ভোটগ্ৰহণৰ পূৰ্বে উত্তপ্ত আমেথি! কংগ্ৰেছৰ কাৰ্যালয়ত দুস্কৃতিকাৰীৰ আক্ৰমণ, চলালে তাণ্ডৱ

ফটোঃ সংগ্ৰহীত।

২৪ৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছে গান্ধী পৰিয়ালৰ পুৰণি দুৰ্গ আমেথি পুনৰুদ্ধাৰ যুঁজত নামিছে। কিন্তু প্ৰতিপক্ষও কম শক্তিশালী নহয়। ৰাষ্ট্ৰীয় ৰাজনীতিৰ শেনচকু সেই আমেথিত এইবাৰ দুস্কৃতিকাৰীৰ আক্ৰমণ।

দেওবাৰে আমেথিস্থিত কংগ্ৰেছ দলৰ কাৰ্যালয়ত একাংশ অচিনাক্ত দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰে। কাৰ্যালয়টোত আক্ৰমণৰ উপৰি বাহিৰত ৰখাই থোৱা কেইবাখনো গাড়ীও ভাঙি-ছিঙি চূৰমাৰ কৰি পেলোৱা হয়। এই ঘটনাত তোলপাৰ লাগিছে।

জানিব পৰা মতে, দেওবাৰে মাজনিশা হঠাতে একাংশ অচিনাকি দুষ্কৃতিকাৰীয়ে কংগ্ৰেছ দলৰ কাৰ্যালয়ত তাণ্ডৱ সৃষ্টি কৰে। কাৰ্যালয়ৰ লগতে বাহিৰত ৰখাই থোৱা কেইবাখনো গাড়ীও ভাঙি পেলোৱা হয়। দুস্কৃতিকাৰীৰ আক্ৰমণৰ শব্দ শুনি তাত উপস্থিত হ’ল দলীয় কৰ্মী। ইয়াৰ পিছত দুস্কৃতিকাৰীসকল তাৰ পৰা পলায়ন কৰে।

লগতে পঢ়কঃ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ সামৰণি; মঙলবাৰে দেশৰ ৯৩ খন আসনৰ বাবে হ’ব ভোটদান

কংগ্ৰেছে নিশাৰ পৰাই এই ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ কৰে। ঘটনাৰ খবৰ পাই ততাতৈয়াকৈ দলৰ কাৰ্যালয়লৈ যায় ৰাজ্যিক সভাপতি প্ৰদীপ সিংঘাল। আৰক্ষীক খবৰ দিয়াৰ লগে লগে তাত বৃহৎ সংখ্যক আৰক্ষী বাহিনী মোতায়েন কৰা হয়।

আৰক্ষী অধীক্ষক মায়ংক দ্বিবেদীয়ে সমগ্ৰ ঘটনাৰ তদন্ত কৰি দোষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস দিয়ে। আনহাতে, কংগ্ৰেছে দাবী কৰিছে যে এই আক্ৰমণ বিজেপি সমৰ্থিত দুস্কৃতিকাৰীয়ে সংঘটিত কৰিছে।

গান্ধী পৰিয়ালৰ সমষ্টি হিচাপে পৰিচিত আমেথিত ২০১৯ চনৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছ পৰাস্ত হৈছিল। বিজেপি প্ৰাৰ্থী স্মৃতি ইৰানীৰ হাতত পৰাস্ত হয় ৰাহুল গান্ধী। এইবাৰ কংগ্ৰেছে আমেথি উদ্ধাৰ কৰাত কোনো ত্ৰুটি কৰা নাই। যদিও গান্ধী পৰিয়ালৰ কোনো প্ৰাৰ্থী নহয়, কংগ্ৰেছে এই আসনত গান্ধী পৰিয়ালৰ অতি ঘনিষ্ঠ কিশোৰীলাল শৰ্মাক মনোনীত কৰিছে।

লগতে পঢ়কঃ ছিকিমলৈও আহি আছে বন্দে ভাৰত! ৫ ঘণ্টাত আহি পাব গুৱাহাটী?

আনহাতে, ইয়াত কংগ্ৰেছৰ প্ৰতিদ্বন্দ্বী হৈছে স্মৃতি ইৰাণী। পঞ্জাৱৰ বাসিন্দা যদিও কিশোৰীলাল ১৯৮৩ চনত ৰাজীৱ গান্ধীৰ হাত ধৰি আমেথিলৈ আহিছিল। তেতিয়াৰ পৰাই তেওঁ কংগ্ৰেছ পৰিয়ালৰ বাবে অবিৰতভাৱে কাম কৰি আহিছে। ২০ মে’ত আমেথিত লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। তাৰ আগতে দলৰ কাৰ্যালয়ত আক্ৰমণৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।