• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমৰ বাবে শুভ লক্ষণ নহয় কংগ্ৰেছ-এ আই য়ু ডি এফৰ মিত্ৰতা : প্ৰশান্ত ফুকন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 27, 2019 1:30 pm

2 min read

Prasanta Phukan

প্ৰশান্ত ফুকন। ফটো উৎস : ইন্টাৰনেট

857
VIEWS
Share on FacebookShare on Twitter

লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ আৰু এ আই য়ু ডি এফ দলৰ মাজত গোপন মিত্ৰতা গঢ়ি উঠা বুলি ৰাজনৈতিক মহলত ব্যাপক ৰূপত চৰ্চিত হৈ থকাৰ সময়তে এই মিত্ৰতা অসমৰ বাবে অশনি সংকেত বুলি মন্তব্য কৰিছে বিজেপি বিধায়ক প্ৰশান্ত ফুকনে।

ডিব্ৰুগড়ৰ বিধায়ক ফুকনে এই প্ৰসংগত কয়, ‘এতিয়া আৰু কংগ্ৰেছ-এ আই য়ু ডি এফৰ মিত্ৰতা গোপন হৈ থকা নাই। দুয়ো দলৰ মিত্ৰতা অসমৰ বাবে অশুভ’।

একমাত্ৰ ক্ষমতাৰ খক তথা কলিয়াবৰ সমষ্টিৰ পৰা সাংসদ হিচাপে যাতে পুনৰ এবাৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈ নিৰ্বাচিত হয় সেই কথা লক্ষ্য ৰাখিয়েই কংগ্ৰেছ দলে এ আই য়ু ডি এফৰ সৈতে হাত মিলাইছে বুলিও বিধায়কগৰাকীয়ে মন্তব্য কৰে।

আনহাতে তৰুণ গগৈ আৰু বদৰুদ্দিন আজমলৰ মাজত হোৱা এই মিত্ৰতাই অসমখনক দ্বিতীয় কাশ্মীৰ বনোৱাৰ ক্ষেত্ৰত সহায়ক হ’ব বুলিও মন্তব্য কৰে বিধায়ক ফুকনে। তদুপৰি বদৰুদ্দিন আজমল সন্দৰ্ভত পূৰ্বে আক্ৰমণাত্মক হোৱা তৰণ গগৈয়ে এতিয়া গ্ৰহণ কৰা নৰম স্থিতি সন্দৰ্ভত কয় যে তৰুণ গগৈৰ গাত লাচিতৰ তেজ আছে নে নাই ক’ব নোৱাৰি কিন্তু বদনৰ যে তেজ আছে সেই কথা এতিয়া স্পষ্ট হৈ পৰিছে।

উল্লেখ্য যে এইবাৰৰ লোকসভা নিৰ্বাচনত এ আই য়ু ডি এফে ধুবুৰী, কৰিমগঞ্জ আৰু বৰপেটা আসনতহে প্ৰতিদ্বন্দ্বিতা কৰিব। এই কথা যোৱা ২৫ মাৰ্চত সংবাদমেল যোগে দলটোৰ সাধাৰণ সম্পাদক আমিনুল ইছলামে জানিবলৈ দিছিল।

দলটোৰ এই ঘোষণাৰ পিছৰে পৰা বিষয়টোৱে ৰাজনৈতিক মহলত ব্যাপক চৰ্চা লাভ কৰি আছে। এ আই য়ু ডি এফৰ এনে সিদ্ধান্ত কংগ্ৰেছৰ সৈতে হোৱা ভিতৰুৱা বুজাবুজিৰ ফলশ্ৰুতি বুলি বিজেপিৰ লগতে আন আন বিৰোধী ৰাজনৈতিক দলসমূহে মন্তব্য কৰিছে।

আনহাতে কংগ্ৰেছে এই অভিযোগ সম্পূৰ্ণৰূপে নাকচ কৰাৰ লগতে কংগ্ৰেছৰ বিৰুদ্ধে এয়া অপপ্ৰচাৰ বুলিহে মন্তব্য কৰে।

এইখিনিতে মন কৰিব লগীয়া যে বিগত লোকসভা নিৰ্বাচনত এ আই য়ু ডি এফ দলে কংগ্ৰেছৰ ভোট ভঙাৰ লগতে বহু কেইটা সমষ্টিত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। সেই পৰিসংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰৰ নিৰ্বাচনত কংগ্ৰেছ আৰু এ আই য়ু ডি এফ দলে ভিতৰুৱাকৈ বুজাবুজি কৰা বুলি ৰাজনৈতিক বিশ্লেষকসকলে সন্দেহ প্ৰকাশ কৰিছে।

Recent News

IMG-20210115-WA0005

নগাঁৱত বনকৰ্মী মহেশ নাথৰ দুখনকৈ গ্ৰন্থ উন্মোচন

a doctor

ৰাজ্যৰ ১২ গৰাকী জ্যেষ্ঠ চিকিৎসকে সৰ্বপ্ৰথমে গ্ৰহণ কৰিব কোভিডৰ ভেকচিন

FB_IMG_1610717632176

বিশিষ্ট সাহিত্যিক সু- লেখিকা বীণা শৰ্মাৰ মৃত্যু, শোক স্তব্ধ নগাঁও

a gana

ভাৰতীয় গণনাট্য সংঘৰ জ্যোতি-স্মৰণ আৰু গণশিল্পী হেমাঙ্গ বিশ্বাস বঁটা প্ৰদান অনুষ্ঠান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd