নিকা নিৰ্বাচন অনুষ্ঠিত কৰিবৰ বাবে তৎপৰ আয়োগ : চৰকাৰী বিষয়াক বদলি কৰাৰ নিৰ্দেশ

সমাগত লোকসভা নিৰ্বাচন। ১৩ বা ১৪ মাৰ্চৰ ভিতৰত ভোটগ্ৰহণৰ সময়সূচী প্ৰকাশ কৰিব নিৰ্বাচন আয়োগে। নিৰ্বাচনৰ পূৰ্বে আমোলাৰ বদলিৰ ক্ষেত্ৰতো কঠোৰ হৈছে নিৰ্বাচন আয়োগ। নিৰ্বাচন আয়োগে জাৰি কৰিছে এক জৰুৰী জাননী। ইয়াৰ উপৰিও আয়োগে স্পষ্ট কৰি দিছে যে এই নিৰ্বাচন সকলো ধৰণৰ ৰিগিং ৰোধ কৰিবলৈ ‘শূন্য সহনশীলতা’ নীতি গ্ৰহণ কৰা হ’ব।

আয়োগৰ মতে, এই নিৰ্দেশনাৰ কাৰণ হ’ল আমোলাসকলে নিজৰ ক্ষমতাৰ অপব্যৱহাৰ কৰি নিৰ্বাচনৰ ফলাফলত প্ৰভাৱ পেলাব পাৰে। আৰু এইটো যাতে নহয় তাৰ বাবে এই অধিসূচনা জাৰি কৰা হৈছে।

আয়োগে জাৰি কৰা নিৰ্দেশনাত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে ৩ বছৰৰ সময়সীমা শেষ হোৱাৰ পিছত কোনো আমোলাক এখন জিলাৰ পৰা আন এখন জিলালৈ বদলি কৰাৰ সময়ত তেওঁলোকক একেখন সংসদীয় ক্ষেত্ৰতে ৰাখিব নালাগে।

তদুপৰি, সৰ্বাধিক দুটা লোকসভা সমষ্টি থকা ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলত এই নিৰ্দেশনা কাৰ্যকৰী নহ’ব বুলিও এই নিৰ্দেশনাত অৱগত কৰা হৈছে।

মন কৰিবলগীয়া যে শেহতীয়াকৈ পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ সময়ত আয়োগে বহু আমোলাক বদলি কৰিছিল। নিৰ্বাচন আয়োগে জনাইছে যে লোকসভা নিৰ্বাচনতো এই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

আনহাতে, আয়োগে নিৰ্বাচনৰ পূৰ্বে বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ নিৰাপত্তা আৰু প্ৰস্তুতিৰ ওপৰত চকু ৰাখিব বিচাৰিছে। সেয়ে প্ৰতিখন ৰাজ্যলৈ নিৰ্বাচন আয়োগৰ প্ৰৰিনিধি দলে ভ্ৰমণ কৰিছে। সূত্ৰ অনুসৰি ১৩ মাৰ্চৰ ভিতৰত এই ভ্ৰমণৰ অন্ত পৰাৰ কথা। তেতিয়াহে ভোটদানৰ সময়সূচী ঘোষণা কৰা হ’ব।