NORTHEAST NOW (Assamese)

বৃহৎ সংখ্যক কৰ্মী-সমৰ্থকক লগত লৈ মনোনয়ন পত্ৰ দাখিল কংগ্ৰেছ প্ৰাৰ্থী সুশান্ত বৰগোহাঁইৰ

March 22, 2019 5:41 pm · পাৰ্শ্বজ্যোতি গগৈ
Updated: March 22, 2019 5:51 pm
মনোনয়ন পত্ৰ দিবলৈ যাওঁতে সমদলৰ সৈতে সুশান্ত বৰগোহাঁই। ২২ মাৰ্চত।

যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী সুশান্ত বৰগোহাঁয়ে আজি দলে-বলে গৈ যোৰাহাটৰ ৰিটাৰ্নিং বিষয়াৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে।

মনোনয়ন প্ৰত্ৰ দাখিলৰ যাত্ৰাত শিৱসাগৰ জিলা কংগ্ৰেছ কমিটীৰ কেইবা হাজাৰ কৰ্মী-সমৰ্থকৰ উপৰি শিৱসাগৰৰ পৰা মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, অংকিতা দত্ত, প্ৰমীৰ গগৈয়ে সংগ দিয়ে।

যোৰহাট চহৰ পোৱাৰ পিছত তেওঁ দলীয় কৰ্মী-সমৰ্থক আৰু অন্যান্য নেতা-নেত্ৰীৰ সৈতে বিশাল সমদল কৰি ৰিটাৰ্নিং বিষয়াৰ কাৰ্য্যালয়লৈ যায় আৰু মনোনয়ন পত্ৰ দাখিল কৰে।

শিৱদ’লত পূজা আগ বঢ়োৱাৰ সময়ত সুশান্ত বৰগোহাঁই। ২২ মাৰ্চত।

তাৰ পূৰ্বে মৰাণৰ ঘৰৰ পৰা আহি থকা পথত সুশান্তই শিৱসাগৰ চহৰৰ মাজমজিয়াত থকা শিৱদ’লত সোমাই পূজা আগ বঢ়ায়।

আনহাতে আজি সমষ্টিটোৰ চি পি আইৰ প্ৰাৰ্থী কনক গগৈয়েও মনোনয়ন পত্ৰ দাখিল কৰে। গগৈয়ে ৰিটাৰ্নিং বিষয়াৰ কাৰ্যালয়লৈ গৈ নিজৰ মনোনয়ন পত্ৰ দিয়ে।

উল্লেখযোগ্য যে বৰ্তমান বিজেপিৰ দখলত থকা যোৰহাট লোকসভা সমষ্টিত বিজেপিৰ তপন গগৈক দলে টিকট দিছে। তপন গগৈয়ে এতিয়াও নিজৰ মনোনয়নপত্ৰ দাখিল কৰা নাই।

Related News