কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীৰ জী প্ৰিয়ংকাই পেইণ্টিঙো কৰে, কিমানে জানে এই কথা?

তদন্তত ওলাইছে য়েছ বেংকৰ প্ৰতিষ্ঠাপক ৰাণা কাপুৰে প্ৰিয়ংকাৰ এখন পেইণ্টিং দুই কোটি টকাত কিনিছিল

priyanka-137402972_6

প্ৰিয়ংকা গান্ধী। ফাইল ফটো

কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীৰ জী, ৰাহুল গান্ধীৰ ভগ্নী প্ৰিয়ংকা গান্ধী ভদ্ৰাই পেইণ্টিঙো কৰে, ভাৰতৰ কিমান মানুহে জানিছিল এই কথা? 

পিছে, প্ৰিয়ংকা গান্ধী ভদ্ৰাই পেইণ্টিং কৰাই নহয়, তেওঁৰ এখন ছবি বিক্ৰীও গৈছিল চকু কপালত উঠা দুই কোটি টকাত। 

য়েছ বেংকৰ লেনদেনৰ ওপৰত চলিত তদন্তত ওলাইছে বেংকটোৰ প্ৰতিষ্ঠাপক ৰাণা কাপুৰে প্ৰিয়ংকা গান্ধীৰ এখন পেইণ্টিং বোলে দুই কোটি টকাত কিনিছিল, বাতৰিত প্ৰকাশ। 

ক’লা ধন বগা কৰাৰ অভিযোগত ৰাণা কাপুৰক সোধপোচৰ পিছত দেওবাৰে এনফ’ৰ্চমেণ্ট ডিৰেক্তৰেটে গ্ৰেপ্তাৰ কৰিছে। 

কাপুৰৰ বিত্তীয় অনিয়মৰ অভিযোগৰ পিছতে কেন্দ্ৰীয় চৰকাৰ আৰু ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই য়েছ বেংকৰ নিয়ন্ত্ৰণ নিজৰ হাতলৈ নিছে। 

কাপুৰে বিৰুদ্ধে অভিযোগ তেওঁৰ “নিয়ন্ত্ৰণাধীন” ফাৰ্ম এখনে কেলেংকাৰিত অভিযুক্ত ডি এইচ এফ এলৰ সৈতে সম্পৰ্ক থকা এটা গোটৰ পৰা ৬০০ কোটি টকা লাভ কৰিছিল।

বাতৰি মতে, কংগ্ৰেছে প্ৰিয়ংকা গান্ধীৰ পেইণ্টিং ৰাণা কাপুৰে কিনাৰ কথা অস্বীকাৰ কৰা নাই। কিন্তু কৈছে যে কেৱল লেনদেনে একো অবৈধ কাম নুসূচায়।