• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এপষ্টেইন ফাইলত মোডীৰ নাম কিয়? ৰাজনৈতিক মহলত চাঞ্চল্য! আহিছে উত্তৰ, চলিছে বিতৰ্ক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 1, 2026 10:36 am
81
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাত কুখ্যাত যৌন অপৰাধী জেফ্ৰি এপষ্টেইনৰ সৈতে জড়িত নথি-পত্ৰ প্ৰকাশ পোৱাৰ পিছত এতিয়া ই ভাৰতীয় ৰাজনীতিতো ঢৌৰ সৃষ্টি কৰিছে। শুকুৰবাৰে আমেৰিকাৰ ন্যায় বিভাগে ‘এপষ্টেইন ফাইলছ ট্ৰেন্সপাৰেন্সি এক্ট’ৰ অধীনত আৰু কেইবাটাও নথি প্ৰকাশ কৰে।

সেই বিশাল নথি-পত্ৰৰ আৰ্কাইভৰ পৰা ২০১৭ চনৰ এটা ইমেইল পোহৰলৈ আহিছে, য’ত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নাম উল্লেখ কৰা বুলি দাবী কৰা হৈছে। কংগ্ৰেছৰ অফিচিয়েল হেণ্ডেলত এই ইমেইল প্ৰকাশ কৰি এই দাবী কৰা হৈছে। এই ইমেইলটো পোহৰলৈ অহাৰ লগে লগে ৰাজনৈতিক মহলত স্বাভাৱিকতে বিতৰ্ক আৰম্ভ হৈছে ।

Apply Now

প্ৰকাশিত নথি অনুসৰি এই ইমেইলটো জেফ্ৰি এপষ্টেইনে ২০১৭ চনৰ ৯ জুলাইত প্ৰেৰণ কৰিছিল। ইমেইলৰ প্ৰাপক আছিল ‘জেবাৰ ৱাই’ নামৰ এজন ব্যক্তি, যি সম্ভৱতঃ এপষ্টেইনৰ ঘনিষ্ঠ মহলৰ সদস্য। ইমেইলটোত এপষ্টেইনে লিখিছে, “ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীয়ে পৰামৰ্শ মানি চলিছে আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ সুবিধাৰ্থে ইজৰাইলত নাচ-গান কৰিছে। কেই সপ্তাহ আগতে তেওঁলোকৰ দেখা হৈছিল। সেইটোৱে কাম কৰিছে!”

এই ইমেইলটোৱে বিতৰ্কৰ ধুমুহাৰ সৃষ্টি কৰিছে। কাৰণ, ২০১৭ চনৰ জুন মাহত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে প্রথমবাৰৰ বাবে ইজৰাইল ভ্ৰমণ কৰিছিল। সেইটোৱেই আছিল ভাৰতীয় প্ৰধানমন্ত্ৰীৰ ইজৰাইল ভ্ৰমণৰ প্ৰথম আনুষ্ঠানিক ভ্ৰমণ। ইয়াৰ ঠিক আগতে জুন মাহৰ শেষৰ ফালে তেওঁ আমেৰিকা ভ্ৰমণ কৰিছিল, য’ত তেওঁ তেতিয়াৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক লগ পাইছিল।

এই ঘটনাৰ পৰিপ্ৰেক্ষিতত কংগ্ৰেছে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। বিৰোধী দলটোৱে দাবী কৰিছে যে ট্ৰাম্পৰ সৈতে হোৱা বৈঠকৰ সময়ত জেফ্ৰি এপষ্টেইনৰ সৈতে মোডীৰ কিছু যোগাযোগ আছিল। কংগ্ৰেছে আৰু অভিযোগ কৰে যে এপষ্টেইনৰ ইমেইলত উল্লেখ কৰা ‘পৰামৰ্শ’ৰ ভিত্তিত মোডীৰ ইজৰাইল ভ্ৰমণৰ দিন ধাৰ্য কৰা হৈছিল। ইমেইলৰ স্ক্ৰীণশ্বট ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি কংগ্ৰেছ নেতৃত্বই কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে প্ৰশ্ন উত্থাপন কৰি প্ৰধানমন্ত্ৰীৰ ভূমিকা সম্পৰ্কে ব্যাখ্যাৰ দাবী জনাইছে। এই বিষয়টোক লৈ ৰাজনৈতিক উত্তেজনা ইতিমধ্যে শিখৰত উপনীত হৈছে।

কিন্তু ভাৰত চৰকাৰে এই সকলো অভিযোগ আৰু জল্পনা-কল্পনা সম্পূৰ্ণৰূপে খাৰিজ কৰিছে। শুকুৰবাৰে এখন সংবাদমেলত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে স্পষ্টকৈ উল্লেখ কৰে যে ২০১৭ চনত প্ৰধানমন্ত্ৰী মোডীৰ ইজৰাইল ভ্ৰমণ এক ঐতিহাসিক আৰু সম্পূৰ্ণ আনুষ্ঠানিক চৰকাৰী ভ্ৰমণ আছিল। দোষী সাব্যস্ত হোৱা অপৰাধীৰ ব্যক্তিগত ইমেইলত লিখা শব্দৰ কোনো বিশ্বাসযোগ্যতা নাই বুলিও তেওঁ মন্তব্য কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এই ইমেইলটোক ‘আৱৰ্জনামূলক ৰুমিনেচনছ’ বা ‘এজন অপৰাধীৰ অসংলগ্ন কথা’ বুলি সম্পূৰ্ণ অৱজ্ঞাৰে খাৰিজ কৰিছে।

এই বিতৰ্কত বিশেষজ্ঞসকলৰ মাজতো মতানৈক্য দেখা যায়। ৰাজনৈতিক বিশ্লেষকৰ এটা অংশৰ মতে এপষ্টেইনে ইমেইলত ‘নাচ আৰু গান’ শব্দটো আক্ষৰিক অৰ্থত ব্যৱহাৰ কৰা নাছিল। বৰঞ্চ কূটনৈতিক বুজাবুজি বা ৰাজনৈতিক পদক্ষেপৰ উপমা হ’ব পাৰে।

Extremely shameful!!

Narendra Modi’s name has surfaced in the Epstein files. America’s serial rapist, child sex offender, and human trafficker Jeffrey Epstein wrote in an email on July 9, 2017: 👇

“The Indian Prime Minister Modi took advice and danced and sang in Israel for… pic.twitter.com/TTkO2Z7Sfi

— Congress (@INCIndia) January 31, 2026

আনহাতে বহু বিশ্লেষকে দাবী কৰে যে প্ৰভাৱশালী লোকৰ লগত নিজৰ ঘনিষ্ঠতা দেখুৱাবলৈ এপষ্টেইনে প্ৰায়ে অতিৰঞ্জিত বা মনেসজা কথা লিখিছিল। এই ইমেইলটো এটা বিভ্ৰান্তিকৰ দাবীও হ’ব পাৰে।

উল্লেখযোগ্য যে মানৱ সৰবৰাহ আৰু শিশু নিৰ্যাতনৰ দৰে গুৰুতৰ অভিযোগত দোষী সাব্যস্ত হোৱা জেফ্ৰি এপষ্টেইনৰ ২০১৯ চনত কাৰাগাৰত মৃত্যু হয়। যদিও তেওঁৰ মৃত্যুক আনুষ্ঠানিকভাৱে আত্মহত্যা বুলি কোৱা হৈছিল, তথাপিও ইয়াৰ ওপৰত বিতৰ্ক চলি আছে।

সম্প্ৰতি তেওঁৰ সৈতে জড়িত লাখ লাখ নথি-পত্ৰ প্ৰকাশ পোৱাৰ লগে লগে সমগ্ৰ বিশ্বতে চৰ্চাই ধুমুহাৰ সৃষ্টি কৰিছে। সেই প্ৰেক্ষাপটত প্ৰধানমন্ত্ৰীৰ নাম জড়িত এই ইমেইলটোৱে ভাৰতৰ ৰাজনীতিত কিমান প্ৰভাৱ পেলাব সেয়া হ’ব লক্ষ্যণীয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অঘটনৰ আৰম্ভণি! শিশু কেপ ভাৰ্ডেৰ ‘বুঢ়া’ গ’লৰক্ষকে কৰিলে বিমুখ; ইয়ামালক নমাইও ব্যৰ্থ স্পেইন

অঘটনৰ আৰম্ভণি! শিশু কেপ ভাৰ্ডেৰ ‘বুঢ়া’ গ’লৰক্ষকে কৰিলে বিমুখ; ইয়ামালক নমাইও ব্যৰ্থ স্পেইন

June 16, 2026 8:09 am
ফুটবলত ক্ৰিকেটৰ প্ৰযুক্তি! ‘স্নিক’মিটাৰ’ৰ সহায়ত বিশ্বকাপত চুইডেনক গ’ল প্ৰদান ৰেফাৰীৰ

ফুটবলত ক্ৰিকেটৰ প্ৰযুক্তি! ‘স্নিক’মিটাৰ’ৰ সহায়ত বিশ্বকাপত চুইডেনক গ’ল প্ৰদান ৰেফাৰীৰ

June 16, 2026 7:22 am
ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘটনৰ আৰম্ভণি! শিশু কেপ ভাৰ্ডেৰ ‘বুঢ়া’ গ’লৰক্ষকে কৰিলে বিমুখ; ইয়ামালক নমাইও ব্যৰ্থ স্পেইন

অঘটনৰ আৰম্ভণি! শিশু কেপ ভাৰ্ডেৰ ‘বুঢ়া’ গ’লৰক্ষকে কৰিলে বিমুখ; ইয়ামালক নমাইও ব্যৰ্থ স্পেইন

June 16, 2026 8:09 am
ফুটবলত ক্ৰিকেটৰ প্ৰযুক্তি! ‘স্নিক’মিটাৰ’ৰ সহায়ত বিশ্বকাপত চুইডেনক গ’ল প্ৰদান ৰেফাৰীৰ

ফুটবলত ক্ৰিকেটৰ প্ৰযুক্তি! ‘স্নিক’মিটাৰ’ৰ সহায়ত বিশ্বকাপত চুইডেনক গ’ল প্ৰদান ৰেফাৰীৰ

June 16, 2026 7:22 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd