সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ আঁৰত আছিল হেনো কংগ্ৰেছৰ হাত! কোনে কৰিলে এই দাবী?

a sushanta

অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ আঁৰত কংগ্ৰেছৰ হাত থকা বুলি স্পষ্ট অভিযোগ উত্থাপন কৰিলে বিজেপিৰ এজন নেতাই ।

আজি বিহাৰৰ বাকে জিলাত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যোৱা বিজেপিৰ নেতা তথা এসময়ৰ অভিনেতা মনোজ তিৱাৰীয়ে কয় যে সুশান্তৰ মৃত্যুৰ বাবে কংগ্ৰেছেই দায়ী।

তিৱাৰীয়ে অৱশ্যে সুশান্তৰ মৃত্যুৰ বাবে কংগ্ৰেছ কিদৰে দায়ী সেই কথা বুজাই নকলে ।

ইপিনে সুশান্তক হত্যা কৰা হোৱা নাছিল, তেওঁ আত্মহত্যাহে কৰিছিল বুলি এইমছে দিয়া প্ৰতিবেদনত ভুল থকা বুলি উল্লেখ কৰি প্ৰতিবেদন খন পুনৰ পৰ্যালোচনা কৰাৰ আহ্বান জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ লিখিছে বিজেপিৰ নেতা সুব্ৰমণিয়ম স্বামীয়ে।

অভিনেতা সুশান্তৰ মৃত্যুকলৈও বিহাৰত ৰাজনীতি আৰম্ভ কৰাৰ বাবে বহুতে বিজেপিক সমালোচনা কৰা দেখা গৈছে।

সুশান্তৰ কথাকৈ বিহাৰৰ ভোটাৰক আৱেগিক কৰি তুলিবলৈ বিজেপিয়ে চেষ্টা চলোৱা বুলি বহুতে মন্তব্য কৰিছে।

বিশেষকৈ সুশান্তৰ মৃত্যুৰ সৈতে কংগ্ৰেছৰ নাম সাঙুৰি লোৱাত এতিয়া বহুতে এই বুলি কৈছে যে বিজেপিয়ে এতিয়া য’তে ত’তে কংগ্ৰেছৰ ভূত দেখিবলৈ আৰম্ভ কৰিছে।

সেইবাবেই প্ৰসংগহীন ভাবে বিজেপিয়ে সুশান্তৰ মৃত্যুৰ সৈতে কংগ্ৰেছক টানি অনা বুলি বহুতে কৈছে।