DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, January 28, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

ৰাহুল গান্ধীক ভগৱান ৰামৰ সৈতে তুলনা ছলমান খুৰশ্বিদৰ: হিন্দুক আস্থাক অপমানৰ অভিযোগ বিজেপিৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 27, 2022 8:14 am
Salman Khurshid
83
VIEWS
Share on FacebookShare on Twitter

অব্যাহত আছে তিনিমাহ অতিক্ৰম কৰা কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা কাৰ্যসূচী। ৰাহুল গান্ধীৰ নেতৃত্বত এই যাত্ৰা ইতিমধ্যে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত উপস্থিত হৈছে। ভাৰত জোড়ো যাত্ৰাৰ মাজতে ৰাহুল গান্ধীক ৰামায়ণৰ প্ৰধান চৰিত্ৰ তথা হিন্দু ধৰ্মত ভগৱান ৰূপে আৰাধ্য ৰামৰ লগত তুলনা কৰি চৰ্চালৈ আহিছে জেষ্ঠ কংগ্ৰেছ নেতা ছলমান খুৰশ্বিদ।

সোমবাৰে এক সংবাদমেল সম্বোধন কৰি খুৰশ্বিদে ৰাহুল গান্ধীক এক অতিমানৱ আখ্যা দিয়ে। “আমি ঠাণ্ডাত জেকেট পিন্ধি থকাৰ সময়ত তেওঁ টি-চাৰ্ট পিন্ধি ভাৰত জোড়ো যাত্ৰাৰ বাবে ওলাই গৈছে। তেওঁ নিজৰ তপস্যা মনোযোগেৰে কৰা এগৰাকী যোগীৰ দৰে।”- খুৰশ্বিদে কয়।

সংবাদমেলতে প্ৰবীণ নেতাগৰাকীয়ে ৰাহুল গান্ধীক ভগৱান ৰামৰ সৈতে আৰু কংগ্ৰেছক ভৰতৰ সৈতে তুলনা কৰে। খুৰশ্বিদে লগতে কয়, “ভগৱান ৰামৰ খৰম বহু দূৰলৈ যায়। কেতিয়াবা যদি ৰাম কোনো ঠাইলৈ যাব নোৱাৰে ভৰতে খৰমযোৰ লৈ সেই স্থানলৈ যায়। ঠিক ভৰতৰ দৰেই আমিও উত্তৰ প্ৰদেশত খৰম কঢ়িয়াই লৈ ফুৰিছো। এতিয়া খৰম উত্তৰ প্ৰদেশ পোৱাৰ লগে লগে ৰাম ৰাহুল গান্ধীও উপস্থিত হ’ব।”

ইফালে ‘ভাৰত ভাড়ো যাত্ৰা’ৰ সময়ত ক’ভিড প্ৰট’কল মানি চলিবলৈ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ৰাহুল গান্ধীলৈ প্ৰেৰণ পত্ৰ সন্দৰ্ভত এক প্ৰশ্নৰ উত্তৰত খুৰশ্বিদে কয় যে ক’ভিদক লৈ কংগ্ৰেছৰ বাবে একচেটিয়া নিৰ্দেশনা থাকিব নোৱাৰে। যেতিয়াই এক সামূহিক নিৰ্দেশনা জাৰি হ’ব তেতিয়াই দলটোৱে এই নীতি নিয়ম মানি চলিব বুলি মন্তব্য কৰে জেষ্ঠ নেতাগৰাকীয়ে।

“যদি কোনো বৈজ্ঞানিক প্ৰট’কল এই দেশৰ বাবে প্ৰযোজ্য হয়, তেন্তে সেয়া আমাৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব। কিন্তু ক’ভিদ কেৱল কংগ্ৰেছৰ বাবে আহিব, বিজেপিৰ বাবে নাহে- এনে হ’ব নোৱাৰে। কোনোবাই যদি প্ৰট’কল মানি চলে আমিও মানি চলিম। কিন্তু এতিয়া দেশত কোনো প্ৰট’কল নাই।”— খুৰশ্বিদে লগতে কয়।

ইফালে খুৰশ্বিদৰ ৰাম সন্দৰ্ভত এই মন্তব্যৰ পাছতে বিজেপিৰ শ্বেহজাদ পুনাৱাল্লাই এক টুইট যোগে খুৰশ্বিদৰ এই মন্তব্যক হিন্দু আস্থাৰ প্ৰতি অপমান বুলি বুলি অভিহিত কৰে। বিজেপি নেতাগৰাকীয়ে লগতে খুৰশ্বিদৰ এই মন্তব্যৰ সৈতে ৰাহুল গান্ধী একমত নেকি বুলিও প্ৰশ্ন উত্থাপন কৰিছে।

টুইটটোত পুনাৱাল্লাই কয়, “ছলমান খুৰশ্বিদে ৰাহুল গান্ধীক ভগৱান শ্ৰী ৰামৰ সৈতে তুলনা কৰে, নিজকে ভাৰতৰ সৈতে তুলনা কৰে!! আচৰিত! তেওঁ কাৰোবাক আন ধৰ্মৰ ভগৱানৰ সৈতে তুলনা কৰিবলৈ সাহস কৰিবনে? ৰামৰ অস্তিত্ব অস্বীকাৰ কৰাৰ পিছত, ৰাম মন্দিৰক বাধা দিয়াৰ পিছত এতিয়া হিন্দু আস্থাক অপমান! এই কথাত ৰাহুলে একমত নেকি?”

উল্লেখ্য যে শনিবাৰে ভাৰত জোড়ো যাত্ৰাই দেশৰ ৰাজধানী দিল্লীত প্ৰৱেশ কৰিছিল। যাত্ৰাৰ সমৰ্থনত ওলাই অহা বিশাল জনসমাগমক সম্বোধি লালকিল্লাৰ বাকৰিত এক ভাষণত ৰাহুল গান্ধীয়ে তীব্ৰ সমালোচনা কৰিছিল বিজেপি চৰকাৰক। ভাষণত গান্ধীয়ে বিজেপিয়ে দেশত ঘৃণা বিয়পাই দিয়াৰ অভিযোগ তুলি ভাৰত জোড়ো যাত্ৰাৰ জৰিয়তে কংগ্ৰেছে প্ৰেমৰ বাণী প্ৰচাৰ কৰা বুলি মন্তব্য কৰিছিল।

সম্প্ৰতি দিল্লীৰ মাজেৰে যাত্ৰা অব্যাহত ৰখা এই ভাৰত জোড়ো যাত্ৰাই দিল্লীৰ পাছত উত্তৰ প্ৰদেশত প্ৰৱেশ কৰিব। ৰাজ্যখনত যাত্ৰাত অংশগ্ৰহণৰ বাবে কংগ্ৰেছে উত্তৰ প্ৰদেশৰ বিৰোধী নেতা অখিলেশ যাদৱৰ লগতে মায়াৱতীকো আমন্ত্ৰণ জনাইছে বুলি জানিব পৰা গৈছে।

Recent News

‘পাগলখানা হ’ল এই দেশ!’, পাঠান চাবলৈ ছবিগৃহত ভিৰ দেখি প্ৰাক্তন ন্যায়াধীশৰ উদ্ভট মন্তব্য

‘পাগলখানা হ’ল এই দেশ!’, পাঠান চাবলৈ ছবিগৃহত ভিৰ দেখি প্ৰাক্তন ন্যায়াধীশৰ উদ্ভট মন্তব্য

ভাৰত জোড়ো যাত্ৰালৈ কাশ্মীৰতো বিপুল সহাঁৰি : ৰাহুলৰ যাত্ৰাত যোগদান মেহবুবা মুফতীৰ

ভাৰত জোড়ো যাত্ৰালৈ কাশ্মীৰতো বিপুল সহাঁৰি : ৰাহুলৰ যাত্ৰাত যোগদান মেহবুবা মুফতীৰ

আকৌ সংকটত পৰিব নেকি মোদী চৰকাৰ? পুনৰ আৰম্ভ হৈছে কৃষক আন্দোলন!

আকৌ সংকটত পৰিব নেকি মোদী চৰকাৰ? পুনৰ আৰম্ভ হৈছে কৃষক আন্দোলন!

চৰকাৰৰ সুৰতে সুৰ মিলাই চলিছে অসমৰ প্ৰচাৰ মাধ্যম!

চৰকাৰৰ সুৰতে সুৰ মিলাই চলিছে অসমৰ প্ৰচাৰ মাধ্যম!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd