• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বঙাইগাঁৱত অনুষ্ঠিত অসম বহুভাষিক কবি সন্মিলনৰ অধিৱেশন : সাতখন গ্ৰন্থ উন্মোচন

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
May 17, 2022 2:10 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম বহুভাষিক কবি সন্মিলনৰ প্ৰথম অধিৱেশনখনি দুদিনীয়া কাৰ্যসূচীৰে বঙাইগাঁৱৰ বীৰঝৰা পাব্লিক লাইব্ৰেৰীৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায়৷ প্রতিনিধিৰ নাম পঞ্জীয়ন আৰু ইয়াৰ পিছতে কেন্দ্রীয় কার্যনির্বাহক সভা অনুষ্ঠিত হয়৷ আনহাতে অধিৱেশনৰ দ্বিতীয় দিনা সোমবাৰে পুৱা ৮-৩০ বজাত অসম বহুভাষিক কবি সন্মিলনৰ সভাপতি অজিত দত্তই সন্মিলনৰ পতাকা উত্তোলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে৷

ইয়াৰ পিছতে অসম বহুভাষিক কবি সন্মিলনৰ উপদেষ্টা বিচিত্ৰ শৰ্মাই বন্তি প্ৰজ্বলন কৰে৷ স্মৃতি তর্পণৰ অন্তত অনুষ্ঠিত হয় প্রতিনিধি সভা ৷ অসম বহুভাষিক কবি সন্মিলনৰ সভাপতি অজিত দত্তৰ পৌৰহিত্যত অনুষ্ঠিত মুকলি সভাত আদৰণী ভাষণ প্ৰদান কৰে সন্মিলনৰ কাৰ্যকৰী সভাপতি কাজী শ্বামীমে৷

Apply Now

ইয়াৰ পিচতে প্ৰতিবেদন পাঠ কৰে প্ৰধান সম্পাদক শৈলেন্দ্ৰ প্ৰসাদ শৰ্মাই৷ সভাত বঙাইগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক লুণা সোণোৱাল, অভ্যৰ্থনা সমিতিৰ সভাপতি কাজী শ্বামীম, অসম বহুভাষিক কবি সন্মিলনৰ প্ৰধান সম্পাদক শৈলেন্দ্ৰ প্ৰসাদ শৰ্মা, দীনেশ চন্দ্ৰ দাস, বহুভাষিক কবি সন্মিলনৰ উপ সভাপতি ক্ৰমে ৰূপজ্যোতি দত্ত, ড°হৰ্ক বাহাদুৰ ছেত্ৰী,তৰুণ কুমাৰ বাহাদুৰ আদি বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে৷

সভাত অসম বহুভাষিক কবি সন্মিলনৰ সভাপতি অজিত দত্তই ইন্দুমতি শইকীয়াক “মুকুন্দ শৰ্মা সোঁৱৰণী বঁটা প্ৰদান কৰে ৷একেখন সভাত দীনেশ চন্দ্ৰ দাসৰ ‘জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ’ আৰু ‘শক্তিয়েই জীৱন’ সাধন দেৰ ‘ শংখদ্বীপ’ আৰু ‘ঐ মহামানৱ আছে ‘জ্যোৎস্না বিশ্বাস দেৰ উপন্যাস ‘প্ৰেমৰ সিপাৰে প্ৰেম’, প্ৰাণেশ্বৰ কলিতাৰ গীতৰ সংকলন ‘ঋতু আহে ঋতু যায়’ আৰু অধিৱেশনৰ লগত সংগতি ৰাখি ড°নুৰ জামালৰ মুখ্য সম্পাদনাত প্ৰকাশ কৰা কাব্য সংকলন ‘কাব্যকল্প’ আদি গ্ৰন্থ উন্মোচন কৰা হয়৷ অনুষ্ঠানত অসম বহুভাষিক কবি সন্মিলনৰ বাৰ্ষিক অধিৱেশনৰ সংগতি ৰাখি ৰাজ্যিক ভিত্তিত আয়োজিত বহুভাষিক স্বৰচিত কবিতা প্ৰতিযোগিতাত প্ৰথম ছয়টা স্থান দখল কৰা ক্ৰমে বৰপেটাৰ মেটুৱাকুছিৰ গুণজিৎ শইকীয়া ( পুনৰ্জন্ম), গোলাঘাটৰ বৰুৱাগাঁৱৰ দিব্যজ্যোতি বৰুৱা ( জীৱন), বঙাইগাঁৱৰ প্ৰিয়া কুমাৰী শ্বাহ(মেৰা সাথ দেনা ,যোৰহাটৰ যোগদুৱাৰৰ ৰীতা বৰুৱা ‘ (হাফ দ্যা স্কাই, মৰিয়নিৰ নাগাজাংকা নগাঁৱৰ অৰুণ গগৈ (আখৰা), তেজপুৰৰ বালিপুখুৰী তিনিআলিৰ মনোজ বৰা (চাকৰিৰ বিজ্ঞাপন ওলাইছে) ক বঁটা সমূহ প্ৰদান কৰা হয়৷

সভাৰ বিভিন্ন কাৰ্যসূচীৰ আঁত ধৰে মালা বৰুৱা আৰু মীনা দেৱীয়ে ৷ দুপৰীয়া আহাৰ বিৰতিৰ অন্তত অনুষ্ঠিত অসম বহুভাষিক কবি সন্মিলনৰ সভাপতি অজিত দত্তই কবি সন্মিলনৰ শুভ উদ্বোধন কৰে৷

কবি সন্মিলনৰ অধিৱেশনৰ অভ্যৰ্থনা সমিতিৰ সভাপতি কাজী শ্বামীমৰ সঞ্চালনাত অনুষ্ঠিত কবি সন্মিলনত শতাধিক কবিয়ে বিভিন্ন ভাষাৰ স্বৰচিত কবিতা পাঠ কৰি অনুষ্ঠানটোক জীপাল কৰি তোলে৷

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

July 25, 2026 5:55 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

July 25, 2026 5:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd