চলি আছে দেশৰ দুই ৰাজ্য হিমাচলপ্ৰদেশ আৰু গুজৰাটৰ বিধান সভা নিৰ্বাচনৰ ভোট গণনা। গণনাই যেন উশাহ চুটি কৰি আনিছে ৰাজনৈতিক নেতা, প্ৰাৰ্থী তথা সাধৰণ নাগৰিকক।
এইবাৰ যেন হিমাচলত সলনি হৈছে ৰাজনীতিৰ গতি বিধি। জয় ৰাম ঠাকুৰৰ বিজেপি চৰকাৰক পিছ পেলাই ভোট গণনাত আগবাঢ়িছে ৰাহুল বাহিনী। ভাৰতীয় জনতা পাৰ্টিতকৈ আগুৱাই আছে কংগ্ৰেছ।
১২.৩০ বজাৰ ভোট গণনাৰ তথ্য অনুসৰি বিজেপিয়ে ২৬ খন আসনত আগুৱাই থকাৰ বিপৰীতে কংগ্ৰেছ আগুৱাই আছে ৩৯ খন আসনত। অৰ্থাৎ হিমাচলত ৯ খন আসনত আগুৱাই আছে কংগ্ৰেছ। আনহাতে এতিয়ালৈকে এখনো আসনত লীডত থকা নাই আম আদমী পাৰ্টি।
আৰু কেইটামান ঘন্টাৰ পিছতেই উলাব হিমাচল প্ৰদেশৰ প্ৰকৃত ফলাফল। ইতিমধ্যেই হিমাচলত উৎফুল্লিত হৈ পৰিছে কংগ্ৰেছ দল। বিজেপিক আঁতৰাই কংগ্ৰেছৰ চৰকাৰ গঠন কৰাৰ সম্ভাৱনাই দেখা দিছে হিমাচল প্ৰদেশত।