সন্ত্ৰাসবাদীৰে সংঘৰ্ষত সেনাৰ কৰ্ণেল,মেজৰসহ ৫ জন জোৱান ছহিদ; নিহত দুজন সন্ত্ৰাসবাদী

army-encounter new

প্ৰতিনিধিত্বমূলক ফটো

গোটেই বিশ্বই কৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰখাৰ সময়তে পাকিস্তানৰ প্ৰৰোচনাত কাশ্মীৰত সন্ত্ৰাসবাদীয়ে অস্থিৰতাৰ সৃষ্টিৰ প্ৰয়াস চলাইছে।

দেওবাৰে সন্ত্ৰাসবাদীৰ এনে এক প্ৰচেষ্টা মষিমূৰ কৰিবলৈ গৈ তীব্ৰ সংঘৰ্ষত লিপ্ত হ’বলগীয়া হয় ভাৰতীয় সুৰক্ষা বাহিনীৰ এটা দল।

এই সংঘৰ্ষৰ ফলত সুৰক্ষা বাহিনীৰ এজন কৰ্ণেল, মেজৰসহ ৫জন জোৱান ছহিদ হয়। সংঘৰ্ষত ছহিদ হোৱা ৫ জনৰ ভিতৰত জম্মু-কাশ্মীৰ আৰক্ষীৰ এজন উপ পৰিদৰ্শকো আছে।

আনহাতে, এই সংঘৰ্ষত সুৰক্ষা বাহিনীৰ দলটোৱে দুজন সন্ত্ৰাসবাদীকো গুলীয়াই নিহত কৰে।

বাতৰি অনুসৰি, শনিবাৰে বিয়লি জম্মু-কাশ্মীৰৰ কুপুৱাৰা জিলাৰ হান্দেওয়াৰৰ চাংগিমুলা গাঁৱৰ এঘৰ লোকৰ তাত দুজন সন্ত্ৰাসবাদী লুকাই থকাৰ খৱৰ লাভ কৰে।

সন্ত্ৰাসবাদী দুজনে পৰিয়ালটোৰ সদস্যসকলক পনবন্দী কৰি ৰাখিছিল।

ইয়াৰ পাছতে ২১ নম্বৰ ৰাষ্ট্ৰীয় ৰাইফলছ আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ যৌথ অভিযানকাৰী দলে অঞ্চলটোত তালাচী আৰম্ভ কৰে।

নিশা অভিযানকাৰী দলটোৱে পনবন্দী নাগৰিককেইজনক উদ্ধাৰৰ বাবে ঘৰটোত প্ৰৱেশৰ চেষ্টা কৰে।

অবিযানকাৰী দলটোৱে প্ৰৱেশৰ চেষ্টা চলোৱাৰ সময়তে ঘৰটোৰ ভিতৰৰ পৰা হঠাতে গুলীচালনা আৰম্ভ হয়। ফলত ৰাষ্ট্ৰীয় ৰাইফলছৰ কমাণ্ডিং অফিচাৰ আশুতোষ শৰ্মা, এজন মেজৰ আৰু দুজন জোৱান তথা জম্মু-কাশ্মীৰ আৰক্ষীৰ এজন উপ পৰিদৰ্শক ছহিদ হয়।

আনহাতে, প্ৰত্যুত্তৰত অভিযানকাৰী দলটোৱো চলোৱা গুলীত সন্ত্ৰাসবাদী দুজন নিহত হয়। দলটোৱে পনবন্দীকেইজনক ঘৰটোৰ পৰা উদ্ধাৰ কৰে।

সেনাৰ সূত্ৰই প্ৰকাশ কৰা মতে ৰাষ্ট্ৰীয় ৰাইফলছৰ কমাণ্ডিং অফিচাৰ এজন দক্ষ বিষয়া হোৱাৰ উপৰি তেওঁ জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী দমনৰ বিভিন্ন অভিযানত সফলতাৰে নেতৃত্ব দিছিল।