DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

থাওৰা সমষ্টিত পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু কংগ্ৰেছ-বিজেপি-অগপ

হিতোজ্বল চেতিয়া by হিতোজ্বল চেতিয়া
November 16, 2018 1:10 pm
Panchayat-elections-750x375

প্ৰতিনিধিত্বমূলক চিত্ৰ

214
VIEWS
Share on FacebookShare on Twitter

বৰ্তমান ৰাজ্যৰ চৌদিশে পঞ্চায়ত নিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহে বিভিন্ন তৎপৰতা প্ৰদৰ্শন কৰি থকাৰ লগতে এই ক্ষেত্ৰত পিছ পৰি থকা নাই ৰাজ্যৰ অন্যতম থাওৰা সমষ্টিও। সমষ্টিটোৰ ২০খন পঞ্চায়ততে বিজেপিয়ে সাফল্য লাভ কৰিব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে থাওৰা সমষ্টিৰ বিধায়ক কুশল দুৱৰীয়ে।

এইকেইদিনত সমষ্টিৰ বিজেপি দলৰ বিষয়ববীয়া তথা কৰ্মীসকলে ঘৰে ঘৰে গৈ ভোটাৰ ৰাইজক আকৰ্ষিত কৰাৰ চেষ্টা চলোৱাৰ লগতে বিভিন্ন বৈঠকত মিলিত হোৱাও পৰিলক্ষিত হৈছে।

ইয়াৰ বিপৰীতে সমষ্টিটোৰ একাংশ ৰাজনৈতিক বিশ্লেষকে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে অসমত বলপূৰ্বকভাৱে জাপি দিব বিচৰা নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬, পেট্ৰল ডিজেল তথা নিত‍্য ব্যৱহৃত সামগ্ৰীৰ অত্যধিক মূল্যবৃদ্ধি, জিএছটি , অসহিষ্ণুতা আদি কাৰকে ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনত বিৰূপ প্ৰভাৱ পেলাব বুলি মন্তব্য কৰিছে।

ইফালে প্ৰধান আঞ্চলিক ৰাজনৈতিক দল অগপও থাওৰা সমষ্টিটোৰ ৪খন জিলা পৰিষদৰ লগতে ২০ খন গাঁও পঞ্চায়তত নিজাকৈ প্ৰাৰ্থী থিয় কৰায় নিৰ্বাচনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে। অগপৰ থাওৰা সমষ্টি সমিতিৰ সভাপতি লীলাজ্যোতি ফুকন, প্ৰাক্তন আছুনেতা তথা অগপৰ ভাতৃ সংগঠন যুৱ পৰিষদৰ কেন্দ্ৰীয় সম্পাদক প্ৰণৱ চেতিয়া, প্ৰাক্তন আছুনেতা তথা শিৱসাগৰ জিলা সমিতিৰ সম্পাদক কুশল দত্ত, প্ৰাক্তন আছুনেতা তথা অগপ নিতাইপুখুৰী আঞ্চলিক সমিতিৰ অন্যতম বিষয়ববীয়া জিতুমণি গগৈৰ নেতৃত্বত দিলটোৱে সমষ্টিটোত যুঁজিবলৈ সাজু হৈছে।

আনহাতে ২০১০ত অনুষ্ঠিত হোৱা পঞ্চায়ত নিৰ্বাচনত থাওৰাৰ প্ৰাক্তন বিধায়ক সুসান্ত বৰগোহাঁইৰ নেতৃত্বত কংগ্ৰেছ দলে ১৬ খন পঞ্চায়ত দখল কৰাৰ বিপৰীতে বিজেপিয়ে মাত্ৰ ৪ খন পঞ্চায়তহে লাভ কৰিছিল। সেই দিশলৈ লক্ষ্য কৰিলে কংগ্ৰেছ দলেও সমষ্টিটোত আন আন দলসমূহক যথেষ্ট প্ৰত্যাহ্বান আগবঢ়োৱাটো খাটাং।

তিনিওটা দলৰ প্ৰস্তুতি তথা শক্তিশালী ভোটাৰৰ সংখ্যালৈ লক্ষ্য কৰিলে আগন্তুক পঞ্চায়ত নিৰ্বাচনত থাওৰা সমষ্টিত যে এক আকৰ্ষণীয় যুঁজ হ’ব সেইয়া নিশ্চিত।

Recent News

শালকোচাত দুই চোৰাং চিকাৰীক আটক, দুটা মৃত কেটেলা পহু উদ্ধাৰ

শালকোচাত দুই চোৰাং চিকাৰীক আটক, দুটা মৃত কেটেলা পহু উদ্ধাৰ

বানৰ সমানে সমানে কৃষ্ণাই নৈৰ খহনীয়াৰ ভয়ংকৰ ৰূপ

বানৰ সমানে সমানে কৃষ্ণাই নৈৰ খহনীয়াৰ ভয়ংকৰ ৰূপ

ফেচবুকত বিপ্লৱী কবিতা লিখি গ্ৰেপ্তাৰ হ’ল যোৰহাটৰ প্ৰতিভাৱান ছাত্ৰী

ফেচবুকত বিপ্লৱী কবিতা লিখি গ্ৰেপ্তাৰ হ’ল যোৰহাটৰ প্ৰতিভাৱান ছাত্ৰী

জনপ্ৰতিনিধিৰ কাণ্ড: সাংবাদিকৰ পিঠিত উঠি গ’ল বান বিধ্বস্ত এলেকা চাবলৈ!

জনপ্ৰতিনিধিৰ কাণ্ড: সাংবাদিকৰ পিঠিত উঠি গ’ল বান বিধ্বস্ত এলেকা চাবলৈ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd