NORTHEAST NOW (Assamese)

কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইৰ যৌন কেলেংকাৰিৰ বিৰুদ্ধে মহিলা আয়োগত অভিযোগ

November 13, 2018 8:03 am · এন ই নাও নিউজ
কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁই। ফাইল ফটো

কেন্দ্ৰীয় ৰে’ল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁইৰ যৌন কেলেংকাৰিৰ অভিযোগ উত্থাপন হোৱাৰ দীৰ্ঘদিনৰ পাছত কেন্দ্ৰীয় মন্ত্ৰীজনৰ বিৰুদ্ধে অসম ৰাজ্যিক মহিলা আয়োগত এইবাৰ অভিযোগ দাখিল কৰিছে কৃষক শ্ৰমিক উন্নয়ন পৰিষদে।

পৰিষদে ৰাজ্যিক মহিলা আয়োগক নিজাববীয়াকৈ বিষয়টো সন্দৰ্ভত হস্তক্ষেপ কৰি কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।

উল্লেখযোগ্য যে কেন্দ্ৰীয় মন্ত্ৰী গোহাঁইৰ গৃহ জিলা নগাঁৱৰ এগৰাকী মহিলাক যৌন আতিশয্য চলোৱাৰ অভিযোগ তুলি মহিলাগৰাকীৰ স্বামীয়ে নগাঁও সদৰ থানাত মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছিল।

নগাঁও সদৰ থানাই মহিলগৰাকীৰ স্বামীৰ এজাহাৰৰ ভিত্তিতে গোহাঁইৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধিৰ ৩৭৬/৪১৭/ ৫০৬ ধাৰাত এটা গোচৰো ৰুজু কৰিছিল। তথাপি,  কেন্দ্ৰীয় মন্ত্ৰীজনৰ বিৰুদ্ধে আৰক্ষীয়ে বৰ্তমানলৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।

সেয়েহে, কৃষক শ্ৰমিক উন্নয়ন পৰিষদে উক্ত কেলেংকাৰিৰ বিষয়টো সন্দৰ্ভত মহিলা আয়োগৰ ওচৰত অভিযোগ দিছে।

আনহাতে, কেন্দ্ৰীয় মন্ত্ৰী গোহাঁইৰ বিৰূদ্ধে উত্থাপিত মহিলাক যৌন নিৰ্যাতনৰ অভিযোগক কেন্দ্ৰ কৰি এতিয়াও চৰ্চা অব্যাহত থকাৰ লগতে ঘটনাৰ তদন্ত বিচাৰি দাবীত বিভিন্ন দল-সংগঠনে প্ৰতিবাদো সাব্যস্ত কৰি আহিছে।

কিন্তু চৰকাৰ তথা আৰক্ষী-প্ৰশাসনে এই ঘটনাৰ তদন্তৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা কৰা দেখা নগ’ল। বিজেপিৰ এগৰাকী প্ৰভাৱশালী মন্ত্ৰী হোৱা বাবেই উক্ত অভিযোগক গুৰুত্ব নিদিয়া বুলিও চৰ্চা হৈ আহিছে।

ইপিনে, গোহাঁইৰ বিৰুদ্ধে এই অভিযোগ সন্দৰ্ভত অসম ৰাজ্যিক মহিলা আয়োগেও সম্পূৰ্ণ নিৰৱতা অৱলম্বন কৰি অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে।বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছিল,  ‘’আমাৰ ৰাজ্যৰ মহিলা আয়োগে এই সন্দৰ্ভত কোনো মন্তব্য প্ৰকাশ কৰা নাই। ৰাজ্যিক বিজেপিয়েও কোনো মতামত আগবঢ়োৱা নাই। তাৰ বিপৰীতে এক বোকা চটিওৱা ৰাজনীতি চলাই থকা দেখা গৈছে। কিন্তু এনেদৰে প্ৰকৃত সত্য প্ৰকাশ নাপায়। গতিকে ৰাজ্যিক মহিলা আয়োগে এই ঘটনাৰ তদন্তৰ বাবে চৰকাৰলৈ পৰামৰ্শ আগবঢ়াব লাগে।’’

শইকীয়াই এই ঘটনাৰ এক ন্যায়িক তদন্ত হ’ব লাগে বুলি কোৱাৰ লগতে এইক্ষেত্ৰত মহিলা আয়োগে আগভাগ ল’ব লাগে বুলিও মন্তব্য কৰিছিল।

আনহাতে, এই সন্দৰ্ভত অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষা চিকিমিকি তালুকদাৰে কৈছিল, ‘’আমি এতিয়ালৈ কাৰো পৰাই এই ঘটনাৰ অভিযোগ লাভ কৰা নাই। গতিকে কোনো অভিযোগ নোপাৱাকৈ আমি নিজে এইক্ষেত্ৰত আগবাঢ়িব নোৱাৰো। কোনোবাই যদি আমাৰ ওচৰত অভিযোগ দাখিল কৰে তেতিয়া বিষয়টো নিশ্চয়কৈ বিবেচনা কৰা হ’ব।’’

এতিয়া কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইৰ বিৰুদ্ধে উত্থাপিত যৌন কেলেংকাৰি সন্দৰ্ভত কৃষক শ্ৰমিক উন্নয়ন পৰিষদে মহিলা আয়োগত অভিযোগ দাখিল কৰাৰ পাছত আয়োগে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰবৰ্তী সময়ত লক্ষনীয় হ’ব।

Related News