• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নিজৰ ‘ৱাদা’ ৰাখিলে কংগ্ৰেছ তাৰকা ৰূপজ্যোতিয়ে; ‘সক্ৰিয়’ ৰাজনীতিৰ পৰা ল’লে সন্যাস

সক্ৰিয় ৰাজনীতিত নাথাকো বুলি ক’লে যদিও সোঁৱৰাই গ’ল বিজেপিয়ে দিয়া ৱাডা-কচম’ৰ কথা

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , October 26, 2019 7:50 am

2 min read

Rupjyoti-Kurmi-750x375

কংগ্ৰেছ বিধায়ক ৰূপজ্যোতি কুৰ্মী

15.7k
VIEWS
Share on FacebookShare on Twitter

উপ নিৰ্বাচনৰ প্ৰচাৰৰ মাজতে যোৱা ১৫ অক্টোবৰত সোণাৰিত এক সংবাদমেল সম্বোধন কৰি চাৰিওটা সমষ্টিতে কংগ্ৰেছৰ প্ৰাৰ্থী জয়ী নহ’লে ৰাজনীতি ত্যাগ কৰিম বুলি হুংকাৰ দিছিল মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে।

ৰূপজ্যোতিয়ে কৰা সেই ‘ৱাডা’(কথা) ৰাখি শুকুৰবাৰে মৰিয়নীত এক সংবাদমেল সম্বোধন কৰি ‘সক্ৰিয়’ ৰাজনীতিৰ পৰা সন্যাস লোৱাৰ কথা ঘোষণা কৰে।

‘’মই সক্ৰিয় ৰাজনীতি এৰিম, মেল-মিটিঙতো মোক নাপাব, ৰাজনৈতিক প্ৰচাৰ অভিযানতো মই নাথাকিম,’’-সংবাদমেলত এইদৰে কয় ৰূপজ্যোতিয়ে।

ইপিনে, ৰাজনীতি ত্যাগ কৰিম বুলি কিয় হুংকাৰ দিছিল তাৰো কাৰণ বাখ্যা কৰে ৰূপজ্যোতিয়ে।

‘’কেন্দ্ৰ-ৰাজ্যত বিজেপি দলৰ চৰকাৰ, আমাৰ ওচৰত টকা নাই, হেলিকপ্তাৰ নাই আমি কেনেকৈ বিজেপি দলৰ লগত যুঁজ দিম? কংগ্ৰেছৰ দলীয় কৰ্মীসকলো ক’ৰবাত মানসিকভাৱে বহি পৰিবলগীয়া হৈছে। মই ৰাজনীতি এৰিম বুলি দিয়া হুংকাৰৰ উদ্দেশ্য আছিল কংগ্ৰেছৰ কৰ্মীসকলক মানসিকভাৱে অলপমান সাহস আৰু মনোবল দিয়া,’’-ৰূপজ্যোতিয়ে কয়।

আনহাতে, সক্ৰিয় ৰাজনীতিত নাথাকে বুলি বিধায়কগৰাকীয়ে ঘোষণা কৰিলে যদিও সোণোৱাল চৰকাৰে নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতিৰ কথা সোঁৱৰাই দিয়ে। ‘ৱাডা বা কচম’ বিজেপিয়ে কিমান খাইছিল বুলিও প্ৰশ্ন কৰে বিধায়কগৰাকীয়ে।

‘’বিজেপি দলৰ কোনোবা যদি মাইকেলাল আছে, তেওঁলোকে এখন হোৱাইট পেপাৰ দিয়ক, তেওঁলোকে ২০১৪ আৰু ২০১৬ চনৰ আগত আৰু শেহতীয়াকৈ ২০১৯ চনৰ আগত তেওঁলোকে যিবিলাক প্ৰতিশ্ৰুতি দিছিল সেইবোৰ কিমান পূৰণ কৰিলে আৰু থকা কাৰ্য্যকালত কিমান পূৰণ কৰিব ইয়াৰ এক হোৱাইট পেপাৰ লাগে,’’-বিজেপিলৈ বিধায়কগৰাকীৰ প্ৰত্যাহ্বান।

ইপিনে,‘’শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ কৰিলে নে? ভিজন ডকুমেন্টৰ কিমান আখৰে আখৰে পালন কৰিলে? বুলি প্ৰশ্ন কৰি ৰূপজ্যোতিয়ে লগতে কয়, ‘’তেনেকুৱা ৱাডা কচম কিমান খাইছিল সেইখিনি পূৰণ কৰিলে নে?’’

‘’পাঁচ লাখ নিৱনুৱা যুৱকক চাকৰি দিম বুলি কৈছিল, সেই হিচাপত ৫ বছৰত ২৫ লাখ চাকৰি দিব লাগে, এতিয়া চাৰি বছৰ পূৰ হ’বৰ হ’ল ২০ লাখ চাকৰি দিব পাৰিব লাগিছিল, এতিয়া কেইটা চাকৰি দিলে আমাক হোৱাইট পেপাৰত লাগে,’’- ৰূপজ্যোতিৰ দাবী।

অৱশ্যে সক্ৰিয় ৰাজনীতি এৰিলেও বিধায়ক পদটো নেৰে ৰূপজ্যোতি কুৰ্মীয়ে। তেওঁ ৰাজনীতি ত্যাগ কৰিলেও বিধায়ক পদৰ পৰা পলায়ন নকৰে বুলি মন্তব্য কৰে।

Recent News

ধৰ্মীয় ঐতিহ্যপূৰ্ণ স্থান সমূহ সংৰক্ষণৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত প্ৰস্তাৱ গ্ৰহণ

ধৰ্মীয় ঐতিহ্যপূৰ্ণ স্থান সমূহ সংৰক্ষণৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত প্ৰস্তাৱ গ্ৰহণ

remote-1140x570

প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈলৈ ‘জেদ+’ ভি আই পি নিৰাপত্তা

a day

এদিনৰ বাবে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী হ’ব এগৰাকী কিশোৰী! কিন্তু কিয় মুখ্যমন্ত্ৰী পাতিবলগীয়া হ’ল তেওঁক?

Debabrata-Saikia22

জনসভাৰ পূৰ্বে নৰেন্দ্ৰ মোদীক শিৱসাগৰক লৈ কৰা পূৰ্বৰ প্ৰতিশ্ৰুতি সোঁৱৰাই দিলে কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd