NORTHEAST NOW (Assamese)

বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ সংকল্প কংগ্ৰেছ, চিপিআই আৰু চিপিআইএম(এল)ৰ

October 15, 2020 8:57 pm · এন ই নাও নিউজ

বৃহস্পতিবাৰে গুৱাহাটীৰ হোটেল গেটৱেত কংগ্ৰেছ, চিপিআই আৰু চিপিআইএম(এল)ৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈ যায়।

বৈঠকত তিনিওটা দলে বিজেপিক পৰাজিত কৰাৰ স্বাৰ্থত ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ পোষকতা কৰে।

বিজেপিৰ জনবিৰোধী নীতি, সাগৰসম দুৰ্নীতি. সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰুদ্ধে তথা জনসাধাৰণৰ স্বাৰ্থৰ সৈতে জড়িত বিষয়সমূহক লৈ ঐক্যবদ্ধভাৱে ৰাজপথত সংগ্ৰাম কৰাৰ ক্ষেত্ৰতো তিনিওটা দলে সহমত পোষণ কৰে।

সভাত বিজেপি, আৰ এছ এছ বিৰোধী তথা সাম্প্ৰদায়িকতা বিৰোধী সৰু-বৰ শক্তিসমূহক একগোট কৰাৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰা হয়।

এই বৈঠকত কংগ্ৰেছ দলৰ হৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, কংগ্ৰেছ বিধায়িনী দলৰ নেতা তথা বিৰোধী দলৰ দলপতি দেবব্ৰত শইকীয়া, উপ-দলপতি ৰকিবুল হুছেইনৰ লগতে চিপিআইৰ হৈ দলটোৰ ৰাজ্যিক সম্পাদক মুনীন মহন্ত , ডম্বৰু বৰা, প্ৰমোদ ভুঞা আৰু চিপিআইএম (এল)ৰ হৈ দলটোৰ ৰাজ্যিক সম্পাদক ৰুবুল শৰ্মা, বিবেক দাসকে ধৰি অন্যান্য নেতাসকল উপস্থিত থাকে।

Related News