প্ৰবীণ সাম্যবাদী নেতা সোমনাথ চেটাৰ্জীৰ দেহাৱসান : দেশজুৰি শোকৰ ধল

somnath-chatterjee-570x320

আজি তদানিন্তন লোকসভাৰ অধ্যক্ষ তথা প্ৰবীণ সাম্যবাদী নেতা সোমনাথ চেটাৰ্জীৰ দেহাৱসান হৈছে। পৰিয়ালৰ সূত্ৰৰ পৰা জানিব পৰা মতে আজি পুৱা প্ৰায় ৮-১৫ বজাত চেটাৰ্জীৰ মৃত্যু হয়।

মৃত্যুৰ সময় তেওঁৰ বয়স হৈছিল ৮৯ বছৰ।

উল্লেখ্য যে বৃক্কৰ অসুখত ভোগা প্ৰবীণ ৰাজনৈতিক নেতাগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰাৰ পাছত তেওঁক জীৱন-সমৰ্থিত ব্যৱস্থাৰ মাজত ৰখা হৈছিল।

১৯২৯ চনত পৰাধীন ভাৰতত তেজপুৰত সোমনাথ চেটাৰ্জীৰ জন্ম হৈছিল।

বিগত ৪ দশক জুৰি সোমনাথ চেটাৰ্জী ৰাজনৈতিক ক্ষেত্ৰখনত সক্ৰিয় হৈ আছিল। ২০০৪ৰ পৰা ২০০৯লৈকে চেটাৰ্জী ত্ৰয়োদশ লোকসভাৰ অধ্যক্ষ হিচাপে কাৰ্য নিৰ্বাহ কৰিছিল। পশ্চিম বংগৰ বোলপুৰ, যাদবপুৰ আৰু বৰ্ধমানৰ পৰা চেটাৰ্জী ১০ বাৰ বিজয়ী হৈছিল। ১৯৭১ চনত তেওঁ লোকসভাৰ সদস্য নিৰ্বাচিত হৈছিল।

জীৱনত মাত্ৰ এবাৰ তেওঁ নিৰ্বাচনত পৰাস্ত হৈছিল, সেয়া আছিল ১৯৮৪ চনত বৰ্তমানৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীৰ হাতত। সোমনাথ চেটাৰ্জীক পৰাজিত কৰি মমতা বেনাৰ্জী ২৯ বছৰ বয়সত আটাইতকৈ কম বয়সীয়া সাংসদ হিচাপে পৰিগণিত হৈছিল।

১৯৬৮ চনত তেওঁ চিপিআই (এম)ত যোগদান কৰিছিল। পিছত  ২০০৮ চনত তেওঁক ভাৰত-আমেৰিকা আণৱিক চুক্তিক লৈ হোৱা ইউপিএ চৰকাৰ আৰু চিপিএমৰ মতানৈক্যৰ বাবে দলৰ পৰা বহিষ্কাৰ কৰা হৈছিল।

জ্যেষ্ঠ নেতাগৰাকীৰ মৃত্যুত নিজৰ শোকবাৰ্তাত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইট কৰিছে, ‘‘তদানীন্তন সাংসদ আৰু লোকসভাৰ অধ্যক্ষ সোমনাথ চেটাৰ্জী ভাৰতীয় ৰাজনীতিৰ এগৰাকী প্ৰভাৱশালী ব্যক্তিত্ব আছিল। দুখীয়া আৰু দুৰ্বল লোকসকলৰ তেওঁ এটা শক্তিশালী কণ্ঠস্বৰ আছিল। তেওঁৰ মৃত্যুত মই শোকস্তব্ধ। তেওঁৰ পৰিয়াল আৰু সমৰ্থকসকললৈ মোৰ সমৱেদনা জনাইছোঁ।’’

আনহাতে কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে টুইট কৰিছে এনেদৰে, ‘‘ ১০ বাৰৰ সাংসদ আৰু লোকসভাৰ অধ্যক্ষ সোমনাথ চেটাৰ্জীৰ মৃত্যুত মই শোকগ্ৰস্ত। তেওঁ এটা অনুষ্ঠান আছিল। তেওঁক দল নিৰ্বিশেষে সকলো সাংসদেই শ্ৰদ্ধা কৰিছিল। এই দুখৰ সময়ত মই তেওঁৰ পৰিয়ালবৰ্গলৈ মোৰ সমৱেদনা জ্ঞাপন কৰিছোঁ।”