• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হাফলঙত কোভিড-১৯ক লৈ প্ৰশাসনৰ বিৰুদ্ধে অভিযোগ, স্বাস্থ্য মন্ত্ৰীলৈ মেইল!

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
July 20, 2020 11:08 am
IMG_20200719_194731

ডিমা হাছাও প্রশাসনৰ বিৰুদ্ধে কোভিড-১৯ক লৈ অভিযোগ কৰ্কট আক্ৰান্ত ৰোগী অঞ্জন কুমাৰ দাসৰ। ফটো: নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডিমা হাছাও জিলাত পাৰ্বত্য প্ৰশাসন কৰ্তৃপক্ষৰ নিৰ্লিপ্ততাৰ কাৰণে হোম কোৱাৰেন্টাইন বা ইনষ্টিটিউশ্যনল কোৱাৰেন্টাইনত থকা আৱাসীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।

বহুতে মানসিক ভাবে ভাঙি পৰাৰ উপৰি ১৪ দিনৰ ঠাইত এমাহ ঘৰত বন্দী জীৱন কটাবলগীয়া হৈছে।

স্বাস্থ্য মন্ত্ৰী ডা: হিমন্তবিশ্ব শৰ্মাই ৯জুনত হাফলঙত উপস্থিত হৈ জানিব দিছিল যে এতিয়া তিনি-চাৰি দিনৰ ভিতৰতে স্বাৱ ৰিপ’ৰ্ট আহি পাব। কিন্তু বাস্তৱত বিপৰীত ছবিহে ধৰা পৰিছে।

অকল এয়াই নহয়, চৰকাৰীভাবে প্ৰাপ্য ধন আদায় বা খাদ্য সামগ্ৰীও যোগান ধৰা হোৱা নাই। স্বাস্থ্য বিভাগৰ উপৰি জিলা প্ৰশাসনৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ সৈতে যোগাযোগ কৰিলেও কোনেও গুৰুত্ব নিদিয়ে।

এনে পৰিস্থিতিত সাধাৰণ ৰাইজ বিপাঙত পৰিছে।

হাফলং ৰেলৱে কল’নীৰ নিৰ্মল দাস নামৰ এগৰাকী ব্যক্তি হাফলঙৰ এখন দোকানত কাম কৰি পৰিয়াল পোহপাল দি আছিল। কিন্তু শিলচৰৰ পৰা অহাৰ পাছত তেওঁ আৰু তেওঁৰ পত্নীক হোম ক’ৱাৰেন্টাইন কৰা হয়।

কিন্তু কোৱাৰেন্টাইনত থকা অৱস্থাত চৰকাৰীভাবে কোনেও খা-খৱৰ লোৱা নাই। পোৱা নাই কোনো চৰকাৰী সাহায্য। কোৱাৰেন্টাইনৰ কাৰণেই হেৰুৱাব লগা হৈছে দোকানৰ চাকৰি।

হাফলং লেডিছ পাৰ্কৰ এগৰাকী চৰকাৰী বিষয়া কৰ্কট ৰোগত আক্ৰান্ত। অঞ্জন কুমাৰ দাস নামৰ ব্যক্তি গৰাকী কলকাতাৰ পৰা চাৰ্জাৰী কৰি যোৱা ১৮ জুন তাৰিখে হাফলঙত উপস্থিত হয়। লগে লগে তেওঁ আৰু তেওঁৰ পত্নীক হোম কোৱাৰেন্টাইন কৰা হয়। ২০ জুনত তেওঁলোকৰ স্বাৱ লৈ যোৱা হয়। ৩ জুলাইত ৰিপ’ৰ্ট আহে নিগেটিভ বুলি।

কিন্তু ডিছচাৰ্জ নকৰি দ্বিতীয়বাৰৰ কাৰণে ৭ জুলাইত আকৌ স্বাৱ লৈ যোৱা হয়। ১৮ জুলাইত বাতৰি কাকতত এক প্ৰতিবেদন ওলোৱাৰ পাছত আবেলি স্বাস্থ্য বিভাগৰ ফালৰ পৰা নিগেটিভ ৰিপ’ৰ্ট অহা বুলি জনাই ডিছচাৰ্জ চাৰ্টিফিকেট দিয়া হয়।

ইপিনে,অঞ্জন কুমাৰ দাসৰ দৰে গুৰুতৰ অৱস্থাৰ ৰোগীৰ স্বাস্থ্যৰ কোনো খৱৰ লোৱাৰ সময় পোৱা নাই সংশ্লিষ্ট কৰ্তৃপক্ষই।

অঞ্জন কুমাৰ দাসে স্থানীয়ভাৱে সঁহাৰি নাপাই স্বাস্থ্যমন্ত্ৰী লৈ পত্ৰ প্ৰেৰণ কৰে।

মন্ত্ৰী শৰ্মাই তেওঁৰ চিকিৎসাৰ বাবে পঞ্চাছ হাজাৰ টকাৰ আৰ্থিক সাহায্য আগবঢ়োৱাৰ বিপৰীতে ডিমা হাছাও জিলাত প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ মাজত সমন্বয় নথকা পৰিলক্ষিত হৈছে।

অঞ্জন কুমাৰ দাসে স্বাস্থ্য মন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰি ডিমা হাছাও প্ৰশাসনৰ ব্যৰ্থতাৰ বিষয়ে দাঙি ধৰি কোভিডৰ নামত দুৰ্নীতিৰ অভিযোগ আনিছে।

অবশ্যে, কাকতত তেনে বাতৰি প্ৰকাশ পোৱাৰ পাছত পৰোক্ষভাৱে  তেওঁক ভয় ভাবুকি দিয়া হৈছে বুলি অভিযোগ কৰিছে।  যাৰ বাবে তেওঁ আতংকৰ মাজেৰে দিন অতিবাহিত কৰিব লগা হৈছে।

দাসে আগন্তুক দিনত তেওঁৰ ওপৰত কোনো ধৰণৰ আক্ৰমণৰ ঘটনা সংঘটিত হ’লে চৰকাৰেই দায়ী হ’ব বুলিও ব্যক্ত কৰিছে।

Tags: COVID-19
পংকজ কুমাৰ দেব

পংকজ কুমাৰ দেব

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

September 18, 2025 9:07 am
১১ বছৰৰ ভিতৰত সপ্তমবাৰৰ বাবে মুৰব্বী অবিহনে কাম কৰি আছে কেন্দ্ৰীয় তথ্য আয়োগে

১১ বছৰৰ ভিতৰত সপ্তমবাৰৰ বাবে মুৰব্বী অবিহনে কাম কৰি আছে কেন্দ্ৰীয় তথ্য আয়োগে

September 18, 2025 9:03 am
ভাৰতীয় কনছুলেট জব্দৰ হুমকি! কানাডাত পুনৰ সক্ৰিয় খালিস্তান সমৰ্থক SFJ

ভাৰতীয় কনছুলেট জব্দৰ হুমকি! কানাডাত পুনৰ সক্ৰিয় খালিস্তান সমৰ্থক SFJ

September 18, 2025 8:31 am
সংবাদ মাধ্যমক পকেটত ৰাখিব বিচাৰে চৰকাৰে! তীব্ৰ প্ৰতিবাদ, সমালোচনা নেওচি নতুন মিডিয়া আইন গৃহীত হ’ল মালদ্বীপত

সংবাদ মাধ্যমক পকেটত ৰাখিব বিচাৰে চৰকাৰে! তীব্ৰ প্ৰতিবাদ, সমালোচনা নেওচি নতুন মিডিয়া আইন গৃহীত হ’ল মালদ্বীপত

September 18, 2025 7:46 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

September 18, 2025 9:07 am
১১ বছৰৰ ভিতৰত সপ্তমবাৰৰ বাবে মুৰব্বী অবিহনে কাম কৰি আছে কেন্দ্ৰীয় তথ্য আয়োগে

১১ বছৰৰ ভিতৰত সপ্তমবাৰৰ বাবে মুৰব্বী অবিহনে কাম কৰি আছে কেন্দ্ৰীয় তথ্য আয়োগে

September 18, 2025 9:03 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd