• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আজি প্ৰকাশ পাব এন আৰ চিৰ সম্পূৰ্ণ তালিকা; কেনেকৈ চাব আপোনাৰ তথা পৰিয়ালৰ সদস্যৰ নাম

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 14, 2019 9:53 am

2 min read

NRC-assam

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

2.6k
VIEWS
Share on FacebookShare on Twitter

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত সকলোৱে নিজৰ নাম চাব পৰাকৈ চূড়ান্ত তালিকা আজি প্ৰকাশ কৰা হ’ব। আজি প্ৰকাশ পাবলগীয়া এন আৰ চিৰ চূড়ান্ত তালিকাত অনলাইন যোগে ARN Search কৰিও অসমৰ জনসাধাৰণে নিজৰ নাম এন আৰ চিত অন্তৰ্ভূক্ত হৈছে নাই চাব পাৰিব।

ৰাজ্যত চলি থকা দীৰ্ঘদিনীয়া ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াৰ অন্তত এন আৰ চিৰ পৰা বাদ পৰা আৰু অন্তৰ্ভূক্ত হোৱা লোকৰ সম্পূৰ্ণ তালিকাৰে ৩১ আগষ্টত চূড়ান্ত এন আৰ চি প্ৰকাশ কৰা হৈছিল যদিও সকলো লোকে সেই তালিকাত নিজৰ নাম চাব পৰা নাছিল।

৩১ আগষ্টত পৰিপূৰক তালিকাহে মুকলি কৰি দিয়া হৈছিল য’ত শুনানিৰ বাবে আবেদন কৰা লোকসকলৰ লগতে পূৰ্বে বাদ পৰা যিসকলৰ নাম সন্নিৱিষ্ট হৈছে তেওঁলোকৰ নাম চাব পৰা গৈছিল।

আনহাতে, আজিৰে পৰা সকলোৱে অনলাইনত তেওঁলোকৰ নিজৰ লগতে পৰিয়ালৰ নাম চূড়ান্ত এন আৰ চি তালিকাত আহিছে নে নাই সেয়া চাব পাৰিব।

উল্লেখযোগ্য যে, উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত চলি থকা এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াৰ অন্তত ৩১ আগষ্টত প্ৰকাশ পোৱা চূড়ান্ত এন আৰ চিত মুঠ ৩,১১,২১,০০৪ গৰাকী লোকৰ নাম সন্নিবিষ্ট হোৱাৰ বিপৰীতে দাবী আৰু আপত্তি দাখিল নকৰা সকলকে ধৰি মুঠ  ১৯,০৬,৬৫৭ গৰাকী লোকৰ নাম বাদ পৰিল।

২০১৭ চনৰ ৩১ ডিচেম্বৰত প্ৰকাশিত এন আৰ চিৰ প্ৰথম খচৰাত  ৩.২৯ কোটি আবেদনকাৰীৰ ভিতৰত ১.৯৪ কোটি লোকৰ নাম অন্তৰ্ভুক্ত হৈছিল।

চূড়ান্ত এন আৰ চিত অন্তৰ্ভূক্ত সকলোৰে নাম আজিৰ পৰাহে অনলাইনযোগে চাব পৰাকৈ উপলব্ধ হ’ব। পূৰ্বে ৭ ছেপ্তেম্বৰৰ পৰা সকলোৱে এন আৰ চিত নিজৰ নাম চাব পৰাকৈ চূড়ান্ত তালিকা  উপলব্ধ কৰোৱা হ’ব বুলি উল্লেখ কৰিছিল ।

এন আৰ চিত নিজৰ নামটো আছে নে নাই কেনেদৰে চাব পাৰিব ?

ৱেবচাইট:

জনসাধাৰণতে তলত দিয়া ৱেবচাইট কেইটাত গৈ এন আৰ চিত নিজৰ নাম অন্তৰ্ভূক্ত হৈছে নে নাই চাব পাৰিব।

https://www.thefinalnrc.in/FinalNRC/Draft.htm

https://www.thefinalnrc.com/FinalNRC/Draft.htm

http://www.assam.gov.in

http://www.homeandpolitical.assam.gov.in

 

এছ এম এছ (SMS):

মোবাইল ফোনেৰেও এন আৰ চিত নিজৰ নাম আছে নে নাই চাব পৰা যাব। তাৰ বাবে মেছেজলৈ গৈ ARN টাইপ কৰক এটা স্পেচ দিয়ক ARN নম্বৰ অন্তৰ্ভূক্ত কৰক আৰু ৯৭৬৫৫৫৬৫৫৫ নম্বৰলৈ প্ৰেৰণ কৰক।

ট’ল ফ্ৰী নম্বৰ:

এন আৰ চি নিজৰ নাম অন্তৰ্ভূক্ত হৈছে নে নাই চাব বিচৰা সকলে ১৫১০৭ নম্বৰত ফোন কৰিও জানিব পাৰিব। অসমৰ বাহিৰৰ লোকৰ বাবে এই নম্বৰ হ’ল ১৮০০৩৪৫৩৭৬২

তাৰোপৰি, এন আৰ চি সেৱা কেন্দ্ৰসমূহত উপলব্ধ এন আৰ চিৰ চূড়ান্ত তালিকাত সকলোৱে নিজৰ নাম চাব পাৰিব।

Recent News

“সকলো বিৰোধী ৰাজনৈতিক শক্তি মূল শত্ৰু বিজেপিৰ বিৰুদ্ধে একত্ৰিত হ’ব লাগে” : দেৱব্ৰত শইকীয়া

“সকলো বিৰোধী ৰাজনৈতিক শক্তি মূল শত্ৰু বিজেপিৰ বিৰুদ্ধে একত্ৰিত হ’ব লাগে” : দেৱব্ৰত শইকীয়া

a black t

চাপৰত উপস্থিত হৈ মন্ত্ৰী পীযুষ হাজৰিকাই বিলালে ১৫ হাজাৰকৈ টকা, কাক দিলে এই ধন?

boat capsize

নাৱৰ পৰা পৰি তিনি শিশু, এগৰাকী মহিলাসহ পাঁচগৰাকী পৰ্যটকৰ হ্ৰদত সলিল সমাধি : ১৫ জন আহত

a black t

বিটিচিৰ স্বাস্থ্য বিভাগৰ বহু কৰ্মচাৰীয়ে আজি ফোনতে শুনিবলগীয়া হ’ল ধমক, কোনে দিলে কৰ্মচাৰীক ধমক?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd