• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দেশৰ অৰ্থনৈতিক মন্দাৱস্থা সুস্থিৰ কৰাৰ দাবীত প্ৰতিবাদ কংগ্ৰেছৰ : ৰিপুন বৰা, হৰিশ ৰাৱাত আৰু শতাধিক প্ৰতিবাদকাৰীক আটক

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 6, 2019 2:26 pm
Congress Protest

কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্য্যসূচীৰ এটা মুহূৰ্ত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ অৰ্থনৈতিক মন্দাবস্থা সুস্থিৰ কৰাৰ দাবী আৰু মূল্যবৃদ্ধিৰ বিৰুদ্ধে আজি গুৱাহাটীৰ ৰিজাৰ্ভ বেংকৰ সন্মুখত প্ৰতিবাদ কৰি আটক হৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক হৰিশ ৰাৱাত, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, ৰকিবুল হুছেইন, ৰেকিবুদ্দিন আহমেদ, নুৰুল হুডা, ৰ’জলিনা তিৰ্কী, মহিলা কংগ্ৰেছৰ সভানেত্ৰী নন্দিতা দাস, অজন্তা নেওগ, অংকিতা দত্তকে ধৰি অন্য বহুকেইগৰাকী কংগ্ৰেছৰ নেতা।

সমগ্ৰ দেশতে আজি কংগ্ৰেছে এই প্ৰতিবাদ উলিওৱাৰ সমান্তৰালভাৱে অসম প্ৰদেশ কংগ্ৰেছে গুৱাহাটীত এই প্ৰতিবাদ উলিয়ায়।

Apply Now

কটন বিশ্ববিদ্যালয়ৰ MNDP-হোষ্টেলৰ সন্মুখৰ পৰা আৰম্ভ কৰা এই প্ৰতিবাদী সমদলৰ ৰোধ কৰিবলৈ প্ৰশাসনে গঢ়ি তুলিছিল কটকটীয়া নিৰাপত্তা বেষ্টনী আৰু বেৰিকেইড। কিন্তু বেৰিকেইড ভাঙি ৰিপুণ বৰা, হৰিশ ৰাৱাতৰ নেতৃত্বাধীন প্ৰতিবাদী সমদলটো আগুৱাই যায় ৰিজাৰ্ভ বেংকৰ প্ৰৱেশ দুৱাৰ অভিমুখে।

প্ৰথমতে আৰক্ষী আৰু প্ৰতিবাদী কংগ্ৰেছ নেতা-কৰ্মীৰ মাজত হতাহতিৰ সৃষ্টি হয়। পৰিস্থিতি অধিক জটিল হোৱাত আৰক্ষী আৰু অৰ্ধ-সামৰিক বাহিনীয়ে প্ৰতিবাদকাৰীৰ ওপৰত বৰ্বৰভাৱে লাঠীচালনা কৰাৰ লগতে প্ৰতিবাদকাৰীসকলক চোঁচৰাই লৈ যায়। আটক কৰাৰ পিছত তিনি শতাধিক প্ৰতিবাদকাৰীক লৈ যোৱা হয় পাণবজাৰ থানালৈ।

প্ৰতিবাদত অংশগ্ৰহণ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই বিজেপি চৰকাৰৰ কঠোৰ ভাষাৰে সমালোচনা কৰে।

তেওঁ কয়, “ডুবিছে অৰ্থনীতি, ডুবিছে দেশ, বিজেপিয়ে কৰিলে সকলো শেষ। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অৰ্থনীতিৰ কোনো জ্ঞান নাই, তেওঁ দেশ বেচি খায়।”

তেওঁ লগতে কয়, “বিজেপিয়ে বেচি-কিনি সকলো শেষ কৰি পেলালে।”

প্ৰতিবাদত অংশগ্ৰহণ কৰা হৰিশ ৰাৱাতে কয়, “মোদী চৰকাৰ অহাৰ পৰা ভাৰতৰ অৰ্থনীতি আজি অন্ধকাৰৰ অতল গৰ্ভত। কৰ্মসংস্থাপনৰ ব্যৱস্থাটো ক’মা অৱস্থাত থকাৰ লগতে কৃষিৰ বিকাশ ভেণ্টিলেইশ্যনত সোমাই আছে।”

ইয়াৰোপৰি মোদী চৰকাৰ শাসনলৈ অহাৰ পৰা দেশত ৪৫ বছৰৰ ভিতৰত নিবনুৱা সমস্যা সৰ্বাধিক হাৰত বৃদ্ধি হোৱাৰ লগতে বহু লোকে নিজৰ চাকৰি হেৰুৱাইছে বুলিও ৰাৱাতে কয়।

মহিলা কংগ্ৰেছৰ সভানেত্ৰী তথা বিধায়িকা নন্দিতা দাসে বিজেপি চৰকাৰক সমালোচনা কৰি কয়, “নিবনুৱা সংখ্যা বৃদ্ধি হোৱাৰ বাবেই ৰাজ্যত উগ্ৰপন্থীৰ সমস্যা বৃদ্ধি হৈছে। বিজেপিয়ে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিম বুলি কৈছিল যদিও এতিয়া দিনক দিনে বৃদ্ধি পাই গৈ আছে।”

প্রতিবাদকাৰীসকলে নুমলীগড় তেল শোধনাগাৰ ব্যক্তিগতকৰণৰ বিৰোধিতা কৰাৰ লগতে বন্ধ হৈ থকা দুটাকৈ কাগজকল পুনৰুজীৱিত কৰিবলৈ দাবী জনায়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জ্ঞানেশ কুমাৰক অপসাৰণৰ দাবীত দিল্লীত ব্যাপক প্ৰতিবাদ, বন্ধ ইণ্টাৰনেট! ১১টা মেট্ৰ’ ষ্টেচনত তলা আৰক্ষীৰ

জ্ঞানেশ কুমাৰক অপসাৰণৰ দাবীত দিল্লীত ব্যাপক প্ৰতিবাদ, বন্ধ ইণ্টাৰনেট! ১১টা মেট্ৰ’ ষ্টেচনত তলা আৰক্ষীৰ

October 2, 2026 1:09 pm
এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

October 2, 2026 12:03 pm
‘ক্ষমতাত বৰ্তি থাকিবলৈকে SIR, বিস্ফোৰক যোশী; ‘দেশক বিপথে পৰিচালিত কৰিছে মোডী চৰকাৰে’

‘ক্ষমতাত বৰ্তি থাকিবলৈকে SIR, বিস্ফোৰক যোশী; ‘দেশক বিপথে পৰিচালিত কৰিছে মোডী চৰকাৰে’

October 2, 2026 11:30 am
গান্ধী জয়ন্তীত বহু বিশিষ্ট নাগৰিকৰ উপস্থিতিত চানমাৰিত অসম নাগৰিক সন্মিলনৰ গান্ধী স্মৰণ

গান্ধী জয়ন্তীত বহু বিশিষ্ট নাগৰিকৰ উপস্থিতিত চানমাৰিত অসম নাগৰিক সন্মিলনৰ গান্ধী স্মৰণ

October 2, 2026 11:01 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জ্ঞানেশ কুমাৰক অপসাৰণৰ দাবীত দিল্লীত ব্যাপক প্ৰতিবাদ, বন্ধ ইণ্টাৰনেট! ১১টা মেট্ৰ’ ষ্টেচনত তলা আৰক্ষীৰ

জ্ঞানেশ কুমাৰক অপসাৰণৰ দাবীত দিল্লীত ব্যাপক প্ৰতিবাদ, বন্ধ ইণ্টাৰনেট! ১১টা মেট্ৰ’ ষ্টেচনত তলা আৰক্ষীৰ

October 2, 2026 1:09 pm
এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

October 2, 2026 12:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd