• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জনসাধাৰণৰ জৰুৰী সমস্যা সমাধানৰ দাবীত শিৱসাগৰত চি পি আইৰ অৱস্থান ধৰ্মঘট

NE NOW NEWS পাৰ্শ্বজ্যোতি গগৈ
শিৱসাগৰ , September 2, 2019 6:32 pm

2 min read

CPI Protest

ফটো : নৰ্থ-ইষ্ট নাও

15k
VIEWS
Share on FacebookShare on Twitter

জনসাধাৰণৰ বিভিন্ন জৰুৰী সমস্যা সমাধানৰ দাবীত আজি ৰাজ্যজুৰি চি পি আই দলে ৰূপায়ণ কৰা গণ বিক্ষোভৰ কাৰ্যসূচী হিচাপে শিৱসাগৰতো জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত দুঘন্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে।

বিক্ষোভত উপস্থিত থকা চি পি আই নেতা সকলে চৰকাৰক তীব্ৰ সমালোচনা কৰি  কয় যে চৰকাৰৰ ভুল আৰ্থিক নীতিৰ বাবেই আজি দেশে অৰ্থনৈতিক মন্দাৱস্থাৰ সন্মুখীন হ’ব লগীয়া হৈছে।

মোদী চৰকাৰে গ্ৰহণ কৰা জি এছ টি আৰু বিমুদ্ৰাকৰণৰ ফলত আজি দেশৰ লাখ লাখ কৰ্মচাৰীয়ে চাকৰি হেৰুৱাব লগীয়া হৈছে বুলিও বিক্ষোভকাৰী সকলে মন্তব্য কৰে।

ইফালে, এন আৰ চিত সকলো ভাৰতীয়ৰ নাম অন্তৰ্ভুক্ত কৰাৰ লগতে যিসকল বিদেশীৰ নাম অন্তৰ্ভুক্ত হৈছে তেওঁলোকক বিদেশী ন্যায়াধীকৰণৰ যোগেদি আঁতৰোৱাৰো দাবী জনায় চি পি আইয়ে।

আজিৰ এই বিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে চি পি আইয়ে মূল্যবৃদ্ধি ৰোধ কৰা, নাগৰিকত্ব বিধেয়ক বাতিল, নিখুত এন আৰ চি প্ৰকাশ কৰি বিদেশী বিতাৰণ কৰা, বান গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা, বৃহৎ নদীবান্ধৰ নিৰ্মাণ বন্ধ কৰা, আলফা সমস্যা আলোচনাৰ জৰিয়তে সমাধান কৰা, নিবনুৱা সমস্যা সমাধান কৰা, তৈল আৰু গেছ ক্ষেত্ৰ সমূহ ব্যক্তিগত কম্পেনিক হস্তান্তৰকৰণ বন্ধ কৰাৰ দাবী জনায়।

ইয়াৰ উপৰি জাগীৰোড আৰু কাছাৰৰ কাগজ কল দুটা পুনৰীজ্জীৱিত কৰা, টেট শিক্ষকৰ চাকৰি নিয়মীয়া কৰা, শিৱসাগৰৰ বেতন বঞ্চিত শিক্ষকৰ চাকৰি নিয়মীয়া কৰাৰ লগতে দৰমহা মুকলি কৰি দিয়া, ঠিকা ভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়া কৰা, কৃষকৰ দখলীকৃত মাটিৰ পট্টা দিয়া, স্বামীনাথৰ আয়োগৰ পৰামৰ্শ সমূহ কাৰ্যকৰী কৰা, ৰাজ্যৰ শোচনীয় পথ-উপ-পথ সমূহ শীঘ্ৰে পুনৰ নিৰ্মাণ কৰাকে ধৰি বিভিন্ন সমস্যাৰ দাবীত এই গণ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে।

চৰকাৰে এই সমস্যা সমূহ সমাধান নকৰা পৰ্যন্ত এইদৰে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰি যোৱাৰ লগতে প্ৰয়োজন সাপেক্ষে পৰৱৰ্তী সময়ত জংগী আন্দোলন গঢ়ি তুলিব বুলিও জানিবলৈ দিয়ে চি পি আই নেতা কনক গগৈয়ে।

অৱস্থান ধৰ্মঘটত চি পি আই নেতা ধৰ্ম বৰুৱা, মুহি বৰুৱা, কনক গগৈ, জিলা সহকাৰী সম্পাদক মণি বুঢ়াগোহাঁই, কৃষক নেতা মদন বৰুৱা, যোগেশ বুঢ়াগোহাঁই, যুৱ নেতা অনুপ গগৈ, মহিলা নেত্ৰী অনুৰাধা গোহাঁইৰ লগতে জিলাখনৰ শতাধিক নেতা-কৰ্মী উপস্থিত থাকে।

Recent News

32337043_2010270292557153_5893369135034793984_n-643x375

বিশিষ্ট নাট্যকাৰ সেৱাব্ৰত বৰুৱাৰ পৰলোকপ্ৰাপ্তি; শোকস্তব্ধ ভ্ৰাম্যমান জগত

Jemima-Khan-Peter-Morgan

নতুন প্ৰেমিকৰ সৈতে একেলগে বাস কৰিছে পাকিস্তানী প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ প্ৰাক্তন পত্নীয়ে

WhatsApp Image 2021-01-24 at 7.46.49 AM

অষ্ট্ৰেলিয়া ভ্ৰমণত অভিষক ঘটা ৫ ক্ৰিকেটাৰৰ লগতে শাৰ্দুলকো THAR-SUV উপহাৰ দিলে মহিন্দ্ৰাই

WhatsApp Image 2021-01-24 at 6.59.34 AM

নৃশংস! কাণত জুঁই লগাই দিয়াৰ পাছত হাতীৰ মৃত্যু; দুজনক গ্ৰেপ্তাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd