NORTHEAST NOW (Assamese)

Agni path schemeকেন্দ্ৰীয় চৰকাৰৰ অগ্নিপথ আঁচনিৰ বিৰুদ্ধে সৰৱ অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্ত

June 23, 2022 10:17 am · পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ

অসম প্ৰদেশ যুৱ কংগ্ৰেছ আৰু শিৱসাগৰ জিলা যুৱ কংগ্ৰেছৰ উদ্যোগত আয়োজিত এক সংবাদ মেলত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা অংকিতা দত্তই।

দেশৰ জনতাৰ বাবে নৰেন্দ্ৰ মোডী চৰকাৰে অগ্নিপথ আঁচনিৰ নামত নতুন মূৰৰ কামুৰণি দিছে। এই আঁচনিৰ অধীনত নিযুক্তি লাভ কৰা সকলৰ চাৰি ভাগৰ এভাগকহে চাকৰি স্থায়ী কৰিব। বাকী সকলৰ ভৱিষ্যত কি হব বুলি প্ৰশ্ন কৰে যুৱ কংগ্ৰেছৰ সভানেত্ৰী গৰাকীয়ে।

তেওঁ লগতে কয়, বিজেপি চৰকাৰে এই আঁচনিৰ জড়িয়তে নৱপ্ৰজন্মৰ ভৱিষ্যত, প্ৰডাক্টিভিটু নষ্ট কৰাৰ ষাড়যন্ত্ৰ কৰিছে। অগ্নিপথৰ অধীনত নিযুক্তি লাভ কৰা সকলে চাৰি বছৰৰ পিছত কি কৰিব। চাৰি বছৰ দেশৰ সেৱা কৰা পিছত তেওঁ লোকৰ শৈক্ষিক ভৱিষ্যত কি হব বুলি প্ৰশ্ন কৰে।

ইপিনে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকও তীব্ৰ সমালোচনা কৰে অংকিতা দত্তই। চাৰি বছৰৰ পিছত যি সকল অগ্নিবীৰ ওলাব তেওঁলোকক অসম চৰকাৰে আৰক্ষী বিভাগত চাকৰি দিব বুলি মিছা প্ৰতিশ্ৰুতি দিছে কয় অংকিতা দত্তই।

তেওঁ লগতে কয়, অসমক বানমুক্ত কৰিব বুলি প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি ৰাখিব নোৱাৰা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অগ্নিপথ আঁচনিৰ অধীনত সেৱা আগবঢ়োৱা সকলকো চাকৰি দিব নোৱাৰে বুলি কয় অংকিতা দত্তই।

বিজেপি চৰকাৰৰ চমক দিয়া আঁচনি কোনো কাৰণতে গ্ৰহণ কৰা নহব বুলি সংবাদ মেলত স্পষ্ট কৰি দিয়ে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভানেত্ৰীগৰাকীয়ে।

Related News