কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰীৰ বিৰুদ্ধে বোমা তৈয়াৰ কৰা কাৰখানা, চাকৰিৰ নামত টকা লোৱাৰ অভিযোগ

অসমৰ পৰা দুস্কৃতিকাৰীক লৈ গৈ বোমা তৈয়াৰ কৰাৰ অভিযোগ কেন্দ্ৰীয় মন্ত্ৰী নিশীথ প্ৰামানিকৰ বিৰুদ্ধে

nisith-pra-1602427435-1623043325-1625664115

কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিশীথ প্ৰামানিক।

কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰীৰ বিৰুদ্ধেই এইবাৰ উঠিছে বিস্ফোৰক অভিযোগ। বোমা তৈয়াৰ কৰা কাৰখানা তথা চাকৰিৰ নামত টকা লোৱাৰ অভিযোগ উঠিছে কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিশীথ প্ৰামানিকৰ বিৰুদ্ধে।

পশ্চিমবংগৰ গোসানিমাৰি ২নম্বৰ গাওঁ পঞ্চায়তৰ বাসিন্দা ফিৰদৌছ ইছলাম নামৰ এজন যুৱকে মঙলবাৰে কেন্দ্ৰীয় মন্ত্ৰী নিশীথ প্ৰামানিকৰ বিৰুদ্ধে দিনহাটা থানাত এই অভিযোগ দাখিল কৰিছে।

অভিযোগ অনুসৰি, নিশীথ প্ৰামানিকে অসমৰ পৰা দুস্কৃতিকাৰীক লৈ গৈ বোমা তৈয়াৰ কৰিছিল। সেই বোমাবোৰ ৰখাৰ দায়িত্বত আছিল প্ৰামানিক।

এদিন মটৰচাইকেলত সেই বোমা লৈ যোৱাৰ সময়ত বিস্ফোৰণ ঘটি ফিৰদৌছ আহত হৈছিল। তেতিয়া তেওঁৰ পৰিয়ালৰ লোকে বহু চেষ্টা কৰি তেওঁক সুস্থ কৰি তোলে বুলি দাবী কৰিছে যুৱকজনে।

যুৱকজনৰ অভিযোগ অনুসৰি তেওঁক চাকৰি দিয়াৰ নামত তেওঁৰ পৰা ১লাখ ২৫হাজাৰ টকা লৈছিল নিশীথ প্ৰামানিকে। পিচে, চাকৰিটো নহ’লেই, বিচাৰোতে সেই টকাও ঘুৰাই নিদিলে।

বৰ্তমান বহু সমস্যাত পৰা বুলি উল্লেখ কৰি যুৱকজনে বাধ্য হৈ বিষয়টো জিলা তৃণমূল কংগ্ৰেছৰ অধ্যক্ষ উদয়ন গুহক অৱগত কৰে।

তৃণমূল নেতা উদয়ন গুহই কয়,’’সেই যুৱকক মই আগতে চিনি নাপাওঁ। যুৱকজনে আহি  সকলো ঘটনা মোক জনাইছে। নিশীথ প্ৰামানিকৰ কথা মতেই এঠাইৰ পৰা আন ঠাইলৈ বোমা কঢ়িওৱাৰ সময়ত সেই বোমা বিস্ফোৰণত যুৱকজন আহত হয়। কেবল সেয়াই নহয় যুৱকজনৰ পৰা চাকৰিৰ নামত টকাও লৈছিল। যুৱকজন এতিয়া অসহায় হৈ পৰিছে। এইবোৰ মানৱ অধিকাৰ আয়োগ বা চিবিআইৰ আগত দিবলৈ কোন নাই।‘’

এই সন্দৰ্ভত কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিশীথ প্ৰামানিকে অৱশ্যে এতিয়ালৈকে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।

উল্লেখ্য যে ২০১৯চনৰ লোকসভা নিৰ্বাচনত কোচবিহাৰ লোকসভা সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি সংসদলৈ নিৰ্বাচিত হয় প্ৰামানিক। ২১’ৰ বিধানসভা নিৰ্বাচনতো দিনহাটা সমষ্টিৰ পৰা তেওঁ বিজয়ী হয়। কিন্তু সাংসদ হোওৱাৰ বাবে তেওঁ বিধায়ক পদ এৰিবলগীয়া হয়।

ইয়াৰ পাছতে তেওঁক কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰীৰ দায়িত্ব দিয়া হয়। এতিয়া তেওঁৰ বিৰুদ্ধে উত্থাপিত এনে গুৰুতৰ অভিযোগৰ পাছতে ৰাজনৈতিক মহলত বিষয়টোক লৈ সৰৱ চৰ্চা আৰম্ভ হৈছে।