ভাৰতৰ প্ৰায়বোৰ ৰাজ্যৰ লগতে অসমতো ক’ভিড-১৯ৰ সংক্ৰমণ নিয়ন্ত্ৰিত হোৱাৰ সময়ত বোকাখাত মহকুমাত সংক্ৰমণ নিয়ন্ত্ৰণত ব্যৰ্থ প্ৰশাসন ৷
যি সময়ত ৰাজ্যত ক’ভিড সংক্ৰমণৰ হাৰ ২ শতাংশৰ তললৈ নামিছে সেই সময়ত বোকাখাত মহকুমাত সংক্ৰমণৰ হাৰ প্ৰায় ৮.২৫ শতাংশ হোৱাতো যথেষ্ট উদ্বিগ্নতাৰ কাৰণ হৈ পৰিছে ৷
মহকুমাটোত এতিয়ালৈকে মুঠ ২,৯৭৪ জন ক’ভিড সংক্ৰমিত ৰোগী আছে ৷ সংক্ৰমণৰ দ্বিতীয় ঢৌৰ সময়ত মহকুমাটোত মুঠ ৪৫,০৬০ গৰাকী লোকক ক’ভিড টেষ্ট কৰাৰ বিপৰীতে ২৫,৩৭৮ জন লোকক এতিয়ালৈকে ক’ভিডৰ প্ৰতিষেধক প্ৰদান কৰা হৈছে বুলি বিভাগীয় সুত্ৰত প্ৰকাশ ৷
ইয়াৰে ১৬,৮৭৪ গৰাকী ৪৫ ৰ উৰ্ধৰ আৰু বাকী ৮,৪৯৪ গৰাকী ব্যক্তি ১৮ বছৰৰ পৰা ৪৪ বছৰৰ ভিতৰৰ লোক ৷
দ্বিতীয়টো সংক্ৰমণৰ এনে পৰিস্থিতিত বোকাখাত মহকুমাৰ মুঠ ২৩ গৰাকী লোকে এতিয়ালৈকে ক’ভিডৰ ভয়াবহ সংক্ৰমণত প্ৰাণ দিব লগা হৈছে ৷
ক’ভিডৰ এই দ্বিতীয় সংক্ৰমণৰ সময়ত বোকাখাত মহকুমাত সংক্ৰমণ প্ৰতিৰোধৰ সকলো প্ৰচেষ্টাই বিফল হোৱাৰ পিছত ৰাজ্য চৰকাৰে সোমবাৰৰ পৰা প্ৰযোজ্য হোৱাকৈ বোকাখাত মহকুমাক কন্টেইনমেন্ট জ’ন হিচাবে সম্পূৰ্ণ লকডাউনৰ ঘোষণা কৰিছে ৷
ক’ভিডৰ দ্বিতীয় সংক্ৰমণৰ সময়ত বোকাখাত মহকুমাত সংক্ৰমণ প্ৰতিৰোধৰ বাবে থকা ক’ভিড প্ৰট’কল ৰূপায়ন কৰাত মহকুমা প্ৰশাসন সম্পুৰ্ণ বিফল হোৱা কাৰ্যই মহকুমাটোক লকডাউনৰ মাজলৈ লৈ গ’ল ৷
সম্পুৰ্ণ লকডাউন আৰম্ভ হোৱাৰ প্ৰাক্ ক্ষণত দেওবাৰে বোকাখাত মহকুমা প্ৰশাসনৰ বিষয় ববীয়াৰে ক’ভিড সংক্ৰমণ প্ৰসংগত আলোচনাত মিলিত হয় মন্ত্ৰী অতুল বৰা ৷
আলোচনাত লক ডাউনৰ সময়ত মহকুমাটোত ক’ভিড সম্পৰ্কীয় নিৰ্দেশাৱলী কঠোৰভাৱে ৰূপায়িত কৰিবৰ বাবে মন্ত্ৰী বৰাই নিৰ্দেশ প্ৰদান কৰে ৷ ইয়াৰ বাবে তেওঁ টাস্ক ফৰ্চ গঠনৰো নিৰ্দেশ দিয়ে ৷