• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কোনে লাভ কৰা নাছিল জ্ঞানপীঠ বঁটা! ADREৰ প্ৰশ্নকাকতত বিভ্ৰান্তিকৰ প্ৰশ্ন

কোকিল শইকীয়া by কোকিল শইকীয়া
September 29, 2024 7:30 pm
346
VIEWS
Share on FacebookShare on Twitter

অসমৰ চৰকাৰ তথা শিক্ষা বিভাগে যি পৰীক্ষাই অনুষ্ঠিত নকৰক কিয়, প্ৰতিটো পৰীক্ষাতেই যেন কিবা নহয় কিবা এটা বিসংগতি থাকিবই। দেওবাৰে তৃতীয় বৰ্গৰ কেইবা হাজাৰো পদৰ বাবে অনুষ্ঠিত হয় অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা। এই পৰীক্ষাৰ বাবে পুৱা প্ৰায় ৮ বজাৰ পৰা বিয়লি ৪.৩০ বজালৈকে সমগ্ৰ অসমতে বন্ধ কৰি ৰখা হয় ইণ্টাৰনেট সেৱা।

এতিয়ালৈকে প্ৰাপ্ত খবৰ অনুসৰি, আজি অনুষ্ঠিত হৈ যোৱা এই পৰীক্ষা সুকলমে অনুষ্ঠিত হৈ যায় যদিও পৰীক্ষাৰ প্ৰশ্নকাকতৰ কেতবোৰ বিভ্ৰান্তিকৰ তথ্যই এতিয়া চকু কপালত তুলিছে।

উল্লেখ্য যে আজি তৃতীয় বৰ্গৰ চাকৰিৰ নিযুক্তি পৰীক্ষাত এটা প্ৰশ্ন আহিছিল। প্ৰশ্নটো আছিল – “নিম্নলিখিত কোন গৰাকীয়ে জ্ঞানপীঠ বঁটা লাভ কৰা নাই?”

 বহুবিকল্পী প্ৰশ্নকাকতখনত এই প্ৰশ্নটোৰ উত্তৰৰ বাবে আছিল মুঠ চাৰিটা বিকল্প। সেই বিকল্প কেইটা হৈছে – (ক) বীৰেন্দ্ৰনাথ দত্ত, (খ) নীলমণি ফুকন, (গ) হীৰেন ভট্টাচাৰ্য আৰু (ঘ) মামনি ৰয়চম গোস্বামী।

এই কেইটা উত্তৰৰ মাজৰ পৰা জ্ঞানপীঠ বঁটা কোনজন সাহিত্যিকে পোৱা নাছিল সেয়া বাচনি কৰিবলৈ দিছিল প্ৰশ্নকাকতখনৰ উক্ত প্ৰশ্নটোৱে।

এইখিনিতেই আৰম্ভ হৈছে বিভ্ৰান্তি। যাৰ বাবে এই প্ৰশ্নটোক কেন্দ্ৰ কৰি ইতিমধ্যেই বিতৰ্কৰ আৰম্ভণি হ’বলৈ ধৰিছে। প্ৰশ্নটোত সোধা হৈছে যে বিকল্পত থকা কোনগৰাকী সাহিত্যিকে জ্ঞানপীঠ পোৱা নাই।

উল্লেখ্য যে বিকল্পত থকা দুগৰাকী সাহিত্যিক – মামণি ৰয়চম গোস্বামী আৰু নীলমণি ফুকনে জ্ঞানপীঠ বঁটা লাভ কৰাৰ বিপৰীতে আন দুগৰাকী সাহিত্যিক বীৰেন্দ্ৰনাথ দত্ত আৰু হীৰেন ভট্টাচাৰ্যই এই বঁটা লাভ কৰা নাই।

এতিয়া প্ৰশ্ন হয় – যিহেতু প্ৰশ্নটোত জ্ঞানপীঠ বঁটা লাভ নকৰা সাহিত্যিক গৰাকী কোন সুধিছে, তাৰোপৰি উত্তৰবহীতো মাত্ৰ এটা বিকল্প হে শুদ্ধ বুলি চিনাক্ত কৰিব পৰা যায়, তেনেস্থলত উত্তৰৰ বিকল্পত জ্ঞানপীঠ বঁটা নোপোৱা দুগৰাকী সাহিত্যিকৰ নাম কিয় দিয়া হ’ল?

উল্লেখ্য যে অসমীয়া সাহিত্যত এতিয়ালৈকে তিনিগৰাকী বৰেণ্য সাহিত্যিকে লাভ কৰিছে জ্ঞানপীঠ বঁটা। সেই কেইগৰাকী  হৈছে – বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, মামণি ৰয়চম গোস্বামী আৰু নীলমণি ফুকন।

এতিয়া প্ৰশ্ন উত্থাপন হৈছে – বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ নাম পাহৰি বা ভুল কৰি উত্তৰৰ বিকল্পত বীৰেন্দ্ৰনাথ দত্ত বুলি লিখিলে নেকি প্ৰশ্নকাকত তৈয়াৰ কৰা শিক্ষাবিদ সকলে?  প্ৰশ্ন উত্থাপন হৈছে যে একো গণ্ডগোল নথকাকৈ এটাও পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰে নেকি এইখন চৰকাৰে?

তদুপৰি দিনৰ দিনটো ইণ্টাৰনেট সেৱা বন্ধ কৰি ডেলিভাৰী বয়, অনলাইন বাইক-টেক্সি চালক আৰু ক্ষুদ্ৰ ব্যৱসায়ী সকলৰ পেটত লাঠ মৰাৰ লগতে সাধাৰণ মানুহক বিপদত পেলোৱা কাৰ্যকো গৰিহণা দিছে সচেতন সমাজে। এতিয়া এইবোৰ বিসংগতি সম্পৰ্কে ফেচবুক লাইভত আহি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভুল স্বীকাৰ কৰাৰ লগতে ভুলৰ দায়িত্ব গা পাতি লয় নে নলয় সেয়া হ’ব লক্ষ্যনীয়।

Recent News

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

“ঘৰ ঘৰ সংযোগ কাৰ্যসূচী ” ঘোষণা আপৰ : অক্টোবৰত গুৱাহাটীত বিশাল সমাৱেশ, আহিব অৰবিন্দ কেজৰীৱাল

“ঘৰ ঘৰ সংযোগ কাৰ্যসূচী ” ঘোষণা আপৰ : অক্টোবৰত গুৱাহাটীত বিশাল সমাৱেশ, আহিব অৰবিন্দ কেজৰীৱাল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd