ৰূপহীহাটত শিলাদিত্যই মুছলমান সম্প্ৰদায়ক লৈ কৰা মন্তব্যক উভতি ধৰিলে বিধায়ক নুৰুল হুদাই

ৰূপহীহাটৰ কংগ্ৰেছ দলৰ বিধায়ক নুৰুল হুদাই শুকুৰবাৰে এক সংবাদমেলৰ জৰিয়তে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীকলৈ বিধায়ক শিলাদিত্যই মুছলমান সম্প্ৰদায়ক আক্ৰমণৰ লক্ষ্য হিচাপে লৈ কৰা বিভিন্ন বিৰ্তকিত মন্তব্যৰ বিৰুদ্ধে ওভতি ধৰে।
সংবাদমেলৰ জৰিয়তে বিধায়ক হুদাই কয় যে, ‘বিধায়ক শিলাদিত্যই সদ্য ঘোষিক এন আৰ চিৰ পৰা ডেৰ কোটি মুছলমান লোক বাদ পৰিব লাগিছিল আৰু ৫৫ হাজাৰ কৰ্মচাৰীয়ে কাম কৰিছে তাৰে ৩০ হাজাৰ অসম বিৰোধী বুলি উল্লেখ কৰিছে।’
লগতে বিধায়ক গৰাকীয়ে কয় যে শিলাদিত্যৰ এনে মন্তব্যই মহামান্য উচ্চতম ন্যায়ালয়ক অৱমাননা কৰাৰ লগতে এন আৰ চিৰ কৰ্তৃপক্ষকো বুঢ়া আঙুলি দেখুৱাইছে।
তাৰোপৰি শিলাদিত্যই এন আৰ চিক লৈ এনে মন্তব্য কৰাৰ পিছতো  প্ৰতীক হাজেলাই চকু মুদা কুলিৰ ভাও লৈ দিন পাৰ কৰা বুলি বিধায়ক গৰাকীয়ে অভিযোগ উত্থাপন কৰে।
উল্লেখযোগ্য যে অহা ২৮ আগষ্টত এন আৰ চিৰ শুনানিৰ দিনা শিলাদিত্যৰ বিৰুদ্ধে এন আৰ চি কৰ্তৃপক্ষই আদালত অৱমাননাৰ গোচৰ দাখিল নকৰিলে এন আৰ চি কৰ্তৃপক্ষৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনাবলৈ প্ৰস্তুত হৈ থকা বুলিও হুংকাৰ প্ৰদান কৰে বিধায়ক গৰাকীয়ে।
ইফালে শুকুৰবাৰে ৰূপহী ব্লক কংগ্ৰেছ কাৰ্যালয়ত অনুষ্ঠিত হোৱা সংবাদমেলত বিধায়ক গৰাকীয়ে শিলাদিত্যই ভাৰতৰ স্বাধীনতাৰ ইতিহাস নাজানে বুলি উল্লেখ কৰি মুছলমানে দেশপ্ৰেম শিলাদিত্যৰ পৰা শিকিব নালাগে বুলিও কটাক্ষ কৰে।