Quarantine for UK citizens: ভাৰতৰ অনুৰোধে কাম নিদিলে। সেয়ে এইবাৰ উভতি ধৰিছে ভাৰত চৰকাৰে। কোভিডৰ ভেকচিন লোৱা থাকিলেও ভাৰতলৈ অহা ব্ৰিটিছ নাগৰিকসকলে বাধ্যতামূলক ১০দিনৰ কোৱাৰেন্টাইনত থাকিব লাগিব।
তদুপৰি, আৰটি-পিচিআৰ ৰিপ’ৰ্টো লাগিব। অহা ৪অক্টোবৰৰ পৰাই এই নিয়ম কাৰ্যকৰী হ’ব।
বাতৰি অনুসৰি, ব্ৰিটেইনৰ পৰা যিসকল ব্ৰিটিছ নাগৰিক ভাৰতলৈ আহিব তেওঁলোকে যাত্ৰা কৰাৰ ৭২ঘন্টাৰ ভিতৰত আৰটি-পিচিআৰ পৰীক্ষা কৰিব লাগিব।
সেইদৰে, ভাৰতত অৱতৰণ কৰাৰ পাছত বিমানবন্দৰতো আৰটি-পিচিআৰ পৰীক্ষা কৰিব লাগিব।
সেয়াই নহয়, ভাৰতত প্ৰৱেশ কৰাৰ আঠদিনৰ মূৰত আৰু এবাৰ কৰিব লাগিব আৰটি-পিচিআৰ পৰীক্ষা। কোভিডৰ ভেকচিন লোৱা থাকিলেও এই নিয়ম সম্পূৰ্ণ প্ৰযোজ্য হ’ব।
বাতৰি মতে ভাৰতলৈ অহাৰ পাছত ব্ৰিটিছ নাগৰিকসকলে বাধ্যতামূলক ১০দিন কোৱাৰেন্টাইনত কটাব লাগিব। এইক্ষেত্ৰত ভেকচিন লোৱা থাকিলেও কোনো ৰেহাই নাপাব।
উল্লেখ্য যে ব্ৰিটেইনে শেহতীয়াকৈ জাৰি কৰা কোভিড ভেকচিন সম্বন্ধীয়া নতুন নিয়ম অনুসৰি কোভিশ্বিল্ড ভেকচিন লোৱা ভাৰতীয়সকলক ভেকচিন লোৱা হিচাপে বিবেচনা নকৰে আৰু দেশখনত তেওঁলোকৰ ১০দিনৰ বাধ্যতামূলক কোৱাৰেন্টাইনৰ নিৰ্দেশনা দিয়া হৈছে।
ব্ৰিটেইনৰ এই নিয়মো অহা ৪ অক্টোবৰৰ পৰা প্ৰযোজ্য হ’ব। ইয়াৰ ফলত ভাৰতীয়সকল সমস্যাৰ সন্মুখীন হৈছে কিয়নো ভাৰতত কোভিশ্বিল্ড আৰু কোভাক্সিন ভেকচিন প্ৰদান কৰা হৈছে।
ভাৰত বায়’টেকৰ কোভাক্সিনে বিশ্ব স্বাস্থ্য সংস্থাৰ অনুমোদন লাভ কৰা নাই। কিন্তু কোভিশ্বিল্ড লোৱাসকলকো ভেকচিনহীন বুলি বিবেচনা কৰিলে ভাৰতীয়সকল মহা বিপদত পৰাৰ আশংকা আছে।
এই বিষয়টো নিষ্পত্তি কৰিবলৈ ভাৰতে আহ্বান জনোৱাৰ লগতে প্ৰধানমন্ত্ৰী আৰু বিদেশমন্ত্ৰীয়েও বিষয়টোত হস্তক্ষেপ কৰে।
কিন্তু তাতো কাম নিসিজাত এইবাৰ ব্ৰিটেইনক উভতি ধৰি মধুৰ প্ৰতিশোধ ল’লে ভাৰতে।