• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কাশ্মীৰত ধাৰা ৩৭০ প্ৰত্যাহাৰ প্ৰসংগত কংগ্ৰেছত বিভাজন!

NE NOW NEWS এন ই নাও নিউজ
নতুন দিল্লী , August 6, 2019 9:22 am

2 min read

125068-fpgrlstbfl-1565026121
1.7k
VIEWS
Share on FacebookShare on Twitter

সোমবাৰে জম্মু-কাশ্মীৰত ধাৰা ৩৭০ আৰু ৩৫এ প্ৰত্যাহাৰ কৰি ৰাজ্য পুনৰ্গঠন প্ৰসংগৰ বিষয়টোকলৈ কংগ্ৰেছৰ মাজত দুটা গোটৰ সৃষ্টি হোৱা দেখা গ’ল।

ৰাজ্যসভাত কংগ্ৰেছৰ চীফ হুইপ ভুৱনেশ্বৰ কলিতাই কাশ্মীৰ প্ৰসংগত দলৰ স্থিতিক সমালোচনা কৰি ইতিমধ্যে ৰাজ্যসভাৰ পৰা পদত্যাগ কৰিছে।

আনহাতে, দলটোৰ মিডিয়া বিভাগৰ আনুষ্ঠানিক হোৱাটছ এপ গ্ৰুপত দলৰ নেতাৰ মাজত বিষয়টোৰ পক্ষে-বিপক্ষে বিতৰ্কৰ সৃষ্টি হয়।

একাংশ নেতাই দলৰ বিৰোধী স্থিতিৰ সৈতে সহমত পোষণ কৰিলেও আন একাংশই ইয়াৰ বিৰোধ কৰাৰ ফলত দলটো  ৰাজনৈতিকভাৱে ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনাই দেখা দিছে।

দলৰ কিছুমান নেতা কাশ্মীৰ প্ৰসংগত দলৰ তীব্ৰ বিৰোধিতাৰ স্থিতিৰ প্ৰতি অসন্তুষ্ট। কিন্তু পৰিস্থিতিলৈ লক্ষ্য ৰাখি তেওঁলোকে মৌনতা অৱলম্বন কৰিছে।

janardan-dwivedi-1565018443
জ্যেষ্ঠ কংগ্ৰেছ নেতা জনাৰ্দন দ্বিবেদী।

কংগ্ৰেছে সামগ্ৰিকভাৱে জম্মু-কাশ্মীৰৰ পৰা ধাৰা ৩৭০ প্ৰত্যাহাৰ আৰু জম্মু-কাশ্মীৰ পুনৰ্গঠন বিধেয়কৰ তীব্ৰ বিৰোধিতা কৰিছে যদিও দলৰ একাংশ নেতাই দলীয় লাইনৰ পৰা আঁতৰি মতামত পোষণ কৰিছে।

এইক্ষেত্ৰত কেইবাজনো যুৱ নেতাও আছে। কংগ্ৰেছৰ প্ৰাক্তন সাংসদ দ্বীপেন্দ্ৰ সিং হুদা আৰু মুম্বাই কংগ্ৰেছৰ অধ্যক্ষ মিলিন্দ দেওৰাই নৰেন্দ্ৰ মোদী চৰকাৰৰ সিদ্ধান্তক সমৰ্থন কৰিছে।

হুদাই টুইটত লিখিছে,’’মোৰ ব্যক্তিগত মত হ’ল যে একবিংশ শতিকাত ধাৰা ৩৭০ৰ যথাৰ্থতা নাই আৰু ইয়াক প্ৰত্যাহাৰ কৰিব লাগে।‘’

তেওঁ লগতে লিখিছে,’’ এইটো কেবল দেশৰ অখণ্ডতাৰ কাৰণেই নহয়, বৰঞ্চ আমাৰ দেশৰ অৱিচ্ছেদ্য অংগ জম্মু-কাশ্মীৰৰ হিতৰ বাবেও প্ৰয়োজন। এতিয়া ইয়াৰ কাৰ্যব্যৱস্থা গ্ৰহণত শান্তি আৰু বিশ্বাসৰ পৰিৱেশ অটুট ৰখাটো চৰকাৰৰ দায়িত্ব।‘’

ইপিনে, কংগ্ৰেছৰ এগৰাকী জ্যেষ্ঠ নেতা জনাৰ্দন দ্বিবেদীয়েও ধাৰা ৩৭০ প্ৰত্যাহাৰক আদৰণি জনাইছে।

দ্বিবেদীয়ে কয় যে মোৰ ৰাজনৈতিক গুৰু ৰাম মনোহৰ লোহিয়াই সদায়েই এই অনুচ্ছেদৰ বিৰোধী আছিল।

তেওঁ কয়, ‘’ইতিহাসৰ এটা ভুলৰ আজি শুধৰণি কৰা হ’ল।‘’

কংগ্ৰেছৰ আৰু অনেক নেতাই কাশ্মীৰ প্ৰসংগত দলীয় স্থিতিৰ বিৰুদ্ধে মুকলিকৈ মতামত প্ৰকাশ কৰাৰ সম্ভাৱনা আছে।

Recent News

WhatsApp Image 2021-01-24 at 11.18.24 AM

আমষ্টাৰডামত গ্ৰেপ্তাৰ এছিয়াৰ ‘ম’ষ্ট ৱান্টেড ড্ৰাগছ সম্ৰাট’ চে চি লোপ

Story-8-15-1140x570-750x375

দেশত জীৱশ্ৰেষ্ঠৰ বৰ্বৰ কাণ্ড! নাহৰফুটুকী মাৰি মাংস খোৱাৰ অপৰাধত গ্ৰেপ্তাৰ হ’ল ৫জন

EsaeaS7VcAArt3Q-1140x570

দুখনকৈ জনসভাত অংশ লৈ আজি বিধানসভা নিৰ্বাচনৰ ৰণডংকা বজাব অমিত শ্বাহে!

32337043_2010270292557153_5893369135034793984_n-643x375

বিশিষ্ট নাট্যকাৰ সেৱাব্ৰত বৰুৱাৰ পৰলোকপ্ৰাপ্তি; শোকস্তব্ধ ভ্ৰাম্যমান জগত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd