংস্থাৰ বিষয়াসকলে বিমানখনৰ ধ্বংসাৱশেষ পৰীক্ষা কৰিবলৈ আৰম্ভ কৰিছে। তেতিয়াহে গম পোৱা যাব যে বেয়া বতৰৰ বাবে  নে কোনো কাৰিকৰী বিজুতিৰ বাবে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হৈছে।

দৰাচলতে এই বিমান দুৰ্ঘটনাৰ পিছত কলম্বিয়াৰ মহাকাশ বাহিনী আৰু অসামৰিক বিমান পৰিবহণ কৰ্তৃপক্ষ জড়িত হৈ পৰিছিল। যৌথভাৱে অভিযান চলায়। লগতে এটা হেল্পলাইন নম্বৰ মুকলি কৰে। আৰু সেই বিমানখনৰ ধ্বংসাৱশেষ অৱশেষত পোৱা গ’ল। জানিব পৰা মতে বিমানখনত থকা ১৫জন লোকেই প্ৰাণ হেৰুৱাইছে।

ভাৰতৰ পৰা কলম্বিয়ালৈকে ইখনৰ পিছত সিখন বিমান দুৰ্ঘটনা চৰ্চালৈ আহিছে, সাধাৰণ মানুহৰ মনত ভয় বাঢ়িছে। কাৰণ, বুধবাৰে অজিত পাৱাৰৰ বিমান দুৰ্ঘটনাগ্ৰস্ত হয়। তাত অজিত পাৱাৰকে ধৰি সেই বিমানত থকা সকলোৰে মৃত্যু হয়। ইয়াৰ মাজতে কলম্বিয়াত হোৱা বিমান দুৰ্ঘটনাত মৃত্যুৰ খবৰ পোহৰলৈ আহিছে। যাৰ বাবেই বিমান যাত্ৰীৰ মনত ভয় বাঢ়িছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অৰুণাচলৰ চাংলাঙৰ আছাম ৰাইফলছৰ চকীত উগ্ৰপন্থীৰ আক্ৰমণ; তালাচী অভিযান অব্যাহত

অৰুণাচলৰ চাংলাঙৰ আছাম ৰাইফলছৰ চকীত উগ্ৰপন্থীৰ আক্ৰমণ; তালাচী অভিযান অব্যাহত

August 14, 2026 11:43 am
চীনৰ ‘ছেডো নেটৱৰ্ক’ত ভাৰত! আমেৰিকাৰ প্ৰতিবেদনত নতুন দিল্লীৰ বিৰুদ্ধে ডাঙৰ অভিযোগ

চীনৰ ‘ছেডো নেটৱৰ্ক’ত ভাৰত! আমেৰিকাৰ প্ৰতিবেদনত নতুন দিল্লীৰ বিৰুদ্ধে ডাঙৰ অভিযোগ

August 14, 2026 10:50 am
কাজিৰঙা পৰিৱেশ সংবেদনশীল অঞ্চল ১ কিলোমিটাৰলৈ সংকুচিত কৰাৰ বিৰুদ্ধে সকীয়ালে পৰিৱেশবিদ যাদৱ পায়েঙে

কাজিৰঙা পৰিৱেশ সংবেদনশীল অঞ্চল ১ কিলোমিটাৰলৈ সংকুচিত কৰাৰ বিৰুদ্ধে সকীয়ালে পৰিৱেশবিদ যাদৱ পায়েঙে

August 14, 2026 9:41 am
চামোলী সুৰংগত ভূমিস্খলন, পানী সোমাই যোৱাৰ ফলত নিহত ৭ জন শ্ৰমিক, আহত ১৪ জন

চামোলী সুৰংগত ভূমিস্খলন, পানী সোমাই যোৱাৰ ফলত নিহত ৭ জন শ্ৰমিক, আহত ১৪ জন

August 14, 2026 8:47 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অৰুণাচলৰ চাংলাঙৰ আছাম ৰাইফলছৰ চকীত উগ্ৰপন্থীৰ আক্ৰমণ; তালাচী অভিযান অব্যাহত

অৰুণাচলৰ চাংলাঙৰ আছাম ৰাইফলছৰ চকীত উগ্ৰপন্থীৰ আক্ৰমণ; তালাচী অভিযান অব্যাহত

August 14, 2026 11:43 am
চীনৰ ‘ছেডো নেটৱৰ্ক’ত ভাৰত! আমেৰিকাৰ প্ৰতিবেদনত নতুন দিল্লীৰ বিৰুদ্ধে ডাঙৰ অভিযোগ

চীনৰ ‘ছেডো নেটৱৰ্ক’ত ভাৰত! আমেৰিকাৰ প্ৰতিবেদনত নতুন দিল্লীৰ বিৰুদ্ধে ডাঙৰ অভিযোগ

August 14, 2026 10:50 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd