NORTHEAST NOW (Assamese)

টীয়ক উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত লোক সংস্কৃতিৰ আধাৰত ব্যতিক্ৰমী প্ৰতিযোগিতা

December 22, 2021 5:54 pm · নিৰ্মলেন্দু পাঠক, টীয়ক

টীয়ক উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ উদ্যোগত তথা অসম চৰকাৰৰ বিশেষ আঁচনি RMSA ৰ অধীনত বিদ্যালয়ৰ প্ৰেক্ষাগৃহত বুধবাৰে কিশোৰ- কিশোৰীৰ সবলীকৰণ আৰু সামাজিক পৰিবৰ্তনত লোকসংস্কৃতিৰ প্ৰভাৱ শীৰ্ষক এক সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰা হয়।

প্ৰায় পাঁচ শতাধিক ছাত্ৰী উপস্থিত থকা এই প্ৰতিযোগিতাৰ ন’ডেল শিক্ষক হিচাপে বিদ্যালয়ৰ শিক্ষয়ত্ৰী এনিশা ফুকনে উক্ত অনুষ্ঠানৰ আত ধৰে আৰু উক্ত কাৰ্যসূচীৰ গুৰুত্ব তথা প্ৰয়োজনীয়তাৰ সম্পৰ্কে বিশেষ বক্তব্য আগবঢ়ায় বিদ্যালয়ৰ অধ্যক্ষ ৰাজু কুমাৰ শইকীয়াই।

উক্ত সাংস্কতিক প্ৰতিযোগিতাত বিশিষ্ট অতিথি হিচাপে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ডা: মহানন্দ নেওগ আৰু বিচাৰক হিচাপে জগদুৱাৰ হাইস্কুলৰ সংগীত বিভাগৰ শিক্ষয়ত্ৰী লিপিকা বৰুৱা উপস্থিত থাকে ।

উল্লেখযোগ্য যে উক্ত প্ৰতিযোগিতাত ছাত্ৰীসকলে ৰাগীয়াল দ্ৰব্য,বাল্য বিবাহ, মাদক দ্ৰব্য সেৱনকে ধৰি সমাজবিৰোধী বহুতো সমস্যা নাটক,বিহু,দিহানাম,বিয়ানাম আদিৰ মাধ্যমেৰে উপস্হাপন কৰি ৰাইজৰ মাজত সজাগতা অনাৰ যি প্ৰচেষ্টা কৰিছে সেয়া অতি প্ৰশংসনীয়।অনুষ্ঠানৰ শেষত বিজয়ীসকলক মানপত্ৰ সহ উপহাৰেৰে পুৰস্কৃত কৰা হয়।

Related News