• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৫ টা গেৰান্টিৰ উপৰিও কংগ্ৰেছে নিৰ্বাচনী ইস্তাহাৰত অসমবাসীলৈ আৰু কি কি গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতি দিলে?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 20, 2021 8:26 pm
rahul ji

কংগ্ৰেছৰ ইস্তাহাৰ মুকলি ৰাহুল গান্ধীৰ। ফটো: নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম প্ৰদেশ কংগ্ৰেছে ইতিমধ্যে দি অহা ৫ টা গেৰান্টিৰ উপৰিও আজি প্ৰকাশ কৰা নিৰ্বাচনী ইস্তাহাৰত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা প্ৰকাশ কৰে।

প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণলৈ মাজত মাথো এসপ্তাহ। এনে সময়তে বিভিন্ন প্ৰতিশ্ৰুতিৰে ভৰপুৰ এখন নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰি উলিয়ায় প্ৰদেশ কংগ্ৰেছে। ইস্তাহাৰখন উন্মোচন কৰে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে।

Apply Now

কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰত প্ৰকাশ পোৱা গুৰুত্বপূৰ্ণ ঘোষণা কেইটামান পাঠক ৰাইজলৈ বুলি আগবঢ়ালো :

  • মহিলা গোটসমূহে মাইক্ৰ’ফাইনেন্সৰ পৰা লোৱা ঋণ ৰেহাই কৰি দিয়া হ’ব।
  • প্ৰকৃত শিপিনীক বিনামূলীয়াকৈ সূতা, তাঁতশাল আৰু ইয়াৰ সৈতে সংলগ্ন সামগ্ৰীসমূহ প্ৰদান কৰা হ’ব।
  • ৰাজ্যৰ সকলো চৰকাৰী বাছত মহিলাসকলৰ বাবে বিনামূলীয়া যাতায়তৰ ব্যৱস্থা
  • কৃষকৰ সমুদায় কৃষিঋণ মাফ কৰি দিয়া হ’ব।
  • কাছাৰ কাগজকল আৰু জাগীৰোডৰ নগাওঁ কাগজকল পুনৰ মুকলি কৰাৰ বাবে ক্ষিপ্ৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
  • অসম আন্দোলন, ভাষা আন্দোলন, মাধ্যম আন্দোলন, কা আন্দোলনৰ শ্বহীদ পৰিয়ালক পেন্সন প্ৰদান কৰা হ’ব।
  • শিলচৰ ৰে’লৱে ষ্টেশ্যনৰ প্ৰস্তাৱিত ‘ভাষা শ্বহীদ ষ্টেশ্যন, শিলচৰ’ নামকৰণ সম্পন্ন কৰা হ’ব।
  • গুৱাহাটী মহানগৰীত চৰকাৰী মাটিত বাস কৰি থকা ভূমিহীন লোকসকলক সুবিধা অনুযায়ী মাটিৰ পট্টা দিয়া হ’ব।
  • প্ৰত্যেকখন প্ৰাথমিক বিদ্যালয়ত এটি প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰা হ’ব।
  • পঞ্চাছ বছৰ সম্পন্ন কৰা নামঘৰ, মন্দিৰ, মছজিদ, দৰগাহ, গুৰুদ্বাৰকে ধৰি ধৰ্মীয় অনুষ্ঠানসমূহলৈ আৰ্থিক অনুদান প্ৰদান কৰা হ’ব।
  • বৰ্তমান অনুসূচিত জাতি-জনজাতিৰ তালিকাভুক্ত হৈ থকা জনগোষ্ঠীসমূহৰ কোনোধৰণৰ ক্ষতি নোহোৱাকৈ ছয় জনগোষ্ঠী, টাই-আহোম, মৰাণ, মটক, চুতীয়া, চাহ জনগোষ্ঠী আৰু কোচ ৰাজবংশীৰ জনজাতিকৰণৰ দীৰ্ঘদিনীয়া দাবী সমাধান কৰা হ’ব।
  • অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ থলুৱা উৎসৱসমূহ যেনে জোনবিল মেলা, কাৰ্বি মহোৎসৱ আদিৰ স্থলীসমূহৰ আন্তঃগাঁথনি উন্নত কৰি পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলা হ’ব।
  • চেনি আৰু কেৰাচিন পুনৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ জৰিয়তে সূলভ মূল্যত বিক্ৰীৰ ব্যৱস্থা কৰা হ’ব।
  • সকলো শ্ৰেণীৰ শিল্পী, কলা-কুশলীক ক’ৰোনা কালত হোৱা তেওঁলোকৰ ক্ষতিৰ জোৰা মাৰিবলৈ এক কৰপাছ ফাণ্ড গঠন কৰা হ’ব।
  • প্ৰতিটো বিধানসভা সমষ্টিত একোটাকৈ ডিজিটেল সা-সুবিধাযুক্ত গ্ৰাম্য পুথিভঁৰাল স্থাপনৰ বাবে যাৱতীয় অনুদান আগবঢ়োৱা হ’ব।
  • প্ৰতিখন জিলাত একোখনকৈ গো-শালা প্ৰতিষ্ঠা কৰা হ’ব।
  • অধিবক্তাসকলৰ কল্যাণৰ বাবে পূৰ্বৰ কংগ্ৰেছ চৰকাৰে কৰপাছ ফাণ্ডৰ নামত ঘোষণা কৰা পাঁচ কোটি টকা বৃদ্ধি, কাৰ্য্যকৰী কৰা হ’ব।
  • প্ৰতিবছৰে অসমৰ সংবাদ জগতৰ অন্যতম বাটকটীয়া ৰাধাগোবিন্দ বৰুৱাৰ নামত একোগৰাকী বিশিষ্ট সাংবাদিকক বঁটা প্ৰদান কৰা হ’ব।
  • নগৰৰ দৰিদ্ৰ বস্তি অঞ্চলত আৰু গাঁৱৰ হাট-বজাৰত ভ্ৰাম্যমাণ চিকিৎসালয়(ক্লিনিক) আৰম্ভ কৰা হ’ব।
  • ‘আমাৰ পাকঘৰ’ আঁচনিৰ জৰিয়তে সংগঠিত আৰু অসংগঠিত খণ্ডত নিয়োজিতসকলৰ বাবে ১০ টকাত দুপৰীয়াৰ আহাৰ।
  • অসমৰ ভাষা-সংস্কৃতি-ঐতিহ্য আৰু অস্তিত্বৰ প্ৰতি ভাবুকি কঢ়িওৱা নাগৰিকত্ব(সংশোধনী) আইন অৰ্থ্যাৎ ‘কা’ অসমত বলবৎ হ’বলৈ দিয়া নহ’ব।
কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নাৰীৰ তীক্ষ্ণ স্মৃতিশক্তিৰ বাবে কেতিয়াবা বিপাঙত পৰে পুৰুষ, কেনেকৈ মনত ৰাখে সকলো কথা? কাৰণ দৰ্শালে বিশেষজ্ঞই

নাৰীৰ তীক্ষ্ণ স্মৃতিশক্তিৰ বাবে কেতিয়াবা বিপাঙত পৰে পুৰুষ, কেনেকৈ মনত ৰাখে সকলো কথা? কাৰণ দৰ্শালে বিশেষজ্ঞই

June 18, 2026 6:45 am
ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

June 17, 2026 9:00 pm
টেলিগ্ৰাম নিষিদ্ধকৰণৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আৱেদন, প্ৰতিবন্ধকতাৰ আঁৰত ৰিলায়েন্সৰ চক্ৰান্ত থকাৰ অভিযোগ

টেলিগ্ৰাম নিষিদ্ধকৰণৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আৱেদন, প্ৰতিবন্ধকতাৰ আঁৰত ৰিলায়েন্সৰ চক্ৰান্ত থকাৰ অভিযোগ

June 17, 2026 8:34 pm
দেশীয় প্ৰজাতিৰ কুকুৰ আলোকৰ ভাৰতলৈ প্ৰত্যাৱৰ্তন, দেখা কৰিবলৈ হেতা-ওপৰা লগালে সহস্ৰাধিক লোকে

দেশীয় প্ৰজাতিৰ কুকুৰ আলোকৰ ভাৰতলৈ প্ৰত্যাৱৰ্তন, দেখা কৰিবলৈ হেতা-ওপৰা লগালে সহস্ৰাধিক লোকে

June 17, 2026 7:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাৰীৰ তীক্ষ্ণ স্মৃতিশক্তিৰ বাবে কেতিয়াবা বিপাঙত পৰে পুৰুষ, কেনেকৈ মনত ৰাখে সকলো কথা? কাৰণ দৰ্শালে বিশেষজ্ঞই

নাৰীৰ তীক্ষ্ণ স্মৃতিশক্তিৰ বাবে কেতিয়াবা বিপাঙত পৰে পুৰুষ, কেনেকৈ মনত ৰাখে সকলো কথা? কাৰণ দৰ্শালে বিশেষজ্ঞই

June 18, 2026 6:45 am
ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

June 17, 2026 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd