NORTHEAST NOW (Assamese)

চামগুৰিত মধ্য অসম মণ্ডল আয়ুক্তৰ ভোটাৰ তালিকা সংশোধন সম্পৰ্কত ক্ষেত্ৰ পৰিদৰ্শন

October 10, 2018 7:32 pm · বিদ্যুত জ্যোতি বৰা

নগাঁও জিলাৰ চামগুৰিকে ধৰি নগাঁও সদৰ, বঢ়মপুৰ, ৰহা আদি বিধানসভা সমষ্টিত আজি মধ্য অসম মণ্ডলৰ আয়ুক্তই ভোটাৰ তালিকা সংশোধন সম্পৰ্কত এক ক্ষেত্ৰ ভিত্তিত পৰ্য্যলোচনা তথা ভোট কেন্দ্ৰৰ সূচলতা সম্পৰ্কে পৰিদৰ্শন কৰে৷

দিনৰ প্ৰায় ১১ বজাত নগাঁও জিলা উপায়ুক্তৰ সভাকক্ষত মধ্য অসম মণ্ডলৰ আয়ুক্ত আহমেদ হুছেইনে জিলাখনৰ নিৰ্বাচক পঞ্জীয়ন বিষয়া সকলৰ সৈতে ভোটাৰ তালিকা সংশোধন সম্পৰ্কে এখনি পৰ্যালোচনা সভা অনুষ্ঠিত কৰাৰ পিছতে বিয়লি প্ৰায় ২ মান বজাত নগাঁও জিলাৰ ৮৮ নং চামগুৰি বিধান সমষ্টিৰ সূতাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ৭৪ নং পানীগাঁও পহুকটা ভোট কেন্দ্ৰৰ অৱস্থিতিৰ বুজ লয়।

তেওঁৰ সৈতে ক্ষেত্ৰ ভিত্তিক পৰ্যালোচনা কৰিবলৈ অহা নগাঁও জিলা নিৰ্বাচনী বিষয়া ৰাজ বৰুৱা আৰু সহকাৰী নিৰ্বাচনী পঞ্জীয়ক বিষয়া হিৰণ্য কুমাৰ চমুৱাই প্ৰথমে ৭৪ নং পানীগাঁও পহুকটা ভোট কেন্দ্ৰৰ অৱস্থিতি বুজ লৈ কেন্দ্ৰ পৰ্যায়ৰ বিষয়া ৰত্ন কান্ত বৰাৰ সৈতে মিলিত হৈ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত, নাম কৰ্ত্তন, শুদ্ধৰণি আদি কাম-কাজৰ পৰ্যালোচনা কৰে।

পৰৱৰ্তী সময়ত পুৰণিগুদাম পাৰঘাট পানীগাঁৱত অৱস্থিত ৭২ নং আৰু ৭৩ নং ভোট কেন্দ্ৰৰ বিষয়া প্ৰণামী কলিতা আৰু গোবিন শইকীয়া লগত মিলিত হৈ কাম-কাজৰ পৰ্যালোচনা কৰাৰ লগতে বঢ়মপুৰ, ৰহা, সদৰ আদি বিধানসভা সমষ্টিত ক্ষেত্ৰভিত্তিক পৰ্যালোচনা কৰে।

Related News