NORTHEAST NOW (Assamese)

লখিমপুৰৰ কংগ্ৰেছ প্ৰাৰ্থী অনিল বৰগোঁহাইৰ মনোনয়ন পত্ৰ স্থগিত : আজি সন্ধিয়া নিৰ্ণয় হ’ব ভাগ্য

March 27, 2019 2:24 pm · এন ই নাও নিউজ
যোৱা ২২ তাৰিখে লখিমপুৰ সমষ্টিৰ প্ৰাৰ্থী অনিল বৰগোঁহায়ে মনোনয়ন দাখিল কৰাৰ সময়ত।

কংগ্ৰেছৰ বাবে দুখজনক খৱৰ। লখিমপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী অনিল বৰগোঁহাইৰ মনোনয়ন পত্ৰ মঙলবাৰে পৰীক্ষা কৰাৰ সময়ত ধৰা পৰা বিসংগতিৰ বাবে স্থগিত ৰখা হয়। নিৰ্বাচনী বিষয়াই গ্ৰহণযোগ্য নথিৰ বিসংগতিৰ বাবে তেওঁৰ মনোনয়ন পত্ৰ বুধবাৰৰ সন্ধিয়া ৫ বজালৈ স্থগিত কৰি ৰাখে।

আনহাতে, বৰগোঁহাইক বুধবাৰে ৫ বজাৰ ভিতৰত গ্ৰহণযোগ্য নথি দাখিল কৰিবলৈ কোৱা হৈছে। ইয়াৰ পাছতহে তেওঁৰ মনোনয়ন পত্ৰ গ্ৰহণ কৰা হ’ব নে বাতিল কৰা হ’ব সেই বিষয়ে জনোৱা হ’ব বুলি নিৰ্বাচনী বিষয়াই জানিবলৈ দিয়ে।

ইপিনে, কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ মনোনয়ন পত্ৰ স্থগিত ৰখা বিষয়টোৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক ভূপেন বৰাই দেশৰ গণতান্ত্ৰিক সংস্থাসমূহক নিয়ন্ত্ৰণ কৰা বুলি বিজেপিক সমালোচনা কৰে।

উল্লেখযোগ্য যে তেজপুৰত বহুজন মুক্তি পাৰ্টি আৰু অল ইণ্ডিয়া হিন্দুস্তান কংগ্ৰেছৰ প্ৰাৰ্থী দুগৰাকীৰ মনোনয়ন পত্ৰ নিৰ্বাচনী বিষয়াই বাতিল কৰিছে।

লখিমপুৰত কংগ্ৰেছ প্ৰাৰ্থী অনিল বৰগোঁহাইৰ মনোনয়ন পত্ৰ বাতিল হ’লে দলটোৰ বাবে ই এক মোক্ষম আঘাত হ’ব। আনহাতে, সেয়ে হ’লে বিজেপিৰ প্ৰাৰ্থী প্ৰদান বৰুৱাৰ বাবে বিজয়ৰ দুৱাৰ উন্মুক্ত হৈ পৰিব।

Related News