চাৰি বছৰ পুৰণি এক মানহানিৰ গোচৰত কংগ্ৰেছ নেতা ৰাহুল গান্ধীক কালি গুজৰাটৰ চুৰাট আদালতে দোষী সাব্যস্ত কৰি দুবছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰাৰ পাছতে বিৰোধী দলসমূহৰ সমৰ্থন লাভৰ প্ৰচেষ্টা চলাইছে কংগ্ৰেছে। দেশৰ প্ৰধান বিৰোধী দলটোৱে এই প্ৰসঙ্গত আলোচনাৰ বাবে আজি বিৰোধী দলৰ নেতাসকলৰ এক বৈঠক আহ্বান কৰিছে।
আজি পুৱা ১০ বজাৰ পৰা এই বৈঠক আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেই সকলো বিৰোধী দলৰ সাংসদকে এই বৈঠকৰ বাবে আহ্বান জনাইছে। কংগ্ৰেছে গান্ধীৰ বিৰুদ্ধে আদালতে শাস্তি ঘোষণা কৰাৰ পিছতে এয়া শাসকীয় মোদী চৰকাৰৰ প্ৰতিশোধৰ ৰাজনীতি বুলি অভিযোগ কৰিছে।
দলৰ জেষ্ঠ্য নেতা তথা ৰাজ্যসভাৰ সাংসদ জয়ৰাম ৰমেশে ৰাহুল গান্ধীৰ শাস্তি ঘোষণাক কেৱল আইনী বিষয় হিচাপেই গ্ৰহণ নকৰি ইয়াক এক অত্যন্ত গুৰুতৰ ৰাজনৈতিক বিষয় বুলি অভিহিত কৰে আৰু বিষয়টোক ভাৰতীয় গণতন্ত্ৰৰ ভৱিষ্যতৰ সৈতে জড়িত বুলি মন্তব্য কৰে।
কালি সন্ধিয়া দলৰ মুৰব্বী মল্লিকাৰ্জুন খৰ্গেৰ বাসগৃহত অনুষ্ঠিত হোৱা এক দলীয় বৈঠকৰ পিছত সাংবাদিকৰ আগত কংগ্ৰেছ নেতাগৰাকীয়ে কয়, “এয়া মোদী চৰকাৰৰ প্ৰতিশোধৰ ৰাজনীতি, ভাবুকিৰ ৰাজনীতি, ভয় দেখুওৱাৰ ৰাজনীতি আৰু নিৰ্যাতনৰ ৰাজনীতিৰ এক ডাঙৰ উদাহৰণ।”
ৰমেশে লগতে কয় যে, এই বৈঠকত দেশৰ সকলো ৰাজ্যত আন্দোলনৰ পৰিকল্পনা কৰা হৈছে। সোমবাৰৰ পৰা এই বিষয়ক লৈ দিল্লী আৰু দেশৰ অন্যান্য ৰাজ্যসমূহতো প্ৰতিবাদ সাব্যস্ত কৰিব প্ৰধান বিৰোধী দলটোৱে৷
ইফালে আজি দুপৰীয়াৰ ভাগত সকলো বিৰোধী দলে সংসদৰ পৰা ৰাষ্ট্ৰপতি ভৱনলৈ সমদল উলিয়াব বুলি কংগ্ৰেছে জানিবলৈ দিয়ে। দলটোৱে এই বিষয়ত স্মাৰকপত্ৰ দাখিল কৰিবলৈ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ পৰা সময় বিচাৰিছে বুলি জানিবলৈ দিছে।
“আমি আইনীভাৱেও ইয়াৰ বিৰুদ্ধে যুঁজ দিম। আইনে যি অধিকাৰ প্ৰদান কৰে, সেই অধিকাৰ আমি ব্যৱহাৰ কৰিম, কিন্তু এয়া ৰাজনৈতিক প্ৰতিদ্বন্দ্বিতা। আমি ইয়াৰ সৈতে পোনপটীয়াকৈ যুঁজ দিম, আমি পিছুৱাই নাযাওঁ, ভয় নকৰো, আমিও ইয়াক এক বৃহৎ ৰাজনৈতিক বিষয় হিচাপে গঢ়ি তুলিম।”- এইদৰে মন্তব্য কৰিছে জয়ৰাম ৰমেশে।
মানহানি গোচৰত চুৰাট আদালতৰ ৰায়দান ভুল আৰু অস্থায়ী বুলি অভিহিত কৰি কংগ্ৰেছে চুৰাট আদালতৰ ৰায়ক উচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান জনোৱা হ’ব বুলি কংগ্ৰেছে জানিবলৈ দিছে আৰু এই ৰায় স্থগিত ৰাখি বাতিল কৰা হ’ব বুলি আশা প্ৰকাশ কৰিছে।
উল্লেখ্য যে, ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে কৰ্ণাটকৰ কোলাৰত এক সভাত নিজ বক্তব্যত ৰাহুল গান্ধীয়ে ‘সকলো চোৰৰ উপাধি মোদী কিয় হয়’ বুলি মন্তব্য কৰিছিল। ইয়াৰ পিছতে বিজেপিৰ বিধায়ক তথা গুজৰাটৰ প্ৰাক্তন মন্ত্ৰী পূৰ্ণেশ মোদীয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল।
কালি এই গোচৰৰ ৰায়দান কৰি চুৰাট আদালতে ৰাহুল গান্ধীক দোষী সাব্যস্ত কৰে আৰু তেওঁক দুবছৰৰ কাৰাদণ্ডৰ শাস্তিৰে দণ্ডিত কৰে। অৱশ্যে আদালতে কংগ্ৰেছ নেতাগৰাকীক জামিন মঞ্জুৰ কৰি ৩০ দিনৰ বাবে শাস্তি স্থগিত ৰাখে আৰু এই ৰায়ৰ বিৰুদ্ধে আপীল কৰিবলৈ অনুমতি দিয়ে।
ইফালে এই শাস্তিৰ সন্মুখীন হোৱাৰ পিছতে ৰাহুল গান্ধীয়ে সাংসদ পদ হেৰুওৱাৰ সম্ভাৱনা গা কৰি উঠাছে। ২০১৩ চনত উচ্চতম ন্যায়ালয়ে এক ৰায়দানৰ সময়ত যিকোনো সাংসদ বা বিধায়কক যদিহে দুবছৰ বা তাতকৈ অধিক বছৰৰ শাস্তি ঘোষণা কৰা হয়, তেতিয়া দোষী সাব্যস্ত হোৱাৰ সময়ৰ পৰাই অযোগ্য ঘোষণা কৰা হয় বুলি উল্লেখ কৰিছিল।
এনে পৰিস্থিতিত ৰাহুল গান্ধীয়ে সংসদৰ সদস্য পদ হেৰুওৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ইফালে, এই ৰায়দানৰ পিছতে ৰাহুল গান্ধীয়ে মহাত্মা গান্ধীৰ উদ্ধৃতি দি হিন্দীত এক টুইট কৰে। টুইটটোত তেওঁ কয় যে, “মোৰ ধৰ্ম সত্য আৰু অহিংসাৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে। সত্য মোৰ ঈশ্বৰ, অহিংসাই ইয়াক লাভ কৰাৰ উপায়।”