• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অতিষ্ঠ গৌৰৱ! ৰাইজৰ দলৰ সৈতে মিত্ৰতা ভংগ কৰিলে প্ৰদেশ কংগ্ৰেছে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 3, 2026 4:55 pm
35
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলৰ সৈতে আনুষ্ঠানিকভাৱে ৰাজনৈতিক মিত্ৰতা ভংগ কৰিলে কংগ্ৰেছে। ৩ ছেপ্টেম্বৰত অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ এই সিদ্ধান্ত ঘোষণা কৰে। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা লোকসভাৰ বিৰোধী দলপতিৰ উপ-নেতা গৌৰৱ গগৈৰ নিৰ্দেশত এই সিদ্ধান্ত লোৱা হয়। ইয়াৰ পাছতে অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰমন্না বৰুৱাই সংগঠনৰ এক নিৰ্দেশনাযোগে মিত্ৰতা ভংগৰ কথা আনুষ্ঠানিকভাৱে প্ৰকাশ কৰে।

কংগ্ৰেছে প্ৰকাশ কৰা অনুসৰি, বিগত লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপি নেতৃত্বাধীন শক্তিৰ বিৰুদ্ধে একত্ৰিত বিৰোধী মঞ্চ গঢ়াৰ লক্ষ্যৰে আঞ্চলিক আৰু বাওঁপন্থী দলসমূহক একত্ৰিত কৰি এই মিত্ৰতা গঠন কৰা হৈছিল। ৰাইজৰ দলো সেই ৰাজনৈতিক সমীকৰণৰ অংশ আছিল।

Apply Now

কিন্তু কংগ্ৰেছৰ অভিযোগ, মিত্ৰতা চলি থকা সময়ছোৱাত ৰাইজৰ দলৰ নেতৃত্বই কংগ্ৰেছৰ নেতাসকলক লৈ বাৰে বাৰে সমালোচনা কৰাৰ লগতে ব্যক্তিগত আক্ৰমণ চলাই আহিছিল। ইয়াৰ উপৰি বিৰোধী মিত্ৰজোঁটৰ আন দলসমূহৰ নেতাৰ বিৰুদ্ধেও ভিত্তিহীন, অযথা আৰু অপমানজনক মন্তব্য কৰা হৈছিল বুলি অভিযোগ কৰে কংগ্ৰেছে।

কংগ্ৰেছৰ মতে, এনে ধাৰাবাহিক ঘটনাই মিত্ৰতাৰ মূল ভেটিকে দুৰ্বল কৰি পেলাইছিল। ফলত ৰাইজৰ দলৰ সৈতে ৰাজনৈতিক সম্পৰ্ক অব্যাহত ৰখাৰ কোনো যুক্তি নথকা বুলি দলটোৱে স্পষ্ট কৰে।

ইফালে, যোৱা কেইবাদিন ধৰি দুয়োটা দলৰ মাজত বৃদ্ধি পোৱা মতানৈক্যই অৱশেষত মিত্ৰতা ভংগৰ ৰূপ ল’লে। দেওবাৰে অখিল গগৈয়ে কৰা মন্তব্যক লৈ APCCয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ আৰু APCCৰ সংবাদ আৰু যোগাযোগ বিভাগৰ সভাপতি বেদব্ৰত বৰাই এক সংবাদমেলত অখিল গগৈৰ ৰাজনৈতিক ভূমিকা সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছিল। তেওঁলোকে গগৈয়ে বিৰোধী মিত্ৰজোঁটৰ নীতি-নিয়মক গুৰুত্ব নিদিয়া বুলি অভিযোগ কৰাৰ লগতে তেওঁক “চৰকাৰৰ এজেণ্ট” হিচাপেও অভিহিত কৰিছিল।

সংবাদমেলত বেদব্ৰত বৰাই কংগ্ৰেছ নেতা গৌৰৱ গগৈ আৰু প্ৰাক্তন বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ বান সাহায্য আৰু পুনৰ সংস্থাপনৰ কামৰ কথাও উল্লেখ কৰে। আনহাতে, শিৱসাগৰ সমষ্টিৰ পৰা অখিল গগৈৰ বিজয়ত কংগ্ৰেছৰ সহায়-সহযোগিতা আছিল বুলিও দাবী কৰে তেওঁ। কংগ্ৰেছৰ সমৰ্থন নথকা হ’লে অখিল গগৈয়ে শিৱসাগৰ আসনখনত জয়লাভ কৰিব নোৱাৰিলেহেঁতেন বুলিও বৰাই মন্তব্য কৰে।

অৱশ্যে ৰাইজৰ দলৰ সৈতে মিত্ৰতা ছিন্ন কৰিলেও বিজেপি নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ ৰাজনৈতিক অভিযান অব্যাহত থাকিব বুলি দলটোৱে স্পষ্ট কৰিছে। জনবিৰোধী নীতি, অন্যায় আৰু প্ৰশাসনিক বিফলতাৰ বিৰুদ্ধে কংগ্ৰেছে আগলৈও সজোৰে মাত মাতিব বুলি জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে, ২০২৬ চনৰ মে’ মাহত অনুষ্ঠিত অসম বিধানসভা নিৰ্বাচনৰ পাছতেই কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজৰ সম্পৰ্ক অধিক টান হৈ পৰিছিল। ১২৬খন আসনৰ অসম বিধানসভাত বিজেপিয়ে ৮২খন আসন লাভ কৰি সৰ্ববৃহৎ দল হিচাপে আত্মপ্ৰকাশ কৰে। কংগ্ৰেছে ১৯খন আসন লাভ কৰাৰ বিপৰীতে বড়োলেণ্ড পিপলছ ফ্ৰণ্ট আৰু অসম গণ পৰিষদে ১০খনকৈ আসন লাভ কৰে। এআইইউডিএফ আৰু ৰাইজৰ দলে দুখনকৈ আসন লাভ কৰে আৰু অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছে এখন আসন লাভ কৰে। এই নিৰ্বাচনৰ কেইমাহমানৰ পাছতে বিৰোধী শিবিৰৰ এই ৰাজনৈতিক বিচ্ছেদে অসমৰ ৰাজনীতিত নতুন সমীকৰণৰ ইংগিত দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰসংগ CJPক হাৰাশাস্তি : চৰকাৰী পদক্ষেপেও বিৰোধীৰ মাজত বিভাজন অনাত সহায় কৰিব পাৰে!

প্ৰসংগ CJPক হাৰাশাস্তি : চৰকাৰী পদক্ষেপেও বিৰোধীৰ মাজত বিভাজন অনাত সহায় কৰিব পাৰে!

September 30, 2026 5:30 pm
নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদৰ প্ৰস্তুতি! দিল্লীত মেগা ৰেলী কৰিব ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদৰ প্ৰস্তুতি! দিল্লীত মেগা ৰেলী কৰিব ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

September 30, 2026 3:11 pm
শক্তি সংকটৰ পাছত এতিয়া খাদ্যৰ হাহাকাৰ! যুদ্ধৰ প্ৰভাৱত জুৰুলা হ’ব দৰিদ্ৰ ৰাষ্ট্ৰ

শক্তি সংকটৰ পাছত এতিয়া খাদ্যৰ হাহাকাৰ! যুদ্ধৰ প্ৰভাৱত জুৰুলা হ’ব দৰিদ্ৰ ৰাষ্ট্ৰ

September 30, 2026 12:24 pm
চিজিপিৰ বিদ্যালয় পৰিদৰ্শনৰ পাছতেই তৎপৰ শিক্ষা বিভাগ: বিনা অনুমতিত ফটো-ভিডিঅ’ গ্ৰহণত নিষেধাজ্ঞা

চিজিপিৰ বিদ্যালয় পৰিদৰ্শনৰ পাছতেই তৎপৰ শিক্ষা বিভাগ: বিনা অনুমতিত ফটো-ভিডিঅ’ গ্ৰহণত নিষেধাজ্ঞা

September 30, 2026 10:23 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰসংগ CJPক হাৰাশাস্তি : চৰকাৰী পদক্ষেপেও বিৰোধীৰ মাজত বিভাজন অনাত সহায় কৰিব পাৰে!

প্ৰসংগ CJPক হাৰাশাস্তি : চৰকাৰী পদক্ষেপেও বিৰোধীৰ মাজত বিভাজন অনাত সহায় কৰিব পাৰে!

September 30, 2026 5:30 pm
নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদৰ প্ৰস্তুতি! দিল্লীত মেগা ৰেলী কৰিব ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদৰ প্ৰস্তুতি! দিল্লীত মেগা ৰেলী কৰিব ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

September 30, 2026 3:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd