• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ফাট মেলা বসুমতী অৱস্থা মুখ্যমন্ত্ৰীৰ : টুইটাৰত হিমন্ত বিশ্ব শৰ্মাক তুলাধুনা গৌৰৱ গগৈৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 13, 2023 3:51 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

স্বতন্ত্ৰ ডিজিটেল সংবাদ মাধ্যম দ্য ক্ৰছ কাৰেণ্টে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী আৰু পৰিয়ালৰ ভূমি ক্ষুধা আৰু কেলংকাৰীৰ ফাদিল কৰাৰ পাছতে যেন থৰকাছুতি হেৰুৱাইছে মুখ্যমন্ত্ৰী শৰ্মাই! বিৰোধী ৰাজনৈতিক দলসমূহে সদনৰ ভিতৰে বাহিৰে সংসৱদ্ধভাৱে মুখ্যমন্ত্ৰী পত্নীৰ মাটিৰ খকৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীক জৱাবদিহি কৰিবলৈ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। কিন্তু মুখ্যমন্ত্ৰী পত্নীৰ এই মাটিৰ খক আৰু প্ৰধানমন্ত্ৰী কিষাণ স্পন্দন আঁচনি অধীনত ১০ কোটি টকাৰ ৰাজসাহায্য  লাভ কৰা বিষয় দুটাই সামাজিক মাধ্যমত তোলপাৰ লগাইছে। 

গোলাম সদৃশ সংবাদ মাধ্যম নীৰৱ হৈ থাকিলেও ৰাজ্যৰ সচেতন লোকে কিন্তু সামাজিক মাধ্যমত সোচ্চাৰ হোৱাই দেখা গৈছে। বিভিন্নজনে মুখ্যমন্ত্ৰী পত্নীয়ে কেনেকৈ চিলিং এক্টৰ মাটিৰ গৰাকী হ’ব পাৰিছে আৰু মুখ্যমন্ত্ৰীৰ পত্নী হৈ কেনেকৈ প্ৰধানমন্ত্ৰী কিষাণ স্পন্দন আঁচনিৰ হিতাধিকাৰী হব পাৰিলে সেই লৈ প্ৰশ্নৰ উত্থাপন কৰিছে। কিন্তু চতুৰ মুখ্যমন্ত্ৰী তথা ৰাজনীতিৰ চাণক্য হিমন্ত বিশ্ব শৰ্মাইও সুযোগ বুজি নিমাত নিতাল মাৰি আছিলে। কিন্তু মুখ্যমন্ত্ৰী হিমন্ত শিশু বুলি তাচ্ছিল্য কৰি অহা কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে এইবাৰ টোপনি হৰণ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ। গৌৰৱ গগৈৰ এটা টুইটত থৰকাছুতি হেৰুৱাইছে শৰ্মাই। 

Apply Now

উল্লেখ্য যে পূৰ্বৰ টুইটাৰ আৰু এতিয়াৰ এক্সত গৌৰৱ গগৈয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উদ্দেশ্যি কৰে এটা বিশেষ টুইট। দ্য ক্ৰছ কাৰেণ্টৰ লিংক সম্বলিত টুইটটোত সাংসদ গগৈয়ে লিখিছে, আদৰণীয় প্ৰধানমন্ত্ৰী, আপোনাৰ চৰকাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ দ্বাৰা পৰিচালিত ব্যক্তিগত প্ৰতিষ্ঠান  এটাক ১০ কোটি টকাৰ ৰাজ সাহায্য দিছে। এয়া ৰেভদি নে ৰাবৰি? এইবোৰ কাৰণে জনতাই কৰ আদায় দিছে নেকি?  

ইয়াৰ পাছত APC Schemeৰ এখন ফটো শ্বেয়াৰ কৰি গৌৰৱ গগৈয়ে লিখিছে প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰ কৃষকৰ আয় দুগুণ বৃদ্ধিৰ বাবে কিষাণ সম্পদ আঁচনি আৰম্ভ কৰিছিল। কিন্তু অসমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ ক্ষমতা আৰু প্ৰভাৱত পত্নীৰ প্ৰতিষ্ঠানটোক ক্ৰেডিট লিংকড চাবচিডিৰ অংশ হিচাপে ১০ কোটি টকা লাভ কৰাত সহায় কৰিছে। বিজেপিক সমৃদ্ধ কৰাই কেন্দ্ৰীয় চৰকাৰৰ আঁচনিবোৰৰ উদ্দেশ্যে নেকি?

সাংসদ গৌৰৱ গগৈৰ এই দুই টুইটে মুখ্যমন্ত্ৰী হিমন্তৰ সকলো দৰ্প যেন চূৰ্ণ কৰি দিলে। মুখ্যমন্ত্ৰী হিমন্তই গৌৰৱ গগৈৰ টুইটৰ শ্বেয়াৰ কৰি প্ৰত্যুত্তৰ দিয়াই নহয় জৱাদিহি হোৱাৰ দৰেই হৈছে  

গগৈৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰীয়ে টুইটাৰত লিখিছে, মই স্পষ্ট কৰি দিব বিচাৰো যে মোৰ পত্নী বা তেওঁৰ প্ৰতিষ্ঠানটোৱে ভাৰত চৰকাৰৰ পৰা কেতিয়াও কোনো ধৰণৰ আৰ্থিক ৰাজসাহায্য লাভ কৰা নাই। কিন্তু মুখ্যমন্ত্ৰী শৰ্মাৰ এই জৱাবদিহি কিমান সত্য? 

হিমন্ত বিশ্ব শৰ্মাৰ টুইটো শ্বেয়াৰ কৰি গৌৰৱ গগৈয়ে পুনৰ টুইট কৰি মুখ্যমন্ত্ৰীক কটাক্ষ কৰি কয় – খাদ্য সংসাধন মন্ত্ৰালয়ৰ ৱেবছাইটত ব্যক্তিগৰাকীৰ আৰু তেওঁ জড়িত প্ৰতিষ্ঠানটোৰ নাম স্পষ্টকৈ উল্লেখ আছে। তাত ১০ কোটি টকাৰ চৰকাৰী অনুদানকো অনুমোদন দিয়াটো উল্লেখ আছে। যদি তেওঁলোকৰ ৱেবচাইট হেক হৈছে অনুগ্ৰহ কৰি কেন্দ্ৰীয় মন্ত্ৰীক খবৰ দিয়ক। ইমানতেই শেষ হোৱা নাই, মুখ্যমন্ত্ৰীক সম্পূৰ্ণ উলংগ কৰি অৰ্থাৎ মুখ্যমন্ত্ৰী মিথ্যাচাৰৰ উন্মুক্ত কৰি এইবাৰ আক্ৰমণ কৰে সাংসদ গৌৰৱ গগৈয়ে।

এইবাৰ তথ্যৰ লিংক শ্বেয়াৰ গৌৰৱ গগৈয়ে হিমন্তক মিথ্যাচাৰ উন্মোচন কৰি কয়, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ সুবিধাৰ্থে মই খাদ্য সংসাধন মন্ত্ৰালয়ৰ ৱেবছাইটৰ লিংকটো সংলগ্ন কৰিছো। ইয়াত ১০ কোটি টকাৰ চৰকাৰী ৰাজসাহায্য লাভ কৰা কোম্পানী আৰু প্ৰমোটাৰৰ তালিকা দেখুওৱা হৈছে। অনুগ্ৰহ কৰি ক্ৰমিক নং ১০ টো চাওক। গৌৰৱ গগৈয়ে কোৱা এই ১০ নং ক্ৰমিকতে আছে মুখ্যমন্ত্ৰী শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মা আৰু তেওঁৰ মালিকাধীন প্ৰতিষ্ঠান M/s Pride East Entertainments Private Limited নাম আৰু ১০ কোটি টকাৰ অনুমোদন জনোৱাৰ তথ্য। 

এইদৰে হিমন্ত বিশ্ব শৰ্মাই শিশু বুলি তাচ্ছিল্য কৰা সাংসদ গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তোলাধুনা দি ধুনাই নহয় দৰ্প চূৰ্ণ কৰি মিথ্যাচাৰৰ উদঙাই দেখুওৱালে। এক্সপ’জ হোৱাৰ পিছত এই প্ৰতিবেদন প্ৰস্তুত কৰা পৰ্যন্ত হিমন্তই গৌৰৱ গগৈক কোনো প্ৰত্যুত্তৰ দিয়া নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd