আশংকাই সঁচা হৈ পৰিল। এল পি জি চিলিণ্ডাৰৰ মূল্য প্ৰায় হাজাৰ টকা বৃদ্ধি পালে। ১ মে’ শুকুৰবাৰৰ পৰা ১৯ কেজি বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ মূল্য ৯৯৩ টকা বৃদ্ধি পাইছে। এই মূল্যবৃদ্ধিৰ কাৰণ যুদ্ধৰ বাবেই হোৱা বুলি ধাৰণা কৰা হৈছে। এই মূল্যবৃদ্ধিয়ে মধ্যবিত্ত শ্ৰেণীক আকৌ মাধমাৰ শোধালে। নিৰ্বাচন শেষ হোৱাৰ লগে লগে এই মূল্যবৃদ্ধিয়ে স্বাভাৱিকতে উদ্বেগ বৃদ্ধি কৰিব।
গুৱাহাটীত এতিয়া ১৯ কেজি ওজনৰ এটা বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হ’ব ৩২৯২ টকা। জানিব পৰা মতে দিল্লী, কলকাতা, মুম্বাই, চেন্নাইকে ধৰি সকলো চহৰতে এই মূল্য বৃদ্ধি পাইছে।
এই ১৯ কেজি চিলিণ্ডাৰৰ মূল্য চলিত বৰ্ষৰ আৰম্ভণিৰে পৰা ধাৰাবাহিকভাৱে বৃদ্ধি পাই আহিছে। জানুৱাৰী মাহত ৪৯ টকা ৫০ পইচা বৃদ্ধি পাইছে। ফেব্ৰুৱাৰী মাহত ৩১ টকা বৃদ্ধি পাইছিল। মাৰ্চ মাহত আৰু ১১৪ টকা ৫০ পইচা বৃদ্ধি পোৱাৰ পিছত এপ্ৰিল মাহত ২১৮ টকা বৃদ্ধি পাইছিল। এইবাৰ ১ মে’ৰ পৰা ১৯ কেজি এল পি জি চিলিণ্ডাৰৰ মূল্য পুনৰ একেবাৰতে ৯৯৩ টকা বৃদ্ধি কৰা হৈছে।
১৯ কেজি চিলিণ্ডাৰৰ মূল্য বৃদ্ধিৰ ফলত হোটেল, ৰেষ্টুৰেণ্ট আৰু খাদ্য ব্যৱসায়ীসকলৰ ওপৰত সৰ্বাধিক প্ৰভাৱ পৰিব। বাণিজ্যিক গেছ এই ব্যৱসায়ৰ মূল ইন্ধন। ফলত বহু ব্যৱসায়ীয়ে খাদ্যৰ দাম বৃদ্ধি কৰিবলৈ বাধ্য হ’ব পাৰে। আৰু ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ সাধাৰণ মানুহৰ পকেটত পৰিব।
যুদ্ধৰ বাবে সমগ্ৰ দেশতে শক্তি সংকটৰ সৃষ্টি হৈছিল। ইয়াৰ বাবে বাণিজ্যিকৰ পৰা ঘৰুৱালৈকে কোনো চিলিণ্ডাৰ উপলব্ধ নাছিল। বহু দোকানীয়ে হয় ষ্ট’ভ, ইণ্ডাকচন বা মাইক্ৰৱেভত খাদ্য ৰান্ধি কেনেবাকৈ ব্যৱসায় চলাবলৈ চেষ্টা কৰিছিল। যিসকলে কৰিব নোৱাৰিলে তেওঁলোকে ষ্টকত থকা গেছ শেষ হোৱাৰ লগে লগে ব্যৱসায় বন্ধ কৰিবলগীয়া হ’ল।
দীৰ্ঘদিন ধৰি চিলিণ্ডাৰৰ অভাৱত ব্যৱসায়ৰ ক্ষতি হৈছে, একাংশই দাম বৃদ্ধি কৰিছে। যদিও যোগান কিছু স্বাভাৱিক হৈছে, এইবাৰ এল পি জি চিলিণ্ডাৰৰ দাম একে সময়তে প্ৰায় ১ হাজাৰ টকা বৃদ্ধি পাইছে, যাৰ ফলত ব্যৱসায়ীসকল পুনৰ এক সংকত পৰিব।
অৱশ্যে আপাততঃ ঘৰুৱা ৰন্ধন গেছৰ মূল্যৰ কোনো পৰিৱৰ্তন হোৱা নাই। গুৱাহাটীত এটা ঘৰুৱা এল পি জি চিলিণ্ডাৰৰ মূল্য এতিয়াও ৯৬২ টকা নিৰ্ধাৰণ কৰা হৈছে। কিন্তু যুদ্ধৰ বাবে আন্তঃৰাষ্ট্ৰীয় বজাৰত অস্থিৰতা আৰু যোগানৰ চাপ অব্যাহত থাকিলে ঘৰুৱা ৰন্ধন গেছৰ দামও বৃদ্ধি হোৱাৰ আশংকা আছে, যাৰ ফলত অনাগত দিনত মধ্যবিত্ত শ্ৰেণীৰ পকেটত অধিক আৰ্থিক চাপৰ সৃষ্টি হ’ব পাৰে।




