পৰৱৰ্তী শুনানি পৰ্যন্ত ব্যৱহাৰ কৰিব পাৰিব ‘বন্ধ’ একাউণ্টঃ কংগ্ৰেছক সকাহ কৰ ন্যায়াধিকৰণৰ

Congress frozen accounts

নিৰ্বাচনলৈ মাত্ৰ কেইটামান মাহ বাকী থকা অৱস্থাত আয়কৰ বিভাগৰ ৰোষত পৰিছে কংগ্ৰেছ। আজি পুৱাৰ ভাগত যুৱ কংগ্ৰেছকে ধৰি দলটোৰ মূল বেংক একাউণ্টসমূহ বন্ধ কৰি দিছে আয়কৰ বিভাগ।

অৱশ্যে দলটোৱে এই পদক্ষেপক তাৎক্ষণিকভাৱে প্ৰত্যাহ্বান জনায় আৰু আয়কৰ আপীল ন্যায়াধিকৰণে অহা সপ্তাহত চূড়ান্ত শুনানি নোহোৱা পৰ্যন্ত একাউণ্টসমূহ ব্যৱহাৰৰ অনুমতি দি সকাহ প্ৰদান কৰে।

কংগ্ৰেছৰ কোষাধ্যক্ষ অজয় মাকেনে পুৱা এক সংবাদ মেল যোগে আয়কৰ বিভাগৰ পদক্ষেপৰ বিষয়ে সদৰী কৰি এনে কাৰ্যক গণতান্ত্ৰিক প্ৰক্ৰিয়াত এক মোক্ষম আঘাত হিচাপে অভিহিত কৰে।

বন্ধ কৰি দিয়া একাউণ্টসমূহত ১১৫ কোটি টকা থকা বুলি উল্লেখ কৰি মাকেনে আয়কৰ বিভাগৰ এই পদক্ষেপৰ ফলত দলটোৰ খৰচৰ কোনো ধন নাথাকিব বুলি আক্ষেপ কৰিছিল।

মাকেনে এন পদক্ষেপক ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত আৰু কৌশলগতভাৱে সময় নিৰ্ধাৰণ কৰি দলৰ নিৰ্বাচনী প্ৰস্তুতিত ব্যাঘাত জন্মাই প্ৰধান বিৰোধী দলটোক বশ কৰাৰ প্ৰচেষ্টা বুলি লগতে দাবী কৰে।

ইফালে দলৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ‘ক্ষমতাৰ মদিৰা পান কৰি’ মোদী চৰকাৰে লোকসভা নিৰ্বাচনৰ ঠিক পূৰ্বে দেশৰ সৰ্ববৃহৎ বিৰোধী দলটোৰ একাউণ্ট বন্ধ কৰিছে বুলি মন্তব্য কৰে।

এয়া গণতন্ত্ৰৰ প্ৰতি এক গভীৰ আঘাত বুলি উল্লেখ কৰি খৰ্গেই এনে কাৰণতে ভৱিষ্যতে কোনো নিৰ্বাচন নহ’ব বুলি সকীয়াই দিয়ে। দেশৰ বহুদলীয় ব্যৱস্থা আৰু ভাৰতৰ গণতন্ত্ৰ সুৰক্ষিত কৰাৰ স্বাৰ্থত ন্যায়পালিকাৰ ওচৰত আবেদন জনোৱা বুলি তেওঁ লগতে উল্লেখ কৰে।

খৰ্গেৰ মতে, দেশত বিজেপিয়ে যি অসাংবিধানিক ধন সংগ্ৰহ কৰিছে সেয়া নিৰ্বাচনত ব্যৱহাৰ কৰা হ’ব, কিন্তু ক্ৰাউডফাণ্ডিঙৰ জৰিয়তে কংগ্ৰেছে সংগ্ৰহ কৰা ধন ছীল কৰা হ’ব। ৰাজপথলৈ ওলাই আহি কংগ্ৰেছে এই অন্যায় আৰু একনায়কত্ববাদৰ বিৰুদ্ধে শক্তিশালীভাৱে যুঁজিব বুলি খৰ্গেই লগতে কয়।