NORTHEAST NOW (Assamese)

ৰাজস্থানত আস্থাৰ ভোটত বিজয়ী কংগ্ৰেছ চৰকাৰ ; শচীন-গেহলট পুনৰ একেলগে

August 14, 2020 9:29 pm · এন ই নাও নিউজ

ৰাজস্থানৰ অশোক গেহলট নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে শুকুৰবাৰে ৰাজস্থান বিধানসভাত অনুষ্ঠিত হোৱা আস্থাৰ ভোটত বিজয়ী হয়।

‘ভইচ ভোট’ৰ জৰিয়তে অনুষ্ঠিত হোৱা আস্থাৰ ভোটত অশোক গেহলট নেতৃত্বাধীন চৰকাৰখনে বিজয় সাব্যস্ত কৰে।

বিধানসভাৰ অধ্যক্ষ চিপি যোশীয়ে আগন্তুক ২১ আগষ্ট পৰ্যন্ত ৰাজস্থান বিধানসভা স্থগিত হৈ থাকিব বুলি কয়।

উল্লেখযোগ্য যে, আস্থাৰ ভোটৰ পূৰ্বে শচীন পাইলটকে ধৰি ১৮ গৰাকী বিসম্বাদী কংগ্ৰেছী বিধায়কে পুনৰ কংগ্ৰেছৰ মজিয়ালৈ উভতি আহিছিল।

বিগত এমাহ ধৰি ৰাজস্থান চৰকাৰে যথেষ্ট উত্থান পতনৰ মাজেৰে আগবাঢ়িছে।

ৰাজস্থানৰ প্ৰাক্তন উপ-মুখ্য মন্ত্ৰী শচীন পাইলটে মুখ্য মন্ত্ৰী অশোক পাইলটৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰাত পাইলটক উপ-মুখ্য মন্ত্ৰীৰ পদৰ পৰা অপসাৰণ কৰা হৈছিল।

পৰৱৰ্তী সময়ত পাইলটে ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰ সৈতে আলোচনাত মিলিত হৈ পুনৰ কংগ্ৰেছলৈ উভতি আহে।

Related News