• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গৃহ মন্ত্ৰী শ্বাহৰ নিমন্ত্ৰণ প্ৰত্যাখ্যান, কেব বিৰোধিতাত অটল কংগ্ৰেছ

স্ব-সংখ্যাগৰিষ্ঠতাহীন সদনত কংগ্ৰেছৰ পৰা চি পি আই (এম)লৈকে দলসমূহে কেব বিৰোধিতাৰ আশ্বাস দিছে, কিন্তু ক্ষমতাত থকা ৰাজ্যতো কোনো আন্দোলন থিয় কৰোৱা নাই।

এন ই নাও নিউজ by এন ই নাও নিউজ
November 29, 2019 7:04 pm
Congress boycotts Amit Shah’s CAB meeting in Delhi

নতুন দিল্লীত শুকুৰবাৰে উত্তৰ-পূবৰ একাংশ সাংসদৰ বিধেয়ক বিৰোধী প্ৰতিবাদ। ছবি- নৰ্থইষ্ট নাও।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কংগ্ৰেছে নাগৰিকত্ব বিধেয়ক সন্দৰ্ভত আলোচনাৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে জনোৱা নিমন্ত্ৰণ শুকুৰবাৰে প্ৰত্যাখ্যান কৰিছে।

কংগ্ৰেছ নেতৃত্বই প্ৰকাশ কৰিছে যে দলটোৱে বিধেয়ক বিৰোধিতাত অটল থকাৰ সিদ্ধান্ত লৈছে আৰু সেয়ে শনিবাৰৰ বৈঠকখন বয়কট কৰিছে।

Apply Now

“এই বৈঠকখন অৰ্থহীন (mere eyewash)। চৰকাৰে আগতেই স্থিৰ কৰিছে যে সংসদৰ চলিত শীতকালীন অধিৱেশনত নাগৰিকত্ব বিধেয়ক তেওঁলোকে উত্থাপন কৰিব,” নৰ্থইষ্ট নাওক অসম প্ৰদেশ কংগ্ৰেছ সভাপতি ৰিপুণ বৰাই জনায়।

কংগ্ৰেছৰ উত্তৰ-পূবৰ সাংসদসকলে শুকুৰবাৰে বিধেয়কখনৰ বিৰোধিতাৰে সংসদ চৌহদত এক প্ৰতিবাদো সাব্যস্ত কৰে।

বৰাই জনাই যে বিষয়টোক লৈ দলৰ পূৰ্বৰ স্থিতিৰ কোনো সালসলনি হোৱা নাই আৰু কংগ্ৰেছৰ মত হৈছে বিধেয়কখনে উত্তৰ-পূবৰ খিলঞ্জীয়াৰ ক্ষতি কৰিব।

“কেব অসম চুক্তিৰ একেবাৰে নীতিৰে বিৰোধী। ই অঞ্চলটোৰ খিলঞ্জীয়াসকলৰ পৰিচয়ক বিপদত পেলোৱাই নহয় তেওঁলোকৰ মৌলিক অধিকাৰতো আঘাত হানিব,” বৰাই কয়।

বিধেয়ক সন্দৰ্ভত আলোচনাৰ বাবে শ্বাহে উত্তৰ-পূবৰ ৰাজনৈতিক নেতা, ছাত্ৰ নেতাৰ লগতে বিভিন্ন সংগঠন, নাগৰিক সমাজৰ প্ৰতিনিধিৰ সৈতে এলানি বৈঠক আয়োজন কৰিছে।

সূত্ৰমতে, ত্ৰিপুৰা আৰু মিজোৰামৰ প্ৰতিনিধিসকলৰ সৈতে শুকুৰবাৰে ৰাতি নতুন দিল্লীত প্ৰথম দুখন বৈঠক অনুষ্ঠিত হ’ব।

অন্তিমবাৰ বিধেয়কখন সদনত উত্থাপন হওঁতে কংগ্ৰেছে ইয়াৰ বিৰোধিতা কৰিছিল।

লোক সভাত বিধেয়কখন গৃহীত হৈছিল যদিও ইয়াক ৰাজ্য সভাত দাখিলৰ পৰা অন্তিম মুহূৰ্তত চৰকাৰ বিৰত আছিল।

কংগ্ৰেছৰ পৰা চি পি আই (এম)লৈকে দলসমূহে তেওঁলোকৰ সংখ্যাগৰিষ্ঠতা নথকা সদনত বিধেয়কখনৰ বিৰোধিতাৰ আশ্বাস দি আহিছে।

তাৎপৰ্য্যপূৰ্ণভাৱে কিন্তু বিধেয়কখনৰ বিৰোধিতা কৰা দলকেইটাই উত্তৰ-পূবৰ বাহিৰত নিজে ক্ষমতাত থকা ৰাজ্যতো (যেনে– ৰাজস্থান, কেৰালা) কোনো আন্দোলন থিয় কৰোৱা দেখা যোৱা নাই।

উত্তৰ-পূবক বাদ দি ভাৰতৰ আন কোনো ৰাজ্যত বিধেয়কৰ বিৰুদ্ধে কোনো প্ৰতিবাদ হোৱা নাই আৰু ৰাজ্যসমূহৰ পৰা বিষয়টোত কেন্দ্ৰৰ ওপৰত চাপ শূন্য।

কাৰ্য্যতঃ “গোটেই ভাৰতত প্ৰযোজ্য হ’ব লগা” বিধেয়কখনৰ বিৰুদ্ধে ৰাজপথত নামিছে কেৱল উত্তৰ-পূবৰ খিলঞ্জীয়ানিৰ্ভৰ সংগঠনসমূহ।

বিধেয়কক লৈ গঠিত যুটীয়া সংসদীয় সমিতিয়ে ইয়াক গৃ্হীত কৰাৰ বাবে যোৱা জানুৱাৰিত পৰামৰ্শ আগবঢ়াইছিল।

“যুটীয়া সংসদীয় সমিতিয়ে পৰামৰ্শ দিয়ে যে সংশোধন কৰা ৰূপত বিধেয়কখন গৃ্হীত কৰিব লাগে আৰু আন মন্তব্য/ পৰামৰ্শসমূহ বিবেচনা কৰিব লাগে,” যোৱা ৪ জানুৱাৰিত অধ্যক্ষ ৰাজেন্দ্ৰ অগ্ৰৱালে স্বাক্ষৰ কৰা প্ৰতিবেদনত উল্লেখ।

বিধেয়কখন সংখ্যাৰ জোৰত বিজেপি নেতৃত্বাধীন চৰকাৰে পাছ কৰিব বুলি অসমৰ বহু প্ৰতিবাদীয়ে আশংকা কৰিছে আৰু উচ্চতম ন্যায়ালয়ত আইনী যুঁজ চলোৱাৰ বাবে সাজু হৈছে।

বিধেয়কখন শাসক বিজেপিৰ “ৰাষ্ট্ৰীয় প্ৰতিশ্ৰুতি”। বৰ্তমান দুয়ো সদনতে তেওঁলোক সৰ্বাধিক সদস্য থকা দল।

২০১৬ চনত তদানীন্তন গৃহ মন্ত্ৰী ৰাজনাথ সিঙে প্ৰথমে সদনত নাগৰিকত্ব বিধেয়কখন উত্থাপন কৰিছিল।

বিধেয়কখনে ভাৰতৰ চুবুৰীয়া পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ অমুছলমান ধৰ্মীয় সংখ্যালঘু (হিন্দু, বৌদ্ধ, জেন, পাৰ্ছি, শিখ আৰু খ্ৰীষ্টান)ৰ ভাৰতীয়কৰণৰ চৰ্ত শিথিল কৰিব খুজিছিল।

চলিত শীতকালীন অধিৱেশনত উত্থাপন হ’ব লগা বিধেয়কখন পূৰ্বতকৈ কিছু সালসলনি কৰা হৈছে বুলি অসমৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছিল।

শৰ্মাই নতুন বিধেয়কত উত্তৰ-পূবৰ “অনন্য পৰিচয়”ৰ কথা মনত ৰখা হ’ব বুলি জনাইছিল।

কিন্তু, উত্তৰ-পূবৰ প্ৰতিবাদী সংগঠনসমূহে কোনো ৰূপতেই বিধেয়কখন গ্ৰহণ নকৰে বুলি ভাৰত চৰকাৰক জনাই আহিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd