NORTHEAST NOW (Assamese)

হাথৰাছলৈ যোৱাৰ পৰত প্ৰিয়ংকা গান্ধীৰ গাত দিলে হাত, কাপোৰত ধৰি টানিলে পুৰুষ আৰক্ষীয়ে

October 4, 2020 7:38 am · এন ই নাও নিউজ

হাথৰাছলৈ যোৱাৰ সময়ত শনিবাৰে এগৰাকী পুৰুষ আৰক্ষী কৰ্মীৰ নিৰ্যাতনৰ বলি হ’ল প্ৰিয়ংকা গান্ধী ভদ্ৰা। প্ৰিয়ংকাৰ গাত হাত দি কুৰ্তাত ধৰি টনা ছবি কেমেৰাত ধৰা পৰে।

এগৰাকী ‘পুৰুষ’ আৰক্ষীৰ এনে কাৰ্যৰ প্ৰতিবাদ কৰি কংগ্ৰেছে মুখ্য মন্ত্ৰী যোগী আদিত্যনাথৰ পদত্যাগ দাবী কৰিছে।

বৃহস্পতিবাৰে হাথৰাছলৈ যাব বিচৰা প্ৰিয়ংকা গান্ধী, ৰাহুল গান্ধীকে ধৰি কংগ্ৰেছ নেতা-কৰ্মীক বাধা দিয়া হৈছিল আৰু প্ৰিয়ংকা আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে এফ আই আৰ দাখিল কৰা হৈছিল।

ইয়াৰ পাছত শনিবাৰে পুনৰ ঘটনাৰ বলি যুৱতীগৰাকীৰ পৰিয়ালক সাক্ষাৎ কৰিবলৈ প্ৰিয়ংকাৰ নেতৃত্বত এটা দল হাথৰাছলৈ ৰাওনা হয়।

কংগ্ৰেছৰ দলটোক বাধা দিয়াৰ বাবে উত্তৰ প্ৰদেশৰ আৰক্ষীয়ে অসংখ্য আৰক্ষী মোতায়েন কৰি দিল্লী সীমান্তত সুৰক্ষা দুৰ্গত পৰিণত কৰি তোলে।

সীমান্তত গৈ উপস্থিত হোৱাৰ পাছতে ৰাহুল আৰু প্ৰিয়ংকাক আটক কৰি ৰখা হয়। তাৰ পৰা হাথৰাছৰ দূৰত্ব প্ৰায় ১৮০ কিলোমিটাৰ।

ইয়াতেই আৰক্ষীৰ সৈতে হোৱা হতাহতিত লিপ্ত হৈ পৰে কংগ্ৰেছ কৰ্মীসকল। তেওঁলোকে আৰক্ষীয়ে লাঠিচালনা কৰাৰ অভিযোগ কৰে।

তাৰ মাজতে কেমেৰাত ধৰা পৰিছে এখন ছবি। দেখা গৈছে যে এগৰাকী পুৰুষ আৰক্ষীয়ে কান্ধৰ ওচৰত প্ৰিয়ংকাৰ কাপোৰত ধৰি টানিছে।

কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ ৰণদীপ সুৰজেৱালাই কয়, ’’ইয়াতকৈ আৰু লজ্জাজনক তথা দুৰ্ভাগ্যজনক একো হ’ব নোৱাৰে। এনেকুৱা গুণ্ডাগিৰিত অৱতীৰ্ণ হোৱা বিজেপি চৰকাৰ আৰু আদিত্যনাথে ডুবি মৰা উচিত। কাপুৰুষৰ দৰে আৰক্ষীৰ পাছত লুকাই নপৰিব। সন্মুখলৈ আহি নিজৰ কুকৰ্মৰ বাবে পদত্যাগ কৰক।‘’

আৰক্ষীৰ ফালৰ পৰা এই বিষয়ত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হোৱা নাই। অৱশ্যে পাছত তেওঁলোকক যুৱতীৰ পৰিয়ালক সাক্ষাৎ কৰাৰ বাবে যাবলৈ অনুমতি দিয়া হয়।

Related News