• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমত নিৰ্বাচনী প্ৰচাৰত কংগ্ৰেছৰ ‘ষ্টাৰ কেম্পেইনাৰ’ ৰাহুল,ছোনিয়া, মনমোহন, প্ৰিয়ংকা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 26, 2019 10:15 am

2 min read

Untitled-1 copy(5)
505
VIEWS
Share on FacebookShare on Twitter

লোকসভা নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলবোৰে নিৰ্বাচনী প্ৰচাৰৰ বাবে ৰণ কৌশল প্ৰস্তুত কৰি তুলিছে। অসমত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ বাবে কংগ্ৰেছেও ইয়াৰ ষ্টাৰ কেম্পেইনাৰৰ এখন তালিকা প্ৰকাশ কৰিছে।

অসমত অহা ১১ এপ্ৰিল, ১২ এপ্ৰিল আৰু ২৩ এপ্ৰিলত তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ বাবে প্ৰচাৰ চলাবলৈ কংগ্ৰেছে ৪০ গৰাকী ষ্টাৰ কেম্পেইনাৰৰ এখন তালিকাত প্ৰকাশ কৰিছে।

কংগ্ৰেছৰ এই ষ্টাৰ কেম্পেইনাৰৰ তালিকাত আছে দলটোৰ ৰাষ্ট্ৰীয় সভাপতি ৰাহুল গান্ধী, প্ৰাক্তন প্ৰধান মন্ত্ৰী মনমোহন সিং, ছোনিয়া গান্ধী, প্ৰিয়ংকা গান্ধী ভদ্ৰা, গোলাম নবী আজাদ, আহমেদ পেটেল, আনন্দ শৰ্মা, তৰুণ গগৈ, হৰিশ ৰাৱাট আৰু ৰিপুন বৰাৰ নাম।

0c8b55c9-5fc0-45c9-b31d-839d579abbb8
অসমত নিৰ্বাচনী প্ৰচাৰৰ বাবে কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰৰ তালিকা।

তদুপৰি, অসম বিধানসভাৰ বিৰোধী দলপতি দেবব্ৰত শইকীয়া, ৰাষ্ট্ৰীয় যুৱ নেতা শচীন পাইলট, জ্যোতিৰাদিত্য সিন্ধিয়াৰ লগতে প্ৰাক্তন ক্ৰিকেটাৰ নৱজ্যোৎ সিং সিদ্ধু, মহম্মদ আজাহাৰুদ্দিনেও অসমত দলটোৰ প্ৰাৰ্থীসকলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব।

আনহাতে, নিৰ্বাচনী প্ৰচাৰৰ বাবে যুগুত কৰা ষ্টাৰ কেম্পেইনাৰৰ তালিকাত আছে প্ৰাক্তন মুখ্য মন্ত্ৰী ভূমিধৰ বৰ্মন, মেঘালয়ৰ প্ৰাক্তন মুখ্য মন্ত্ৰী মুকুল চাংমা, মণিপুৰৰ প্ৰাক্তন মুখ্য মন্ত্ৰী ওক্ৰাম ইব’বি সিঙৰ নাম।

কংগ্ৰেছৰ এই ষ্টাৰ কেম্পেইনাৰসকলে অসমৰ ক’ত কেনেদৰে নিৰ্বাচনী প্ৰচাৰ চলাব তাৰ বিতং কাৰ্যসূচী অৱশ্যে দলটোৱে এতিয়াও প্ৰকাশ কৰা নাই। দুই এদিনৰ ভিতৰতে এই সন্দৰ্ভত সৱিশেষ প্ৰকাশ কৰিব বুলি জানিব পৰা গৈছে।

কেন্দ্ৰীয় চৰকাৰৰ উপৰি অসমত শাসনাধীষ্ঠ বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ কামকাজৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ইচ্ছ্যুসমূহ ষ্টাৰ কেম্পেইনাৰসকলে তেওঁলোকৰ নিৰ্বাচনী প্ৰচাৰত দাঙি ধৰি ৰাইজক দলটোৰ প্ৰতি আকৰ্ষণ কৰাৰ চেষ্টা কৰাৰ লগতে বিজেপিৰ বিৰুদ্ধে জনমত গঠনৰ চেষ্টা চলোৱাৰ সম্ভাৱনা আছে।

Recent News

aa del

কলিয়াবৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা গঁড়ৰ আতংক

জম্মু-কাশ্মীৰত প্ৰৱেশৰ বাবে সীমান্তত বাহৰ পাতিছে ৩০০-৪০০ পাকিস্তানী সন্ত্ৰাসবাদীয়ে : স্থলসেনা প্ৰধান

জম্মু-কাশ্মীৰত প্ৰৱেশৰ বাবে সীমান্তত বাহৰ পাতিছে ৩০০-৪০০ পাকিস্তানী সন্ত্ৰাসবাদীয়ে : স্থলসেনা প্ৰধান

New-Project-20

বাৰ্ড ফ্লু সত্বেও অন্ধ্ৰপ্ৰদেশত প্ৰতি কিলো কুকুৰাৰ মাংসৰ দাম হৈছেগৈ ১০০০ টকা!

হৃদৰোগত আক্ৰান্ত হৈ হাৰ্দিক আৰু ক্ৰুণাল পাণ্ডেয়াৰ পিতৃৰ দেহাৱসান

হৃদৰোগত আক্ৰান্ত হৈ হাৰ্দিক আৰু ক্ৰুণাল পাণ্ডেয়াৰ পিতৃৰ দেহাৱসান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd