• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘ৱাশ্বিংটনৰ মোগাম্বো খুচ’, শুল্ক হ্ৰাস হ’লেও মোডীক ‘ট্ৰাম্প নিৰ্ভৰ’ বুলি তীব্ৰ সমালোচনা কংগ্ৰেছৰ  

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 3, 2026 12:44 pm
36
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শুল্ক হ্ৰাস কৰা হৈছে ঠিকেই, কিন্তু দেশৰ সন্মান বিক্ৰী কৰি দিয়া হৈছে। ভাৰতক  ‘পুতলা’ৰ দৰে নচুৱাইছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। ট্ৰাম্পক তোষামোদ কৰাত ব্যস্ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। এনে অভিযোগ উত্থাপন কৰি বাস্তৱিকতে মোডীক সমালোচনা কৰিছে কংগ্ৰেছে। কংগ্ৰেছৰ অভিযোগ যে মোডীৰ দিনত দেশখন ‘ট্ৰাম্প নিৰ্ভৰ’ হৈ পৰিছে।

সোমবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে ভাৰত আৰু আমেৰিকাৰ মাজত বাণিজ্যিক চুক্তিৰ কথা ঘোষণা কৰি সকলোকে আচৰিত কৰি তোলে। ট্ৰাম্পে তেওঁৰ ছ’চিয়েল মিডিয়া একাউণ্ট ট্ৰুথ ছ’চিয়েলত ঘোষণা কৰে যে এই বাণিজ্যিক চুক্তিৰ ফলত ভাৰতীয় সামগ্ৰীৰ ওপৰত শুল্ক ২৫ শতাংশৰ পৰা ১৮ শতাংশলৈ হ্ৰাস কৰা হৈছে।

Apply Now

আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ এই ঘোষণাৰ পিছতে কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে মোডীক সমালোচনা কৰি লিখিছে- ‘আজিয়েই (সোমবাৰে) প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ট্ৰাম্পৰ মাজত এক বাৰ্তালাপ হোৱা যেন অনুমান হৈছে। এই তথ্য ভাৰতে নহয় ভাৰতত থকা আমেৰিকাৰ ৰাষ্ট্ৰদূতেহে দিছে। এই ঘটনা ৰুটিনত পৰিণত হৈছে, য’ত ভাৰতৰ নিজৰ কাৰ্যকলাপৰ সকলো তথ্য ৰাষ্ট্ৰপতি ট্ৰাম্প বা তেওঁৰ নিযুক্ত প্ৰতিনিধিয়ে আমাক দিয়ে। পৰিস্থিতি ট্ৰাম্পৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে।’

ইয়াৰ লগতে ৰমেশে এক্স হেণ্ডেলত লিখিছে, ‘অপাৰেচন সিন্দুৰ বন্ধ কৰাৰ ঘোষণা ৱাশ্বিংটন ডি চিয়ে কৰিছিল। তেওঁৱেই (ট্ৰাম্প) ৱাশ্বিংটনৰ পৰা ৰাছিয়া আৰু ভেনিজুৱেলাৰ পৰা ভাৰতে ক্ৰয় কৰা তেল সন্দৰ্ভত এক আপডেট দিছিল। এইবাৰ তেওঁ ভাৰত-আমেৰিকাৰ বাণিজ্যিক চুক্তিৰ কথা ঘোষণা কৰিলে। যাৰ সম্পূৰ্ণ সবিশেষ এতিয়াও ওলোৱা নাই।’

ইয়াৰ পিছতে তেওঁ লিখিছে যে প্ৰধানমন্ত্ৰী মোডী কিবা কাৰণত ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সন্মুখত যথেষ্ট চাপত আছে। যদিও দুয়োগৰাকী নেতাৰ মাজত অন্তৰংগতা আছে, এতিয়া প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁক লগ কৰিবলৈ অস্বস্তি অনুভৱ কৰিছে। পৰাজয় মানি লৈছে মোদীয়ে। তেওঁ কোনো কাৰণতে ‘মাদাৰ অৱ অল ডিলছ’ৰ জনক হ’ব নোৱাৰে।’ কংগ্ৰেছ নেতাগৰাকীয়ে কটাক্ষ কৰি কয়, ‘মোগাম্বো ৱাশ্বিংটনত স্পষ্টভাৱে খুচ।’

ভাৰতৰ সৈতে আমেৰিকাৰ বাণিজ্যিক চুক্তিক লৈ দীৰ্ঘদিন ধৰি উত্তেজনা চলি আছিল। যোৱা বছৰ আমেৰিকাই দুবাৰকৈ ২০২৫ চনত ভাৰতীয় সামগ্ৰীৰ ওপৰত শুল্ক আৰোপ কৰাৰ ভাবুকি দিছিল।ভেনিজুৱেলাৰ তেল ক্ৰয় কৰাত অতিশয় ক্ষুব্ধ হৈ পৰিছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি। সেইবাবেই ভাৰতকে ধৰি কেইবাখনো দেশৰ উৎপাদিত সামগ্ৰীৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰা হৈছিল।

পিছলৈ আমেৰিকাই পুনৰ ৰাছিয়াৰ সৈতে ভাৰতৰ সম্পৰ্কৰ ওপৰত চাপ বৃদ্ধি কৰিলে। লগতে ২৫ শতাংশ অতিৰিক্ত শুল্ক আৰোপ কৰা হয়। ফলত আমেৰিকাত ভাৰতীয় সামগ্ৰীৰ ভৱিষ্যতক লৈ প্ৰশ্ন উত্থাপন হ’ল। ইয়াৰ পূৰ্বে ট্ৰাম্পে কৈছিল যে মোদীয়ে জানে যে তেওঁ (ট্ৰাম্প) তেওঁৰ ওপৰত সন্তুষ্ট নহয়। তেওঁক সন্তুষ্ট কৰাটো প্ৰয়োজন। কোৱা হৈছে যে দীৰ্ঘদিন ধৰি উত্তেজনাৰ অন্তত অৱশেষত শুল্ক হ্ৰাস কৰা হৈছে।

সূত্ৰ অনুসৰি এই ক্ষেত্ৰত ট্ৰাম্পে এটা চৰ্ত দিছে যে ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা বন্ধ কৰি ভেনিজুৱেলাৰ পৰা তেল ক্ৰয় কৰিব লাগে। শুনা গৈছে যে মোডীয়ে এই চৰ্ততো সন্মতি দিছে। শুল্ক হ্ৰাসৰ ঘোষণাৰ পিছত মোদীয়ে তেওঁৰ এক্স হেণ্ডেলত ট্ৰাম্পক ধন্যবাদ জনাই লিখিছে, “মোৰ প্ৰিয় বন্ধু ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সৈতে কথা পাতিবলৈ পাই মই সুখী। মই জানি আনন্দিত যে ভাৰতত নিৰ্মিত সামগ্ৰীৰ ওপৰত এতিয়া ১৮% শুল্ক হ্ৰাস কৰা হৈছে। ভাৰতৰ ১.৪ বিলিয়ন জনসাধাৰণৰ হৈ এই ঘোষণাৰ বাবে ৰাষ্ট্ৰপতি ট্ৰাম্পক ধন্যবাদ জনাইছো।”

কিন্তু বিৰোধীয়ে প্ৰশ্ন উত্থাপন কৰিছে যে, ৰাছিয়াৰ সৈতে পুৰণি বন্ধুত্বক জলাঞ্জলি দি কিয় বিনাচৰ্তে ট্ৰাম্পৰ সকলো দাবী মানি লৈছে?

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm
বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

July 23, 2026 7:18 pm
ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

July 23, 2026 6:59 pm
দিল্লীত ককৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ, হিংসাত অভিযুক্তৰ পাছপৰ্ট বাতিলৰ সম্ভাৱনা

দিল্লীত ককৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ, হিংসাত অভিযুক্তৰ পাছপৰ্ট বাতিলৰ সম্ভাৱনা

July 23, 2026 6:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm
বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

July 23, 2026 7:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd