ডিবং ছিংফৌ গাঁৱত ৱাৰ্নাচাৰ মহা থেৰাৰ স্মৃতিত ৰথোৎসৱৰ প্ৰস্তুতি : অভ্যৰ্থনা সমিতি গঠন

barnachar

মাৰ্ঘেৰিটাৰ ডিবং বৌদ্ধ মন্দিৰৰ বিহাৰাধ্যক্ষ (ভান্তে) ৱাৰ্নাচাৰ মহা থেৰাৰ পৰিনিৰ্বাণ প্ৰাপ্তিৰ স্মৃতিত অহা বৰ্ষৰ ২০,২১ আৰু ২২ জানুৱাৰী তাৰিখে তিনিদিনীয়া কাৰ্য্যসূচীৰে ডিবং ছিংফৌ গাঁৱত ‘পয় লেং’ অৰ্থাৎ ৰথোৎসৱৰ আয়োজন কৰা হৈছে।

এই উপলক্ষে ৱৰধৰ্ম ভিক্ষুক সভাপতি, প্ৰবিন চাইকোক কাৰ্য্যকৰী সভাপতি, নন্দিছেন মাছেক সম্পাদক  আৰু প্ৰজ্ঞাদীপ ভিক্ষুক কোষাধ্যক্ষ হিচাপে লৈ এখন ক্ষমতাশালী অভ্যৰ্থনা সমিতি গঠন কৰা হৈছে।

এই অনুষ্ঠানৰ সৈতে সংগতি ৰাখি এখন বৃহৎ আকাৰৰ স্মৃতিগ্ৰন্থ প্ৰকাশৰো দিহা কৰা হৈছে। স্মৃতিগ্ৰন্থখনত প্ৰকাশৰ বাবে সদাশয় ব্যক্তিৰ পৰা গুৰুজনাৰ কৰ্মৰাজি আৰু বৌদ্ধ ধৰ্মৰ ওপৰত লেখা আহ্বান  কৰিছে। স্মৃতিগ্ৰন্থ সম্পাদকদ্বয় সঞ্জীৱ উলুপ আৰু জহম ছিংফৌৰ সৈতে যোগাযোগৰ বাবে ৮৪৭১৮৯৬৯৪৭ মোবাইল নম্বৰত আৰু ইমেইল ঠিকনা patkaigreen@gmail.com লেখাসমূহ প্ৰেৰণ কৰিবলৈ আহ্বান  জনাইছে।

এই ‘পয় লং’ অনুষ্ঠানত থাইলেণ্ড , ম্যানমাৰ , শ্ৰীলংকাৰ ওপৰিও বিভিন্ন দেশৰ প্ৰায় ৩ লাখৰো অধিক ভক্তৰ সমাগম হ’ব বুলি উদ্যোক্তা সকলে আশা কৰিছে। উল্লেখ যে পূৰ্বাঞ্চল বৌদ্ধ সংঘৰ সদ্যঃ প্ৰয়াত সভাপতি তথা মাৰ্ঘেৰিটাৰ ডিবং বৌদ্ধ মন্দিৰৰ বিহাৰাধ্যক্ষ ( ভান্তে) ৱাৰ্নাচাৰ  ভীক্ষুৱে ২০১৮ৰ ২২মে’ত ৮২ বছৰৰ বয়সত  ডিবং বৌদ্ধ মন্দিৰত পৰিনিৰ্বাণ  লাভ কৰে।

ধৰ্মগুৰু গৰাকী কেইদিনমান ধৰি বাধৰ্ক্যজনিত ৰোগত আক্ৰান্ত হৈ আছিল।  ১৯৩৬ চনৰ ২৩ এপ্ৰিলত জন্ম লাভ কৰা ধৰ্মগুৰু গৰাকীয়ে ১০ বছৰ বয়সৰ পৰাই ধৰ্ম শিক্ষা লৈছিল।

শ্ৰীলংকা আৰু বিহাৰৰ নালন্দা বিশ্ববিদ্যালয়ত উচ্চ শিক্ষা গ্ৰহণ কৰা ধৰ্মগুৰুগৰাকীয়ে দৰঙ্গ সংস্কৃত বিশ্ববিদ্যালয়ৰ পৰা আচাৰ্য উপাধি আৰু মগধ বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী  লাভ কৰিছিল।

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ  অন্তৰ্গত ডিবং বৌদ্ধ মন্দিৰত অধ্যক্ষ হিচাবে দায়িত্বভাৰ গ্ৰহণ কৰি অসম, অৰুণাচলৰ উপৰিও বিদেশতো বৌদ্ধধৰ্মৰ বাণী প্ৰচাৰ কৰিছিল।

পৰিনিৰ্বাণ প্ৰাপ্তিৰ পূৰ্বে এই ধৰ্মীয় গুৰুজনাক ম্যানমাৰ আৰু থাইলেণ্ড চৰকাৰেও সম্মান জনাইছিল। অন্যহাতে মৃত্যু পৰ্যন্ত তেওঁ পূৰ্বাঞ্চল বৌদ্ধ ভিক্ষু সংঘৰ সভাপতিৰ দায়িত্ব অলংকৃত কৰি আছিল। বৌদ্ধধৰ্ম সম্পৰ্কীয় বহু সংখ্যক প্ৰৱন্ধ লেখা মেলাৰ জৰিয়তে ৱাৰ্নাচাৰ মহাথেৰাই শান্তিৰ বাণী বিলাইছিল।