NORTHEAST NOW (Assamese)

কাশ্মীৰত ধাৰা ৩৭০ প্ৰত্যাহাৰ প্ৰসংগত কংগ্ৰেছত বিভাজন!

August 6, 2019 9:22 am · এন ই নাও নিউজ

সোমবাৰে জম্মু-কাশ্মীৰত ধাৰা ৩৭০ আৰু ৩৫এ প্ৰত্যাহাৰ কৰি ৰাজ্য পুনৰ্গঠন প্ৰসংগৰ বিষয়টোকলৈ কংগ্ৰেছৰ মাজত দুটা গোটৰ সৃষ্টি হোৱা দেখা গ’ল।

ৰাজ্যসভাত কংগ্ৰেছৰ চীফ হুইপ ভুৱনেশ্বৰ কলিতাই কাশ্মীৰ প্ৰসংগত দলৰ স্থিতিক সমালোচনা কৰি ইতিমধ্যে ৰাজ্যসভাৰ পৰা পদত্যাগ কৰিছে।

আনহাতে, দলটোৰ মিডিয়া বিভাগৰ আনুষ্ঠানিক হোৱাটছ এপ গ্ৰুপত দলৰ নেতাৰ মাজত বিষয়টোৰ পক্ষে-বিপক্ষে বিতৰ্কৰ সৃষ্টি হয়।

একাংশ নেতাই দলৰ বিৰোধী স্থিতিৰ সৈতে সহমত পোষণ কৰিলেও আন একাংশই ইয়াৰ বিৰোধ কৰাৰ ফলত দলটো  ৰাজনৈতিকভাৱে ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনাই দেখা দিছে।

দলৰ কিছুমান নেতা কাশ্মীৰ প্ৰসংগত দলৰ তীব্ৰ বিৰোধিতাৰ স্থিতিৰ প্ৰতি অসন্তুষ্ট। কিন্তু পৰিস্থিতিলৈ লক্ষ্য ৰাখি তেওঁলোকে মৌনতা অৱলম্বন কৰিছে।

জ্যেষ্ঠ কংগ্ৰেছ নেতা জনাৰ্দন দ্বিবেদী।

কংগ্ৰেছে সামগ্ৰিকভাৱে জম্মু-কাশ্মীৰৰ পৰা ধাৰা ৩৭০ প্ৰত্যাহাৰ আৰু জম্মু-কাশ্মীৰ পুনৰ্গঠন বিধেয়কৰ তীব্ৰ বিৰোধিতা কৰিছে যদিও দলৰ একাংশ নেতাই দলীয় লাইনৰ পৰা আঁতৰি মতামত পোষণ কৰিছে।

এইক্ষেত্ৰত কেইবাজনো যুৱ নেতাও আছে। কংগ্ৰেছৰ প্ৰাক্তন সাংসদ দ্বীপেন্দ্ৰ সিং হুদা আৰু মুম্বাই কংগ্ৰেছৰ অধ্যক্ষ মিলিন্দ দেওৰাই নৰেন্দ্ৰ মোদী চৰকাৰৰ সিদ্ধান্তক সমৰ্থন কৰিছে।

হুদাই টুইটত লিখিছে,’’মোৰ ব্যক্তিগত মত হ’ল যে একবিংশ শতিকাত ধাৰা ৩৭০ৰ যথাৰ্থতা নাই আৰু ইয়াক প্ৰত্যাহাৰ কৰিব লাগে।‘’

তেওঁ লগতে লিখিছে,’’ এইটো কেবল দেশৰ অখণ্ডতাৰ কাৰণেই নহয়, বৰঞ্চ আমাৰ দেশৰ অৱিচ্ছেদ্য অংগ জম্মু-কাশ্মীৰৰ হিতৰ বাবেও প্ৰয়োজন। এতিয়া ইয়াৰ কাৰ্যব্যৱস্থা গ্ৰহণত শান্তি আৰু বিশ্বাসৰ পৰিৱেশ অটুট ৰখাটো চৰকাৰৰ দায়িত্ব।‘’

ইপিনে, কংগ্ৰেছৰ এগৰাকী জ্যেষ্ঠ নেতা জনাৰ্দন দ্বিবেদীয়েও ধাৰা ৩৭০ প্ৰত্যাহাৰক আদৰণি জনাইছে।

দ্বিবেদীয়ে কয় যে মোৰ ৰাজনৈতিক গুৰু ৰাম মনোহৰ লোহিয়াই সদায়েই এই অনুচ্ছেদৰ বিৰোধী আছিল।

তেওঁ কয়, ‘’ইতিহাসৰ এটা ভুলৰ আজি শুধৰণি কৰা হ’ল।‘’

কংগ্ৰেছৰ আৰু অনেক নেতাই কাশ্মীৰ প্ৰসংগত দলীয় স্থিতিৰ বিৰুদ্ধে মুকলিকৈ মতামত প্ৰকাশ কৰাৰ সম্ভাৱনা আছে।

Related News