৫ ৰাজ্যৰ নিৰ্বাচনে প্ৰভাৱ পেলাব বুলি জানিয়ে পঞ্চায়ত নিৰ্বাচন খৰ-খেদাকৈ পাতিছিল বিজেপিয়ে : ৰকিবুল হুছেইন
‘দেশৰ ৫খন ৰাজ্যৰ নিৰ্বাচন আছিল চেমি ফাইনেল। এই খেলত বিজেপি ৫-০ গ’লত পৰাস্ত হৈছে। সাধাৰণতে চেমি ফাইনেলত হাৰিলে ফাইনেললৈ নাযায়। বিজেপি এতিয়া ফাইনেলত নাই।’ এই মন্তব্য প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ।
আজি সন্ধ্যা নগাঁও জিলা কংগ্ৰেছ কাৰ্যালয়ত আয়োজিত এক সংবাদমেলত এইদৰে মন্তব্য কৰি ৰকিবুল হুছেইনে বিজেপিৰ নেতৃত্বত ভাৰতবৰ্ষত চৰকাৰে শাসনভাৰ দখলৰ পিছত ৰাইজ সকলো দিশতে অতিষ্ঠ হৈছে বুলি উল্লেখ কৰি কয়, ‘বিজেপি নেতৃত্বাধীন কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ অহংকাৰী মনোভাৱৰ বাবে আজি তেওঁলোকৰ পতন হৈছে।’
বিজেপিয়ে তেওঁলোকৰ মিত্ৰদল অগপকো ৰাজহুৱা ভাবে তুচ্ছ-তাচ্ছিল্য কৰিবলৈও কুণ্ঠাবোধ নকৰে বুলি উল্লেখ কৰি তেওঁ অগপক সন্মান লাঘৱ কৰি বিজেপিৰ লগত থকাতকৈ কংগ্ৰেছলৈ আহিবলৈ আহ্বান জনায়।
আনহাতে, বিজেপিয়ে অসমত পঞ্চায়ত নিৰ্বাচন পাতিব বিচৰা নাছিল বুলি অভিযোগ কৰি হুছেইনে কয় যে ন্যায়ালয়ৰ হস্তক্ষেপতহে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ’ল। ন্যায়ালয়ে ২০১৯ চনৰ জানুৱাৰীতহে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ দিছিল যদিও দেশৰ পাচঁখন ৰাজ্যত বিধানসভা নিৰ্বাচনত বেয়া ফল ভোগ কৰাৰ আগজাননী পাই ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰে জানুৱাৰীৰ পূৰ্বেই অসমত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিলে বুলি তেওঁ মন্তব্য কৰে।
আজিৰ সংবাদমেলৰ পূৰ্বে কংগ্ৰেছ কাৰ্যালয়ৰ সন্মুখত মন্ত্ৰী গৰাকীৰ উপস্থিতিত শতাধিক কংগ্ৰেছ কৰ্মীয়ে আজি ঘোষিত পাচঁখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনত দলটোৱে ভাল ফল প্ৰদৰ্শন কৰাত আতচ বাজিৰে বিজয় উল্লাস পালন কৰা দেখা যায়।