• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চমকলগা আঁচনি আৰু প্ৰদৰ্শনকামিতাৰ পৰিৱৰ্তে মুখ্যমন্ত্রীয়ে গুণগত শিক্ষা প্ৰদানত গুৰুত্ব দিয়ক – ঋতুপৰ্ণ কোঁৱৰ

নিটি আয়োগৰ প্ৰতিবেদনসমূহে মুখ্যমন্ত্ৰীৰ দক্ষতাৰ সাৰশূন্যতাহে প্ৰমাণ কৰিছে : কোঁৱৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 9, 2021 5:52 pm
kk
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱাকেইদিন মানত প্ৰকাশ পোৱা NITI আয়োগৰ ২০২০-২১ বৰ্ষৰ(SDG India) বহনক্ষম উন্নয়নৰ তালিকাত গুণগত শিক্ষা প্ৰাপ্তিৰ ক্ষেত্রত সৰ্বভাৰতীয় পৰ্য্যায়ত অসমৰ শিক্ষাখণ্ডৰ স্হান তলৰ ফালৰপৰা পঞ্চমত।

ইয়াক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে প্ৰদেশ কংগ্ৰেছৰ ৰাজ্যিক মুখপাত্ৰ ঋতুপৰ্ণ কোঁৱৰে।
আনহাতে কেন্দ্রীয় শিক্ষা মন্ত্রী গৰাকীয়ে স্কুলীয়া শিক্ষা সন্দৰ্ভত উন্মোচন কৰা Performance Grading Index তো অসমৰ শিক্ষাখণ্ডৰ স্হান একেবাৰে শেষৰফালে বুলি উল্লেখ কৰে কোঁৱৰে।

Apply Now

অসমৰ শিক্ষাখণ্ডৰ এই পুতৌজনক অৱস্থা সমগ্র ৰাজ্যবাসীৰ বাবে অত্যন্ত দুৰ্ভাগ্যজনক আৰু এইয়া বিজেপি চৰকাৰৰ চুড়ান্ত বিফলতা হিচাপে আখ্যা দিয়ে কোঁৱৰে।
তাৰোপৰি অন্য তথ্য অনুসৰি অসমত প্ৰশিক্ষিত শিক্ষকৰ শতকৰা হাৰ মাত্র ২৯.২৯% বুলি উল্লেখ কৰি কোঁৱৰে কয় ‘অসমৰ উচ্চ মাধ্যমিক বিদ্যালয়ত প্ৰশিক্ষিত শিক্ষকৰ সংখ্যা দেশৰ ভিতৰতে সৰ্বনিম্ন।

উচ্চ মাধ্যমিকত আধাতে বিদ্যালয় এৰা শিক্ষার্থীৰ ক্ষেত্রত অসমৰ স্হান দ্বিতীয়।‘
ইপিনে, অসমৰ প্ৰতি ১০০ গৰাকী শিক্ষার্থীৰ বিপৰীতে ৩১.৪৭ গৰাকীয়ে আধাতে নৱম আৰু দশম শ্রেণীত বিদ্যালয় এৰে বুলি উল্লেখ কৰি কোঁৱৰে আৰু কয় ‘মুঠতে এক তথৈবচ অৱস্থা ।শিক্ষা ক্ষেত্রৰ অন্যান্য সূচকাংক বিলাকতো আমাৰ অৱস্থা আশানুৰূপ নহয়।‘
কোঁৱৰে প্ৰশ্ন কৰে ‘জাতীয় জীৱনৰ ভৱিষ্যত নিৰ্মাণৰ লগত জড়িত এই গুৰুত্বপূর্ণ বিভাগটোৰ অৱস্থা ইমান তথৈবচ কিয় হ’বলৈ পাইছে?

‘আজি এমাহৰ আগলৈকে বিগত প্ৰায় ৮ বছৰ ধৰি বৰ্তমানৰ মুখ্যমন্ত্রী ডাঙৰীয়াই দেখোন বহুল প্ৰচাৰিত দক্ষ মন্ত্রী হিচাবে বিভাগটোৰ দায়িত্বভাৰ চম্ভালি আছিল! কিন্তু আজি কেন্দ্রীয় চৰকাৰ, NITI আয়োগ আদিৰ প্ৰতিবেদনসমূহে দেখোন তেখেতৰ দক্ষতাৰ সাৰশূন্যতাহে প্ৰমাণ কৰিছে!’ মুখ্যমন্ত্ৰীক কটাক্ষ কৰি কোঁৱৰে এইদৰে কয়।

তেওঁ লগতে কয় ‘এইটোও প্ৰতিপন্ন হৈছে যে কেৱল বাকপটুতা, প্ৰদৰ্শনকামিতা আৰু কৰ্মচঞ্চলতাই দক্ষতা নিৰূপণ নকৰে।‘

বিজেপি নেতৃত্বাধীন অসম চৰকাৰক প্ৰশ্ন কৰি কোঁৱৰে পুনৰ কয় ‘ৰাজ্যখনৰ বহুল প্ৰচাৰিত “গুণোৎসৱ”ৰ দৰে কাৰ্য্যসূচীসমূহে আমাৰ শিক্ষা ব্যৱস্থালৈ একো গুণগত পৰিৱর্তন আনিবলৈ সক্ষম নহ’ল নেকি? প্ৰদেশ কংগ্ৰেছে আশা কৰিম যে মুখ্যমন্ত্রী ডাঙৰীয়াই এই প্ৰতিবেদনৰ নেতিবাচক দিশসমূহ ইতিবাচক দৃষ্টিভংগীৰে গ্রহণ কৰি আঁসোৱাহ সমূহ দূৰ কৰিব।
কাৰণ প্ৰাক্তন শিক্ষা মন্ত্রী গৰাকীয়েই যিহেতু এতিয়া মুখ্যমন্ত্রী হিচাপে দায়িত্বভাৰ গ্রহণ কৰিছে। গতিকে তেওঁ শিক্ষা মন্ত্রী হিচাবে যিখিনি ব্যর্থতাৰ অভিজ্ঞতা লভিলে এতিয়া মুখ্যমন্ত্রী হিচাপে সেই বিফলতা সমূহৰ শিক্ষাক সঠিক বিশ্লেষণ কৰি যথোপযুক্ত ব্যৱস্থা গ্রহণ কৰিব।‘
অসম প্রদেশ কংগ্রেছ কমিটিৰ হৈ কোঁৱৰে মুখ্যমন্ত্রীক আহ্বান জনাই কয় ‘তেওঁ বিষয়টো অতি গভীৰভাৱে বিবেচনা কৰক। প্ৰদৰ্শনকামিতাৰ পৰিৱর্তে বিভাগটোৰ প্ৰকৃত কেৰোণ আৰু দুৰ্বলতা সমূহ পুংখানুপুংখ ভাৱে বিশ্লেষণ কৰি সংস্কাৰমূলক ব্যৱস্থা গ্রহণ কৰক। চমক সৃষ্টিকাৰী আঁচনি, ছাত্র-ছাত্রীক বুলেট- স্কুটি প্ৰদান কৰাতকৈ গুণগত শিক্ষা প্ৰদানৰ বাবে যথোপযুক্ত ব্যৱস্থা আৰু আন্তঃগাঁথনি নিৰ্মাণত বেছি গুৰুত্ব দিলে ভাল হয় নেকি তাকো চাওক।‘
তেওঁ লগতে কয় ‘প্ৰয়োজন হ’লে গুণগত শিক্ষা প্ৰাপ্তিৰ ক্ষেত্রত পাৰদর্শিতা প্ৰদৰ্শন কৰা অন্য ৰাজ্য সমূহৰ বা বিদেশৰ পৰা আৰ্হি গ্রহণ কৰক।

‘ৰাজ্যখনৰ শৈক্ষিক দিশতে যদি উত্তৰণ আনিব নোৱাৰে তেন্তে আপুনি কেনেকৈ দেশৰ আগশাৰীৰ প্ৰথম ৫ খন ৰাজ্যৰ ভিতৰত অসমৰ নাম আনিব পাৰিব?’ এই প্ৰশ্ন কৰি কোঁৱৰে আৰু কয় ‘দুৰ্বলতা সমূহক সবলতালৈ ৰূপান্তৰ কৰিব নোৱাৰিলে আপোনাৰ এই প্ৰতিশ্ৰুতিও সদায়েই ভাষণৰ ফুলজাৰিয়েই হৈ থাকিব। মাথো বাক্ চাতুয্যতা আৰু প্ৰদৰ্শন কামিতাই সাময়িকভাৱেহে সকাহ দিব। শিক্ষা খণ্ডৰ দুৰ্বলতা আৰু আঁসোৱাহ সমূহ কেতিয়াও দূৰ নহ’ব।‘

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

টাইম আলোচনীৰ ২০২৬ বৰ্ষৰ তালিকা: বিশ্বৰ ১০০ প্ৰভাৱশালী খেলুৱৈৰ ভিতৰত একমাত্ৰ ভাৰতীয় হিচাপে উজ্বলিল স্মৃতি মান্ধানা

টাইম আলোচনীৰ ২০২৬ বৰ্ষৰ তালিকা: বিশ্বৰ ১০০ প্ৰভাৱশালী খেলুৱৈৰ ভিতৰত একমাত্ৰ ভাৰতীয় হিচাপে উজ্বলিল স্মৃতি মান্ধানা

June 16, 2026 1:59 pm
নিদান পত্ৰ অবিহনে ঔষধৰ দোকানৰ পৰা আৰু ক্ৰয় কৰিব নোৱাৰিব কোনো চিৰাপ; জনালে কেন্দ্ৰই

নিদান পত্ৰ অবিহনে ঔষধৰ দোকানৰ পৰা আৰু ক্ৰয় কৰিব নোৱাৰিব কোনো চিৰাপ; জনালে কেন্দ্ৰই

June 16, 2026 1:29 pm
খেল শেষ, দেশ এৰক! আমেৰিকাত থকাৰ অনুমতি নাপালে ইৰাণে; ক্ষোভ উজাৰিলে প্ৰশিক্ষকে

খেল শেষ, দেশ এৰক! আমেৰিকাত থকাৰ অনুমতি নাপালে ইৰাণে; ক্ষোভ উজাৰিলে প্ৰশিক্ষকে

June 16, 2026 12:44 pm
টেক অফৰ পিছতে দুৰ্যোগ! কেলিফৰ্ণিয়াত ভাঙি পৰিল আমেৰিকাৰ বোমাৰু বিমান, ৮ জনৰ মৃত্যু

টেক অফৰ পিছতে দুৰ্যোগ! কেলিফৰ্ণিয়াত ভাঙি পৰিল আমেৰিকাৰ বোমাৰু বিমান, ৮ জনৰ মৃত্যু

June 16, 2026 11:34 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টাইম আলোচনীৰ ২০২৬ বৰ্ষৰ তালিকা: বিশ্বৰ ১০০ প্ৰভাৱশালী খেলুৱৈৰ ভিতৰত একমাত্ৰ ভাৰতীয় হিচাপে উজ্বলিল স্মৃতি মান্ধানা

টাইম আলোচনীৰ ২০২৬ বৰ্ষৰ তালিকা: বিশ্বৰ ১০০ প্ৰভাৱশালী খেলুৱৈৰ ভিতৰত একমাত্ৰ ভাৰতীয় হিচাপে উজ্বলিল স্মৃতি মান্ধানা

June 16, 2026 1:59 pm
নিদান পত্ৰ অবিহনে ঔষধৰ দোকানৰ পৰা আৰু ক্ৰয় কৰিব নোৱাৰিব কোনো চিৰাপ; জনালে কেন্দ্ৰই

নিদান পত্ৰ অবিহনে ঔষধৰ দোকানৰ পৰা আৰু ক্ৰয় কৰিব নোৱাৰিব কোনো চিৰাপ; জনালে কেন্দ্ৰই

June 16, 2026 1:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd