• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোনে লাভ কৰা নাছিল জ্ঞানপীঠ বঁটা! ADREৰ প্ৰশ্নকাকতত বিভ্ৰান্তিকৰ প্ৰশ্ন

কোকিল শইকীয়া by কোকিল শইকীয়া
September 29, 2024 7:30 pm
9
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ চৰকাৰ তথা শিক্ষা বিভাগে যি পৰীক্ষাই অনুষ্ঠিত নকৰক কিয়, প্ৰতিটো পৰীক্ষাতেই যেন কিবা নহয় কিবা এটা বিসংগতি থাকিবই। দেওবাৰে তৃতীয় বৰ্গৰ কেইবা হাজাৰো পদৰ বাবে অনুষ্ঠিত হয় অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা। এই পৰীক্ষাৰ বাবে পুৱা প্ৰায় ৮ বজাৰ পৰা বিয়লি ৪.৩০ বজালৈকে সমগ্ৰ অসমতে বন্ধ কৰি ৰখা হয় ইণ্টাৰনেট সেৱা।

এতিয়ালৈকে প্ৰাপ্ত খবৰ অনুসৰি, আজি অনুষ্ঠিত হৈ যোৱা এই পৰীক্ষা সুকলমে অনুষ্ঠিত হৈ যায় যদিও পৰীক্ষাৰ প্ৰশ্নকাকতৰ কেতবোৰ বিভ্ৰান্তিকৰ তথ্যই এতিয়া চকু কপালত তুলিছে।

Apply Now

উল্লেখ্য যে আজি তৃতীয় বৰ্গৰ চাকৰিৰ নিযুক্তি পৰীক্ষাত এটা প্ৰশ্ন আহিছিল। প্ৰশ্নটো আছিল – “নিম্নলিখিত কোন গৰাকীয়ে জ্ঞানপীঠ বঁটা লাভ কৰা নাই?”

 বহুবিকল্পী প্ৰশ্নকাকতখনত এই প্ৰশ্নটোৰ উত্তৰৰ বাবে আছিল মুঠ চাৰিটা বিকল্প। সেই বিকল্প কেইটা হৈছে – (ক) বীৰেন্দ্ৰনাথ দত্ত, (খ) নীলমণি ফুকন, (গ) হীৰেন ভট্টাচাৰ্য আৰু (ঘ) মামনি ৰয়চম গোস্বামী।

এই কেইটা উত্তৰৰ মাজৰ পৰা জ্ঞানপীঠ বঁটা কোনজন সাহিত্যিকে পোৱা নাছিল সেয়া বাচনি কৰিবলৈ দিছিল প্ৰশ্নকাকতখনৰ উক্ত প্ৰশ্নটোৱে।

এইখিনিতেই আৰম্ভ হৈছে বিভ্ৰান্তি। যাৰ বাবে এই প্ৰশ্নটোক কেন্দ্ৰ কৰি ইতিমধ্যেই বিতৰ্কৰ আৰম্ভণি হ’বলৈ ধৰিছে। প্ৰশ্নটোত সোধা হৈছে যে বিকল্পত থকা কোনগৰাকী সাহিত্যিকে জ্ঞানপীঠ পোৱা নাই।

উল্লেখ্য যে বিকল্পত থকা দুগৰাকী সাহিত্যিক – মামণি ৰয়চম গোস্বামী আৰু নীলমণি ফুকনে জ্ঞানপীঠ বঁটা লাভ কৰাৰ বিপৰীতে আন দুগৰাকী সাহিত্যিক বীৰেন্দ্ৰনাথ দত্ত আৰু হীৰেন ভট্টাচাৰ্যই এই বঁটা লাভ কৰা নাই।

এতিয়া প্ৰশ্ন হয় – যিহেতু প্ৰশ্নটোত জ্ঞানপীঠ বঁটা লাভ নকৰা সাহিত্যিক গৰাকী কোন সুধিছে, তাৰোপৰি উত্তৰবহীতো মাত্ৰ এটা বিকল্প হে শুদ্ধ বুলি চিনাক্ত কৰিব পৰা যায়, তেনেস্থলত উত্তৰৰ বিকল্পত জ্ঞানপীঠ বঁটা নোপোৱা দুগৰাকী সাহিত্যিকৰ নাম কিয় দিয়া হ’ল?

উল্লেখ্য যে অসমীয়া সাহিত্যত এতিয়ালৈকে তিনিগৰাকী বৰেণ্য সাহিত্যিকে লাভ কৰিছে জ্ঞানপীঠ বঁটা। সেই কেইগৰাকী  হৈছে – বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, মামণি ৰয়চম গোস্বামী আৰু নীলমণি ফুকন।

এতিয়া প্ৰশ্ন উত্থাপন হৈছে – বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ নাম পাহৰি বা ভুল কৰি উত্তৰৰ বিকল্পত বীৰেন্দ্ৰনাথ দত্ত বুলি লিখিলে নেকি প্ৰশ্নকাকত তৈয়াৰ কৰা শিক্ষাবিদ সকলে?  প্ৰশ্ন উত্থাপন হৈছে যে একো গণ্ডগোল নথকাকৈ এটাও পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰে নেকি এইখন চৰকাৰে?

তদুপৰি দিনৰ দিনটো ইণ্টাৰনেট সেৱা বন্ধ কৰি ডেলিভাৰী বয়, অনলাইন বাইক-টেক্সি চালক আৰু ক্ষুদ্ৰ ব্যৱসায়ী সকলৰ পেটত লাঠ মৰাৰ লগতে সাধাৰণ মানুহক বিপদত পেলোৱা কাৰ্যকো গৰিহণা দিছে সচেতন সমাজে। এতিয়া এইবোৰ বিসংগতি সম্পৰ্কে ফেচবুক লাইভত আহি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভুল স্বীকাৰ কৰাৰ লগতে ভুলৰ দায়িত্ব গা পাতি লয় নে নলয় সেয়া হ’ব লক্ষ্যনীয়।

কোকিল শইকীয়া

কোকিল শইকীয়া

সাংবাদিক, নৰ্থ-ইষ্ট নাও

Stay Connected

  • 117k Fans

Recent News

অসমৰ ভূগৰ্ভত পোৱা গৈছে এবিধ নতুন প্ৰজাতিৰ অন্ধ বামি মাছ

অসমৰ ভূগৰ্ভত পোৱা গৈছে এবিধ নতুন প্ৰজাতিৰ অন্ধ বামি মাছ

August 5, 2026 4:39 pm
সদনৰ অচলাৱস্থাৰ মাজতে ৰাহুল গান্ধীক সাক্ষাৎ কিৰেন ৰিজিজুৰ

সদনৰ অচলাৱস্থাৰ মাজতে ৰাহুল গান্ধীক সাক্ষাৎ কিৰেন ৰিজিজুৰ

August 5, 2026 4:23 pm
“প্ৰতিবাদৰ সময়ত হিংসা ৰোধ কৰিবলৈ চৰকাৰে যুৱপ্ৰজন্মৰ কথা শুনা উচিত”, ‘সংসদ চলো’ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

“প্ৰতিবাদৰ সময়ত হিংসা ৰোধ কৰিবলৈ চৰকাৰে যুৱপ্ৰজন্মৰ কথা শুনা উচিত”, ‘সংসদ চলো’ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

August 5, 2026 3:39 pm
ইউ পি আইৰ দ্বাৰা ২০০০ টকাতকৈ বেছি লেনদেন কৰিলে ভৰিব লাগিব অতিৰিক্ত টকা? সংসদত কি বিল আনিলে নিৰ্মলা সীতাৰমণে?

ইউ পি আইৰ দ্বাৰা ২০০০ টকাতকৈ বেছি লেনদেন কৰিলে ভৰিব লাগিব অতিৰিক্ত টকা? সংসদত কি বিল আনিলে নিৰ্মলা সীতাৰমণে?

August 5, 2026 2:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমৰ ভূগৰ্ভত পোৱা গৈছে এবিধ নতুন প্ৰজাতিৰ অন্ধ বামি মাছ

অসমৰ ভূগৰ্ভত পোৱা গৈছে এবিধ নতুন প্ৰজাতিৰ অন্ধ বামি মাছ

August 5, 2026 4:39 pm
সদনৰ অচলাৱস্থাৰ মাজতে ৰাহুল গান্ধীক সাক্ষাৎ কিৰেন ৰিজিজুৰ

সদনৰ অচলাৱস্থাৰ মাজতে ৰাহুল গান্ধীক সাক্ষাৎ কিৰেন ৰিজিজুৰ

August 5, 2026 4:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd